13/08/2026
দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্য্যসূচী আৰু লগতে দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰতিজন ভাৰতীয়ক দেশপ্ৰেম, ভাতৃত্ববোধ আৰু একতাৰ ডোলেৰে উদ্বুদ্ধ কৰা "বন্দে মাতৰম" গীতৰ ১৫০ বছৰীয়া জয়ন্তী "বন্দে মাতৰম @১৫০" বঙাইগাওঁ পৌৰসভা, অসম ৰাজ্যক নগৰীয়া জীৱিকা অভিযান আৰু বঙাইগাওঁ জিলা প্ৰশাসনৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা হয়।
উক্ত অনুষ্ঠানৰ উদ্ধোধনী অনুষ্ঠানত বঙাইগাওঁ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়িকা শ্ৰীমতী দিপ্তিময়ী চৌধুৰী, বঙাইগাওঁ পৌৰসভাৰ পৌৰপতি শ্ৰী সুবোধ চন্দ্ৰ দাস, বঙাইগাওঁ জিলাৰ আয়ুক্ত শ্ৰী লক্ষীনন্দন চহৰীয়া, অ অ সে.,অতিৰিক্ত আয়ুক্ত সকল, সহকাৰী আয়ুক্ত সকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল আৰু লগতে অন্যান্য বিভাগৰ বিষয় ববীয়া, নগৰীয়া জীৱিকা অভিযানৰ সদস্যা সকল তথা বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।