অসম গণ পৰিষদ,চাবুৱা-লাহোৱাল বিধান সভা সমষ্টি

  • Home
  • India
  • Chabua
  • অসম গণ পৰিষদ,চাবুৱা-লাহোৱাল বিধান সভা সমষ্টি

অসম গণ পৰিষদ,চাবুৱা-লাহোৱাল বিধান সভা সমষ্টি ন-সাজেৰে প্ৰগতিশীল জাতীয়তাবাদ আৰু নতুন মুখৰ সমাহাৰেৰে অসম গণ পৰিষদ।
Rijuvenated for progressive regionalism and prosperous assam.

অসম যুৱ পৰিষদ চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ সিদ্ধান্ত মর্মে  কিছুদিন আগত অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ চাবুৱ...
04/07/2026

অসম যুৱ পৰিষদ চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ সিদ্ধান্ত মর্মে কিছুদিন আগত অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক লগতে ফুকনাখাত পঞ্চায়তৰ ৱাৰ্ড সদস্য সমূদ্রজিৎ কোঁৱৰে দলীয় অনুশাসন উলংঘা কৰি গোপনে অন্য ৰাজনৈতিক দলত যোগদান কৰাৰ বাবে অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক আৰু অসম গণ পৰিষদ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হ'ল। সেয়েহে দলৰ নীতি আদৰ্শৰ প্ৰতি নূন্যতম আনুগত্য নথকা সমূদ্রজিৎ কোঁৱৰৰ লগত দলৰ সাংগঠনিক কাম কাজৰ ক্ষেত্ৰত কোনোধৰনৰ দলীয় যোগাযোগ নাৰাখিবলৈ এইয়াৰ দ্বাৰাই আহ্বান জনোৱা হ'ল।

আজি অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সমি...
28/06/2026

আজি অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, শিৱসাগৰ আৰু চৰাইদেউ জিলা তথা জিলাসমূহৰ অন্তৰ্গত সকলো বিধানসভা সমষ্টি সমিতিৰ সভাপতি আৰু সম্পাদকসকলক লৈ এখন পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়।
উক্ত সভাত চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰী পোনাকণ বৰুৱা ডাঙৰীয়া,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা অসম চলচ্চিত্ৰ নিগমৰ উপাধক্ষ্য শ্ৰী সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰী পৰাগ বৰুৱা ডাঙৰীয়া, মাৰ্ঘেৰিটা সমষ্টি সমিতিৰ সভাপতি শ্ৰী প্ৰদীপ ফুকন ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী অনিৰুদ্ধ দত্ত(প্ৰশাসনিক), শ্ৰী ভাস্কৰ জ্যোতি বৰা, শ্ৰী নৰেশ বৰা, সাংগঠনিক সম্পাদক শ্ৰী জয়ন্ত বৰা, শ্ৰী ভাৰ্নিচ চাংমাই, শ্ৰী অৰুণ জ্যোতি চুতীয়া আদি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে অন্তৰ্ভুক্ত সকলো জিলা আৰু বিধানসভা সমষ্টি সমিতিৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে।
সভাত সাংগঠনিক দিশসমূহৰ ওপৰত আলোচনা কৰা হয়।
অসম গণ পৰিষদ,চাবুৱা-লাহোৱাল বিধান সভা সমষ্টি
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Jitu Borgohain জিতু বৰগোঁহাই

🙏অম্বুবাচী মহাযোগৰ পৱিত্ৰ ক্ষণত 🙏শক্তিপীঠ মা কামাখ্যা ধামলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰপৰা অহা সকলো তীৰ্থযাত্ৰী, সাধু-সন...
22/06/2026

🙏অম্বুবাচী মহাযোগৰ পৱিত্ৰ ক্ষণত 🙏
শক্তিপীঠ মা কামাখ্যা ধামলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰপৰা অহা সকলো তীৰ্থযাত্ৰী, সাধু-সন্ন্যাসী আৰু ভক্তিপ্ৰাণ ৰাইজক আন্তৰিক আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। মা কামাখ্যাৰ অপাৰ কৃপা আৰু আশীৰ্বাদত ভক্তি, আস্থা আৰু আধ্যাত্মিকতাৰ এই মহোৎসৱে সকলোৰে জীৱনলৈ শান্তি, সমৃদ্ধি আৰু শুভ শক্তিৰ বাণী কঢ়িয়াই আনক। আত্মশুদ্ধি, মানৱকল্যাণ আৰু ঐক্যৰ এই পৱিত্ৰ সাধনাই সকলোৰে মনোবাঞ্ছা পূৰণ কৰি সমাজত সুখ-শান্তিৰ পৰিবেশ সুদৃঢ় কৰক।
জয় মা কামাখ্যা। 🙏
শুভ অম্বুবাচী মহাযোগ।

“তেজৰ বোলেৰে লিখি যাম ইতিহাস, মচি যাম দীন সমাজৰ হীন পৰিসাৰ।”এই অগ্নিবাণী কেৱল এটা কবিতাৰ পংক্তি নহয়, ই এক যুগৰ সংগ্ৰাম,...
20/06/2026

“তেজৰ বোলেৰে লিখি যাম ইতিহাস, মচি যাম দীন সমাজৰ হীন পৰিসাৰ।”
এই অগ্নিবাণী কেৱল এটা কবিতাৰ পংক্তি নহয়, ই এক যুগৰ সংগ্ৰাম, এক জাতিৰ আত্মমৰ্যাদাৰ আহ্বান। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা ই নিজৰ জীৱনৰ প্ৰতিটো ক্ষণ জাতি, মাটি আৰু মানুহৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। মৃত্যু দিৱসত এই মহান বিপ্লৱী শিল্পীজনক সশ্ৰদ্ধ সোঁৱৰণ কৰি কওঁ ৰাভাদেৱ আছিল অন্যায়, শোষণ আৰু দাসত্বৰ বিৰুদ্ধে গৰ্জি উঠা এক অদম্য কণ্ঠ। তেওঁ শিকাই গৈছে যে জাতিৰ অস্তিত্ব ৰক্ষা কৰিব লাগিলে আত্মসন্মান, সাহস আৰু সংগ্ৰামৰ বিকল্প নাই। তেওঁৰ কলম, কণ্ঠ আৰু কৰ্মই অসমীয়া জাতীয় চেতনাৰ জুই জ্বলায় ৰাখিছিল। আজিও যেতিয়া জাতি-মাটি-ভেটিৰ প্ৰশ্ন উত্থাপিত হয়, তেতিয়া ৰাভাদেৱৰ আদৰ্শ আৰু সংগ্ৰামী চেতনাই আমাক নতুনকৈ পথ দেখুৱায়। জাতীয় স্বাভিমানৰ বাবে আপোচহীন সেই মহান যুঁজাৰুক মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অসমীয়া জাতিৰ আত্মমৰ্যাদাৰ জ্যোতি চিৰদিন জ্বলি থাকক।
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱলৈ মৃত্যু দিৱসত বিনম্ৰ শ্ৰদ্ধাঞ্জলি।

অসম যুৱ পৰিষদ চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি হিমাংশু গোঁহাই ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্...
18/06/2026

অসম যুৱ পৰিষদ চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি হিমাংশু গোঁহাই ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
আপোনাৰ সুস্বাস্থ্য, দীঘায়ু জীৱন, সুখ-শান্তি আৰু আগন্তুক দিনসমূহত অধিক সফলতা কামনা কৰিলোঁ। সমাজ আৰু জাতিৰ কল্যাণৰ বাবে আপোনাৰ নিষ্ঠা, নেতৃত্ব আৰু সেৱামূলক কৰ্মধাৰা অব্যাহত থাকক। জন্মদিনটোৱে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক নতুন উদ্যম, আনন্দ আৰু সাফল্যৰ অসংখ্য সম্ভাৱনা।
শুভ জন্মদিন। 🎂🎉💐

অসমীয়া সংস্কৃতি জগতৰ সুন্দৰৰ পূজাৰী, ৰূপকোঁৱৰ হিচাপে খ্যাত মহান শিল্পী, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ আৰু অসমীয়া চলচ্চি...
17/06/2026

অসমীয়া সংস্কৃতি জগতৰ সুন্দৰৰ পূজাৰী, ৰূপকোঁৱৰ হিচাপে খ্যাত মহান শিল্পী, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ আৰু অসমীয়া চলচ্চিত্ৰৰ জনক
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ১২৩ সংখ্যক জন্মজয়ন্তীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
তেখেতৰ আদৰ্শ, সৃষ্টিশীলতা আৰু জাতীয় চেতনাই চিৰদিন অসমবাসীক প্ৰেৰণা যোগাই থাকিব। 🙏🙏🙏

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত নিজৰ অমূল্য বলিদানেৰে জাতিটোক গৌৰৱান্বিত কৰা অসমৰ বীৰ সন্তান কুশল কোঁৱৰ-লৈ স্মৃতি দিৱসত গভী...
15/06/2026

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত নিজৰ অমূল্য বলিদানেৰে জাতিটোক গৌৰৱান্বিত কৰা অসমৰ বীৰ সন্তান কুশল কোঁৱৰ-লৈ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। দেশমাতৃৰ স্বাধীনতাৰ বাবে তেওঁৰ আত্মত্যাগ, সাহস আৰু আদৰ্শ চিৰদিনেই আমাৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।
তেওঁৰ পবিত্ৰ স্মৃতিক সশ্ৰদ্ধ প্ৰণাম🙏🙏🙏

Dinjoy Panchayat President received TB mukt panchayat achievement
09/06/2026

Dinjoy Panchayat President received TB mukt panchayat achievement

শুভেচ্ছাবাণীচাবুৱা-লাহোৱাল বিধান সভা সমষ্টি সমিতি, অসম গণ পৰিষদ১৯৯৫ চনৰ আজিৰ এই ঐতিহাসিক দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ সংগ...
09/06/2026

শুভেচ্ছাবাণী
চাবুৱা-লাহোৱাল বিধান সভা সমষ্টি সমিতি, অসম গণ পৰিষদ
১৯৯৫ চনৰ আজিৰ এই ঐতিহাসিক দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী মঞ্চৰ পৰা অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰি আঞ্চলিক ৰাজনীতিৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল দলৰ সন্মানীয় সভাপতি অতুল বড়া ডাঙৰীয়া আৰু সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই। আজি সেই গৌৰৱময় ক্ষণৰ ৩১ বছৰত পদাৰ্পণৰ দিনত তেখেতদ্বয়লৈ চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।
তিনিটা দশকজোৰা এই সুদীৰ্ঘ যাত্ৰা কেৱল দুগৰাকী নেতাৰ ৰাজনৈতিক পৰিক্ৰমাই নহয়; ই হৈছে আঞ্চলিক চেতনা, জাতীয় স্বাভিমান, দলীয় দায়বদ্ধতা আৰু জনসেৱাৰ প্ৰতি অবিচল অংগীকাৰৰ এক উজ্জ্বল ইতিহাস। অসমৰ স্বাৰ্থ সুৰক্ষা, প্ৰগতিশীল আঞ্চলিকতাবাদৰ বিকাশ আৰু জাতীয় আত্মমৰ্যাদা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত তেখেতদ্বয়ে আগবঢ়োৱা নেতৃত্ব আগন্তুক প্ৰজন্মৰ বাবেও প্ৰেৰণাৰ উৎস হৈ থাকিব।
৩১ বছৰৰ এই যুগল যাত্ৰা আগবাঢ়ি যাওক অধিক শক্তি, অধিক জনসমৰ্থন আৰু অধিক সাফল্যৰে। অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ লক্ষ্যৰে এই সংগ্ৰাম আৰু যাত্ৰা চিৰদিন অব্যাহত থাকক।
অসম গণ পৰিষদ জিন্দাবাদ।
জয় আই অসম। ✊✊
চাবুৱা-লাহোৱাল বিধান সভা সমষ্টি সমিতি
অসম গণ পৰিষদ (AGP)

দেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম অগ্ৰদূত, জনজাতীয় সমাজৰ মহান নেতা তথা ধৰতী আবা বীৰছা মুণ্ডা-ই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ শোষ...
09/06/2026

দেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম অগ্ৰদূত, জনজাতীয় সমাজৰ মহান নেতা তথা ধৰতী আবা বীৰছা মুণ্ডা-ই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ শোষণ, অত্যাচাৰ আৰু বঞ্চনাৰ বিৰুদ্ধে আপোচহীন সংগ্ৰাম চলাই জনজাতীয় সমাজৰ মাজত স্বাধীনতা, আত্মমৰ্যাদা আৰু অধিকাৰৰ চেতনা জাগ্ৰত কৰিছিল। তেখেতৰ ত্যাগ, সাহস আৰু নেতৃত্বই নিপীড়িত জনসাধাৰণক অন্যায়ৰ বিৰুদ্ধে সংগঠিত হ'বলৈ শক্তি আৰু প্ৰেৰণা যোগাইছিল। জনজাতীয় লোকসকলৰ কল্যাণ, সবলীকৰণ, ভূমি অধিকাৰ, সামাজিক ন্যায় আৰু সাংস্কৃতিক সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা অৱদান ভাৰতৰ ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব।
আজি তেখেতৰ স্মৃতি দিৱসত এই মহান জনজাতীয় বীৰগৰাকীক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেখেতৰ আপোচহীন মনোভাৱ, নিৰ্ভীকতা, আত্মত্যাগ আৰু অদম্য দেশপ্ৰেমৰ আদৰ্শ চিৰকাল আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।
ধৰতী আবা বীৰছা মুণ্ডা অমৰ হওক।
তেখেতৰ আদৰ্শই যুগে যুগে নৱ প্ৰজন্মক পথ প্ৰদৰ্শন কৰি যাওক।

Address

AT Road
Chabua

Alerts

Be the first to know and let us send you an email when অসম গণ পৰিষদ,চাবুৱা-লাহোৱাল বিধান সভা সমষ্টি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share