Animal lover

Animal lover যুৱ শক্তি,ৰাষ্ট্ৰ শক্তি
যুৱ মৰ্চাৰ জয়

12/07/2023
04/07/2023

আজি ডিব্ৰুগড়বাসীৰ বাবে এক গৌৰৱৰ দিন ।
ভাৰত চৰকাৰৰ জাহাজ বন্দৰ জলপথ আৰু আয়ুস দপ্তৰৰ কেবিনেট মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত বগীবিলত নিৰ্মাণ হ'ব লগা জাহাজ আস্থানৰ শিল্যানাস কাৰ্যসূচী ভাগ সাফল্য মন্দিৎ হৈ উঠে। এই বন্দৰে সমগ্ৰ অসমবাসীৰ বানিজ্যিক দিশ উন্নত কৰাৰ লগতে অসমৰ কিছুমান জলন্ত সমস্যাৰো উৰ পেলাব ।
এই বিশাল জনসমাৱেশত উপস্থিত আছিল ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম ও শ্ৰম দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া,অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ক্ৰমে বিমল বড়া ডাঙৰীয়া,পৰিমল সুক্লবদ্য ডাঙৰীয়া, সঞ্জয় কিশান ডাঙৰীয়া আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বত থকা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ লগতে সন্মানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়া,তেৰছ গোৱালা ডাঙৰীয়া,চক্ৰ গগৈ ডাঙৰীয়া , অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া,ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়া,ডিব্ৰুগড় পৌৰসভাৰ সন্মানীয় উপ পৌৰপতি উজ্জ্বল ফুকন ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ ডাঙৰীয়া আৰু এই সভাত উপস্থিত থকা সমূহ জনতা জনাৰ্দন।
আজি এনে যুগান্তকাৰী পদক্ষেপৰ সাক্ষী হবলৈ পায় নিজকে গৌৰৱ অনুভৱ কৰিছো।







04/07/2023

আজি লাহোৱাল সমষ্টিৰ সন্মানীয় জনপ্ৰিয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াৰ বিধায়ক কাৰ্যালয়ৰ বাকৰিত ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম ও শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়াই মুখ্যমন্ত্ৰী সাহায্য পূজিৰ পৰা লাহোৱাল সমষ্টিৰ অন্তৰ্গত প্ৰায় পঞ্চাশ জন ব্যক্তিক মৰমৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত একোখন কৈ মাননি পত্ৰ প্ৰদান কৰে ।
সভাত উপস্থিত আছিল ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি জুনটি গগৈ, লাহোৱাল মণ্ডলৰ সন্মানীয় সভাপতি কুমুদ দত্ত ডাঙৰীয়া, ভাৰতীয় জনতা যুৱ মৰ্চা খনিকৰ মণ্ডলৰ সন্মানীয় সভাপতি দেৱব্ৰত সোনোৱাল দেৱে দেৱৰ লগতে যুৱ মৰ্চাৰ সদস্য সকল তথা সন্মানীয় কাৰ্যকৰ্তা সকল ।



অসমীয়া বাপতি সাহোন ৰঙালী বিহুক বিশ্ব অভিলেখৰ  শুভ মুহূৰ্তত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত বিহু অনুষ্ঠানত অংশগ্ৰহণ...
01/07/2023

অসমীয়া বাপতি সাহোন ৰঙালী বিহুক বিশ্ব অভিলেখৰ শুভ মুহূৰ্তত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতী সকলক আমাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই ২৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য ঘোষণা কৰিছিল। সেই অনুসৰি মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ মানকটা খেলপথাৰত বিহুৱা-বিহুৱতী সকলক আজি ২৫ হাজাৰ টকা অনুদানৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, কেবিনেট মন্ত্ৰী মাননীয় বিমল বড়া ডাঙৰীয়া, মাননীয় জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, তেৰছ গোৱলা ডাঙৰীয়া, তৰংগ গগৈ ডাঙৰীয়া, চক্ৰধৰ গগৈ ডাঙৰীয়া, পোণাকন বৰুৱা ডাঙৰীয়া, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়া প্ৰমুখ্যে জিলা সন্মানীয় বিষয়ববীয়া সকল।

Himanta Biswa Sarma
CMO Assam

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ চৰকাৰৰ নৱম বৰ্ষপুৰ্তি উপলক্ষে মহা জনসম্পৰ্ক অভিযা...
28/06/2023

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ চৰকাৰৰ নৱম বৰ্ষপুৰ্তি উপলক্ষে মহা জনসম্পৰ্ক অভিযান কাৰ্যসূচী লৈ আজি ৰহমৰীয়া গাঁও পঞ্চায়তত বয়ো জ্যেষ্ঠ প্ৰভাৱী ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ জনসম্পৰ্ক কৰোঁ।



Narendra Modi
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা

  মহা জনসম্পৰ্ক অভিযান অংশস্বৰূপে আজি আমাৰ সমষ্টি অন্তৰ্ভূক্ত মোহনবাৰী পঞ্চায়তত কেইবাজনো জেষ্ঠ্য ব্যক্তিৰ সতে সৌহাৰ্দ্য...
27/06/2023



মহা জনসম্পৰ্ক অভিযান অংশস্বৰূপে আজি আমাৰ সমষ্টি অন্তৰ্ভূক্ত মোহনবাৰী পঞ্চায়তত কেইবাজনো জেষ্ঠ্য ব্যক্তিৰ সতে সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ কৰি ভাৱবিনিময় কৰোঁ।

Narendra Modi
Himanta Biswa Sarma

23/06/2023

আজি ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত অসম অলিম্পিক সন্থাৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত অলিম্পিক দিৱসৰ সংগতি ৰাখি অনুষ্ঠিত হোৱা সমুহীয়া দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে আমাৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী বিমল বড়া ডাঙৰীয়া ,অসম অলিম্পিক সন্থাৰ সাধাৰন সম্পাদক শ্ৰীযুত লক্ষ্য কোঁৱৰ ডাঙৰীয়াৰ লগতে অলিম্পিক সন্থাৰ বিভিন্ন বিষয়ববীয়া, সন্মানীয় ব্যক্তি সকল আৰু ছাত্ৰ ছাত্ৰীসকল।
Sarbananda Sonowal
Bimal Borah
Assam Olympic Association

22/06/2023
21/06/2023

ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা তথা অসম চৰকাৰৰ ৰাজ্যিক পৰামৰ্শদাতা সমিতিৰ ছাত্ৰ আৰু যুৱ-কল্যাণৰ সদস্য সচিব মাননীয় শ্ৰী গীতাৰ্থ গোস্বামী দেৱৰ পিতৃৰ মৃত্যুৰ বাতৰিটো শুনি অত্যন্ত মৰ্মাহত হৈছোঁ লগতে মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ॥

Address

Khanikar
Dibrugarh
786003

Website

Alerts

Be the first to know and let us send you an email when Animal lover posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share