29/07/2026
আমাৰ নতুন YouTube Channel “Axom Affairs” এতিয়াই Subscribe কৰক।
অতি দুখ আৰু গধুৰ হৃদয়েৰে আপোনালোকক জনাবলৈ বাধ্য হৈছোঁ—আমাৰ মৰমৰ YouTube Channel “Axom Affairs” এতিয়া আৰু আমাৰ মাজত নাই। যিটো চেনেলৰ জৰিয়তে আমি অসমৰ মানুহৰ কথা ক’বলৈ চেষ্টা কৰিছিলোঁ, জনসাধাৰণৰ সমস্যা, সমাজৰ বাস্তৱতা, চৰকাৰৰ নীতি-নিৰ্ণয় আৰু অসমৰ ৰাজনীতিৰ বিভিন্ন দিশ আপোনালোকৰ আগত তুলি ধৰিছিলোঁ—সেই চেনেলটো এতিয়া আঁতৰাই দিয়া হৈছে।
আমি CJP-ৰ প্ৰতিবাদ হওক, বা নৰেন্দ্ৰ মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতি-নিৰ্ণয়ক লৈ আমাৰ মতামত—আমি কেৱল আমাৰ দৃষ্টিভংগীৰে বিষয়বোৰ আপোনালোকৰ আগত উপস্থাপন কৰাৰ চেষ্টা কৰিছিলোঁ।
কিন্তু আজি আমাৰ এটা প্ৰশ্ন আছে—
এটা কণ্ঠ বন্ধ কৰিলে, হাজাৰটা কণ্ঠক কেনেকৈ বন্ধ কৰিব পাৰিব?
আমাৰ চেনেলটো হয়তো নাই…
আমাৰ ভিডিঅ’বোৰ হয়তো নাই…
কিন্তু আমাৰ প্ৰশ্নবোৰ এতিয়াও জীয়াই আছে।
আমাৰ কণ্ঠ এতিয়াও জীয়াই আছে।
আৰু আটাইতকৈ ডাঙৰ কথা—আপোনালোকৰ বিশ্বাস এতিয়াও আমাৰ সৈতে আছে।
আমাৰ নতুন YouTube Channel “Axom Affairs” এতিয়াই Subscribe কৰক।
Axom Affairs – অসমৰ খবৰ, অসমৰ কথা, অসমৰ মানুহৰ কণ্ঠ। Axom Affairs হৈছে অসমৰ সাম্প্ৰতিক খবৰ, ৰাজনীতি, সমাজ, অৰ্থনীতি, শিক্ষা, সংস্কৃত.....