IWAI Assam

IWAI Assam Official Page of IWAI Regional Office, Guwahati

A Joint site visit was conducted on 20 August 2026 for the development of the approach road connecting NH-15 to Bogibeel...
22/08/2026

A Joint site visit was conducted on 20 August 2026 for the development of the approach road connecting NH-15 to Bogibeel Terminal, with the District Revenue Officer, EPIL (PMC) and The Design Room (Consultant).
The initiative marks another step towards strengthening last-mile connectivity and enhancing the accessibility and operational efficiency of Bogibeel Terminal.
Ministry of Ports, Shipping and Waterways
Inland Waterways Authority of India





আভ্যন্তৰীণ জলপথৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় জলপথ - ১৬ ৰ ভাঙ...
20/08/2026

আভ্যন্তৰীণ জলপথৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় জলপথ - ১৬ ৰ ভাঙা–বদৰপুৰ জলপথ আৰু ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ(IWAI)ৰ বদৰপুৰ টাৰ্মিনেলত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF)ৰ বিষয়াসকলৰ এটা দলে এছ.এল. বুঢ়ি দিহিং (SL Burhi Dihing)ৰ সৈতে পৰিদৰ্শন কৰে। উক্ত পৰিদৰ্শন আভ্যন্তৰীণ জলপথ নিৰাপত্তা পৰিকল্পনা প্ৰস্তুতৰ বাবে পৰামৰ্শ সেৱাৰ অংশ হিচাপে সম্পাদন কৰা হয়।
এই পদক্ষেপৰ জৰিয়তে দেশৰ আভ্যন্তৰীণ জলপথসমূহত নিৰাপত্তা আৰু সুৰক্ষা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI)ৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে।

Strengthening Inland Waterways Security.
A team of CISF officials inspected the Bhanga–Badarpur stretch of NW-16, including the IWAI Badarpur Terminal, along with SL Burhi Dihing, as part of the consultancy service for the preparation of an Inland Waterways Security Plan.
The initiative reflects IWAI’s commitment towards strengthening safety, security and operational preparedness across India’s inland waterways.
Ministry of Ports, Shipping and Waterways
Inland Waterways Authority of India




19/08/2026

গুৱাহাটীত অনুষ্ঠিত ৪ৰ্থ ‘ব্ৰহ্মপুত্ৰ কলিং – Open India Quiz’ৰ কিছু মনোমোহা দৃশ্যাৱলী।
৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৱা ১৫ আগষ্ট তাৰিখে গুৱাহাটীত অনুষ্ঠিত ৪ৰ্থ সংস্কৰণৰ ‘ব্ৰহ্মপুত্ৰ কলিং – Open India Quiz’-এ জ্ঞান, ঐতিহ্য আৰু ব্ৰহ্মপুত্ৰ নদীৰ সৈতে থকা আমাৰ আত্মিক সম্পৰ্কক উদযাপন কৰিলে।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুপ্ৰেৰণাদায়ক আৰু তত্ত্বগধুৰ ভাষণেৰে সকলোকে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰফেছৰ (ড°) Hindol Sengupta ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

Glimpses from the 4th edition of Brahmaputra Calling – Open India Quiz in Guwahati, celebrating the spirit of knowledge, heritage and our nation on the occasion of the 80th .
Grateful to Prof. (Dr.) for his inspiring address as the Chief Guest.
Inland Waterways Authority of India
Ministry of Ports, Shipping and Waterways



ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI), ডিব্ৰুগড় উপ-কাৰ্যালয় চৌহদতো যোৱাকালি দেশপ্ৰেম আৰু উৎসাহেৰে ৮০তম স্বাধীনতা ...
16/08/2026

ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI), ডিব্ৰুগড় উপ-কাৰ্যালয় চৌহদতো যোৱাকালি দেশপ্ৰেম আৰু উৎসাহেৰে ৮০তম স্বাধীনতা দিৱস উদযাপন কৰা হয়।
এই গৌৰৱময় দিনটোত আমাৰ স্বাধীনতা সংগ্ৰামৰ মহান বীৰসকলৰ ত্যাগ আৰু আত্মবলিদানক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। স্বাধীনতাৰ এই পৱিত্ৰ চেতনাৰে এখন শক্তিশালী, সমৃদ্ধ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে আমি সকলোৱে একেলগে আগবাঢ়ি যাওঁ।
জয় হিন্দ! 🇮🇳

The IWAI Dibrugarh Sub Office celebrated the 80th Independence Day with great enthusiasm and patriotic spirit. The occasion was a proud reminder of our nation’s remarkable journey, the sacrifices of our freedom fighters, and our collective responsibility towards building a stronger and more prosperous India.
Let us honour the spirit of freedom and continue to contribute towards Viksit Bharat.
Jai Hind! 🇮🇳



জ্ঞান, ঐতিহ্য আৰু ভাৰতৰ অন্তৰ্দেশীয় জলপথৰ গৌৰৱ উদযাপন! ‘Brahmaputra Calling 2026’-ৰ ৪ৰ্থ সংস্কৰণে লাভ কৰিলে অভূতপূৰ্ব স...
15/08/2026

জ্ঞান, ঐতিহ্য আৰু ভাৰতৰ অন্তৰ্দেশীয় জলপথৰ গৌৰৱ উদযাপন!

‘Brahmaputra Calling 2026’-ৰ ৪ৰ্থ সংস্কৰণে লাভ কৰিলে অভূতপূৰ্ব সঁহাৰি। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে কলকাতা আৰু দিল্লীৰ পৰা মুঠ ১০৩টা দলে আজি অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক শ্ৰী প্ৰবীণ বড়া ডাঙৰীয়াই উষ্ম আদৰণি ভাষণেৰে প্ৰতিযোগীসকলক স্বাগতম জনায়।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰফেচাৰ ড০ হিন্দোল সেনগুপ্ত ডাঙৰীয়াই প্ৰদান কৰা অনুপ্ৰেৰণাদায়ক ভাষণে প্ৰতিযোগিতাখনক এক বিশেষ মাত্ৰা প্ৰদান কৰে।

🏆 শীৰ্ষস্থানপ্ৰাপ্ত প্ৰতিযোগীসকললৈ আন্তৰিক অভিনন্দন—

🥇 ১ম স্থান: জিতাদিত্য নাৰ্জাৰী আৰু বিশ্বজিৎ শৰ্মা।
🥈 ২য় স্থান: ৰাজিবুল আৱাল আৰু শায়ান্তন শইকীয়া।
🥉 ৩য় স্থান: বিশ্বজ্যোতি শইকীয়া আৰু মৃদুল ৰাম কলিতা।

জ্ঞান, প্ৰতিভা আৰু ব্ৰহ্মপুত্ৰৰ ঐতিহ্যক একত্ৰিত কৰি ‘Brahmaputra Calling 2026’-এ জলপথৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ আৰু সজাগতা অধিক শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছে।

ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ তৰফৰ পৰা সকলো অংশগ্ৰহণকাৰী আৰু বিজয়ী প্ৰতিযোগীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

Celebrating knowledge, heritage and the spirit of India’s waterways!
The 4th edition of Brahmaputra Calling 2026 witnessed an overwhelming response, with 103 teams participating from across the North East, Kolkata and Delhi.
The event commenced with a warm welcome address by Shri Prabin Bora, Director, IWAI Assam, setting the stage for an engaging and inspiring competition.
Our heartfelt gratitude to Prof. (Dr.) Hindol Sengupta, Chief Guest, for his rousing and insightful address that added immense value and inspiration to the occasion.
🏆 Heartiest congratulations to the top performers!
🥇 1st: Jitaditya Narzary & Biswajit Sarma
🥈 2nd: Rajibul Awal & Sayantan Saikia
🥉 3rd: Biswajyoti Saikia & Mridul Ram Kalita
Celebrating the rich heritage of the Brahmaputra, the spirit of learning, and the immense potential of India’s inland waterways.
Ministry of Ports, Shipping and Waterways
Inland Waterways Authority of India




সকলোলৈ ৮০তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা!ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI), বদৰপুৰ উপ-কাৰ্যালয়ত দেশপ্ৰেম আ...
15/08/2026

সকলোলৈ ৮০তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা!
ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI), বদৰপুৰ উপ-কাৰ্যালয়ত দেশপ্ৰেম আৰু উৎসাহেৰে ৮০তম স্বাধীনতা দিৱস উদযাপন কৰা হয়।
এই গৌৰৱময় দিনটোত আমাৰ স্বাধীনতা সংগ্ৰামৰ মহান বীৰসকলৰ ত্যাগ আৰু আত্মবলিদানক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। স্বাধীনতাৰ এই পৱিত্ৰ চেতনাৰে এখন শক্তিশালী, সমৃদ্ধ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে আমি সকলোৱে একেলগে আগবাঢ়ি যাওঁ।
জয় হিন্দ! 🇮🇳

Wishing everyone a very Happy 80th Independence Day! 🇮🇳
The IWAI Badarpur Sub Office celebrated the 80th Independence Day with great enthusiasm and patriotic spirit. The occasion was a proud reminder of our nation’s remarkable journey, the sacrifices of our freedom fighters, and our collective responsibility towards building a stronger and more prosperous India.
Let us honour the spirit of freedom and continue to contribute towards Viksit Bharat.
Jai Hind! 🇮🇳



🇮🇳 গৌৰৱ আৰু দেশপ্ৰেমেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন! 🇮🇳ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI) পাণ্ডু, গুৱাহাটীস্...
15/08/2026

🇮🇳 গৌৰৱ আৰু দেশপ্ৰেমেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন! 🇮🇳
ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI) পাণ্ডু, গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ত ৮০ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়।
স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোত চিত্ৰাংকন প্ৰতিযোগিতা, দেশভক্তি মুলক গীত, নৃত্য পৰিৱেশন আৰু মহান স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন আৰু ত্যাগৰ ওপৰত চমু ভাষণ আদি কাৰ্যসূচীৰো আয়োজন কৰা হয়।
এই উদযাপনৰ জৰিয়তে আমি আমাৰ স্বাধীনতাৰ বাবে জীৱন উৎসৰ্গ কৰা মহান বীৰসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে ভাৰতবৰ্ষৰ দেশপ্ৰেম, একতা আৰু প্ৰগতিশীলতাৰ চেতনাক উদযাপন কৰা হয়।
জয় হিন্দ! 🇮🇳

🇮🇳 Celebrating the 80th Independence Day with Pride & Patriotism! 🇮🇳
The Inland Waterways Authority of India (IWAI), Regional Office, Pandu, Guwahati celebrated the 80th Independence Day with great enthusiasm and patriotic spirit.
The celebrations featured a Drawing Competition, Singing, Dancing, and inspiring short speeches on our great Freedom Fighters, bringing alive the values of courage, sacrifice and patriotism.
On this special occasion, we salute the heroes who gave us our freedom and celebrate the spirit of a proud and progressive India.
Jai Hind! 🇮🇳




Watch Live: Prof (Dr) Hindol Sengupta's speech at Brahmaputra Calling 2026 in Guwahati 🔗
15/08/2026

Watch Live: Prof (Dr) Hindol Sengupta's speech at Brahmaputra Calling 2026 in Guwahati

🔗

Dr Hindol Sengupta | Live | Brahmaputra Calling 2026

On the occasion of India's 80th Independence Day, we honour the country's maritime traditions and civilisational journey...
13/08/2026

On the occasion of India's 80th Independence Day, we honour the country's maritime traditions and civilisational journey through Brahmaputra Calling - The Open India Quiz.

The event will showcase a special round on India’s Rivers, Waterways & Seafaring Heritage.

📅 15 August | 10 AM onwards
📍 Royal Global University, Guwahati.
Ministry of Ports, Shipping and Waterways
Inland Waterways Authority of India

ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI)ৰ আঞ্চলিক কাৰ্যালয়, পাণ্ডু, গুৱাহাটীৰ উদ্যোগত ৭ আগষ্ট ২০২৬ তাৰিখে কাৰ্যালয়ৰ ...
08/08/2026

ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI)ৰ আঞ্চলিক কাৰ্যালয়, পাণ্ডু, গুৱাহাটীৰ উদ্যোগত ৭ আগষ্ট ২০২৬ তাৰিখে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
“যুগ যুগ জিঅ’ অভিযান"ৰ অধীনত ৩ আগষ্ট ২০২৬ তাৰিখে অনুষ্ঠিত ১৫ সংখ্যক অংগদান শপত গ্ৰহণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এই কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল অংগদানৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু অংগদানৰ জৰিয়তে আনৰ জীৱন ৰক্ষা কৰাৰ মহান মানৱীয় বাৰ্তা সমাজলৈ প্ৰেৰণ কৰা।
এনে সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI)-এ অংগদানৰ দৰে এক মহৎ মানৱীয় পদক্ষেপৰ প্ৰতি বিষয়া-কৰ্মচাৰী তথা সমাজৰ সৰ্বস্তৰৰ লোকক উৎসাহিত কৰি আহিছে।
অংগদান কৰক… জীৱন ৰক্ষা কৰক! ❤️

The Inland Waterways Authority of India (IWAI), Regional Office, Pandu, Guwahati, organised a quiz competition among its office staff on 7th August 2026 as part of the 15th Organ Donation Pledge, observed on 3rd August 2026 under the “Jug Jug Jio Abhiyan” initiative.
The programme aimed to create greater awareness about the importance of organ donation and inspire individuals to contribute towards saving and transforming lives.
Through such awareness initiatives, IWAI continues to encourage its employees and the wider community to embrace the noble cause of organ donation and giving the gift of life.
Donate Organs… Save Lives!
Ministry of Ports, Shipping and Waterways
Inland Waterways Authority of India




Address

Pandu Port
Guwahati
781012

Alerts

Be the first to know and let us send you an email when IWAI Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to IWAI Assam:

Shortcuts

Share