Aziz Jwadder

Aziz Jwadder Social Activists, Deshi Indigenous People of Assam!! Proud to be a Dhubrian & Hardcore Indian!
(1)

সাধাৰণ সহজ সৰল দেশী মুছলমান অসমৰ পশ্চিম প্ৰান্ত বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ ভূমিৰ-পুত্ৰ অভিবাসী জনগোষ্ঠী।অতিজৰে পৰা ...
21/08/2026

সাধাৰণ সহজ সৰল দেশী মুছলমান অসমৰ পশ্চিম প্ৰান্ত বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ ভূমিৰ-পুত্ৰ অভিবাসী জনগোষ্ঠী।

অতিজৰে পৰা এউয়ই জনগোষ্ঠীয় সমাজক ৰাজনৈতিক নেতা আৰু দলসমূহে ভোট বেংকৰ আধাৰত মুছলমানৰ শাৰীত একাকাৰ কৰি নিজৰ স্বাৰ্থ লভি আহিছে। বৰ্তমান দেশী সমাজৰ নৱ প্ৰজন্মই এই বিষয়ত কাণ পাতি লৈ নিজকে দেশী বুলি পৰিচয় কৰোৱাত কোনো লাজ নকৰে। ২০২৭ চনৰ আগন্তুক জনগণনাত যুৱ সমাজে কোনো ৰাজনৈতিক আৰু সাংগঠনিক নেতাৰ আশাত বহি নাথাকি বৌদ্ধিক পৰিপক্কতা বিকাশ আৰু জন জাগৰণ কৰিবলৈ হাতে কামে লাগি যাওক। মই নিজৰ স্থানত নিজৰ দক্ষতা ক্ষমতা অনুযায়ী সকলোৰে লগত সহযোগ দিবলৈ চেষ্টা কৰিম বা আপোনালোকৰ সহযোগিতা কামনা কৰিম।
জয় মাও দেশী।

২০১৪ চনত ভাৰত স্বাধীন হোৱা বুলি দাবী কৰা ভণ্ড বিলাকৰ বাহিৰে সমূহ ভাৰতবাসীলৈ ৮০ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা যাঁচিলো।সেই ম...
15/08/2026

২০১৪ চনত ভাৰত স্বাধীন হোৱা বুলি দাবী কৰা ভণ্ড বিলাকৰ বাহিৰে সমূহ ভাৰতবাসীলৈ ৮০ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা যাঁচিলো।

সেই মহান পুৰুষ মহিলাক শ্ৰদ্ধাৰে স্মৰণ কৰিছো যিসকলৰ বলিদান আৰু ত্যাগৰ বাবে আমি আজি এখন স্বাধীন দেশৰ নাগৰিক হৈছো। মোৰ দেশ সাৰ্বভৌমত্ব ৰাষ্ট্ৰ, মোৰ দেশ কোনো দলীয় কৰ্মকৰ্তাৰ পৈত্তিক সম্পত্তি নহয়।

জয় হিন্দ।

দেশী মুছলমান পশ্চিম অসমৰ ভূমিৰ-পুত্ৰ। ধৰ্মত মুছলমান হোৱাৰ বাবে দেশী সমাজক  আওকাণ কৰিলে সেয়া তেওলোকৰ কুৎসিত মানসিকতাৰ বাহ...
14/08/2026

দেশী মুছলমান পশ্চিম অসমৰ ভূমিৰ-পুত্ৰ। ধৰ্মত মুছলমান হোৱাৰ বাবে দেশী সমাজক আওকাণ কৰিলে সেয়া তেওলোকৰ কুৎসিত মানসিকতাৰ বাহিৰে আন একো নহয়। বৰ অসমৰ ভেটি গঢ়িবলৈ দেশী মুছলমানৰ আৱদান আজিৰ প্ৰজন্মই নাজানে কাৰণ দেশী সমাজ নীৰৱ সমাজ। দেশী সমাজক ব্যৱহাৰ কৰি গঢ়ালত ঠেলি দিয়াত সফল হলেওঁ ইতিহাস কোনেও মুচিবলৈ পাৰা নাই। দেশী সমাজৰ সেই মহান যোদ্ধা বুদ্ধিজীৱি সকলক ধৰ্মৰ নামত প্ৰচাৰ নকৰিব। দেশী সমাজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত মোৰ দৰে বহু যুৱক যুৱতীয়ে ঢাল হৈ থাকিব।

08/08/2026

চিলাৰায় মহাবিদ্যালয়ৰ ছাত্ৰী কেইজনীয়ে মহাবিদ্যালয়ৰ গৰিমাক আঘাত কৰা ভিডিঅটো অসহ্যকৰ। আমি আশাকৰো নামনি অসমৰ ভিতৰত চৰ্চিত মহাবিদ্যালয়ৰ গৰিমাক ছাত্ৰ ছাত্ৰী সকলে বজাই ৰাখিব। চিলাৰায় মহাবিদ্যালয় খনত গোলোকগঞ্জৰ প্ৰতিজন সফল ব্যক্তিয়ে শিক্ষাৰ্থী আছিল। আমি আশা কৰো এনেকুৱা নাভুত নাশ্ৰুত ঘটনা যাতে কেতিয়াও আমি দেখিবলৈ নাপাও।

ৰাজ্যৰ ৰাজনীতিত দেশী মুছলমানৰ স্থিতি চিন্তা কৰিলে কেতিয়াবা শিয়ঁৰি উঠে। বিধানসভাৰ মজিয়াত দেশী মুছলমান বিধায়ক নাই বুলি কলে...
07/08/2026

ৰাজ্যৰ ৰাজনীতিত দেশী মুছলমানৰ স্থিতি চিন্তা কৰিলে কেতিয়াবা শিয়ঁৰি উঠে। বিধানসভাৰ মজিয়াত দেশী মুছলমান বিধায়ক নাই বুলি কলেও ভুল নহব। ইয়াৰ পৰিণতি আৰু ভৱিষ্যত কি সেয়া আমি বুজি উঠিব লাগিব অন্যথা গনতন্ত্ৰৰ আৰত সংখ্যাৰ নগন্যতায় দেশী ভৱিষ্যতক ধ্বংস কৰিব।

01/08/2026

বিপদে হিন্দু মুছলমান নেদেখে উজনি নামনি নেদেখে। বানপানীক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা নকৰিলেও এই সমস্যা ৰাইজৰ সমস্যা।
মূখখন আছে বুলি নেতা বিলাকে বানপানী সমস্যা সমাধান কৰি দিম বুলি কলে সমাধান নহয়। অসমৰ দৰে তিনিফালে মালভূমি থকা ৰাজ্যত বানপানীৰ সমস্যা সমাধান নকৰিলেও চৰকাৰে মানুহক সতৰ্ক কৰি ৰক্ষা কৰিব নোৱাৰাটো চৰকাৰৰ ব্যৰ্থতা বুলি স্বীকাৰ নকৰি পোষ্টাৰ মুছিলে সমাধান হৈ নাযায়।
এই বিপদ হিন্দু মুছলমানৰ নহয় এই বিপদ উজনি বা নামনিৰ নহয়, এয়া সমগ্ৰ অসমীয়া জাতিৰ বিপদ, এই বিপদ সিংহাল সিংহী আৰু গুপ্তাৰ নহয়।

আনক সমালোচনা কৰাৰ আগতে আত্মসমালোচনা কৰাটো বহুত শ্ৰেয়। নিজৰ দায়িত্ব, দক্ষতা আৰু পদবীত সন্মান ৰাখি কাম কৰাই উত্তম পন্থা হব...
30/07/2026

আনক সমালোচনা কৰাৰ আগতে আত্মসমালোচনা কৰাটো বহুত শ্ৰেয়। নিজৰ দায়িত্ব, দক্ষতা আৰু পদবীত সন্মান ৰাখি কাম কৰাই উত্তম পন্থা হব লাগে। পৰিচিত বহু সদস্যই পদবী নোহোৱাকৈয়ো দেশীয় স্বাৰ্থত নিষ্ঠাৰে কাম কৰি আছে। নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখি দায়িত্ব পালন কৰিলেই শ্ৰেষ্ঠ।

ধুবুৰী জিলাখন দেশী অধ্যুষিত জিলা লগতে মোৰ গৃহ জিলা হিচাপে গুৱাহাটীত থকা সত্ত্বেও আমি উক্ত জিলাখনৰ বিষয়ে চিন্তা কৰো। দেশী জনগোষ্ঠীয়ৰ লগত জড়িত প্ৰতিটো সংগঠনৰ জিলা সমিতিৰ সদস্যসকলে মিলি কাম কৰিলে দেশী অধ্যুষিত অঞ্চলত বহুত উন্নয়ন সম্ভৱ।
মই ব্যক্তিগতভাৱে সহযোগিতা কৰিবলৈ সাজু আছো। সকলোৱে ইজনে সিজনৰ সমালোচনা নকৰি, নিজৰ স্থানত থাকি কাম কৰক। আদৰ্শ আৰু নিয়ম-নীতি প্ৰতিটো ক্ষেত্ৰতে প্ৰযোজ্য হোৱা উচিত।

ৰাজ্যত চলি থকা দেশী মুছলমানৰ সমস্যা বিলাক আমাৰ প্ৰতিজন দেশী যুৱক যুৱতীৰ বাবে একধৰণৰ মূৰৰ কামোৰণি হৈ পৰিছে। সকলোতকৈ বৃহৎ ...
24/07/2026

ৰাজ্যত চলি থকা দেশী মুছলমানৰ সমস্যা বিলাক আমাৰ প্ৰতিজন দেশী যুৱক যুৱতীৰ বাবে একধৰণৰ মূৰৰ কামোৰণি হৈ পৰিছে। সকলোতকৈ বৃহৎ সমস্যাটো হৈছে ধৰ্মৰ শাৰীত ৰাখি কংগ্ৰেছে সৃষ্টি কৰি থৈ যোৱা ডিভোটাৰৰ সমস্যা যিটো সমস্যায় অসমৰ অন্যতম থলুৱা জনগোষ্ঠী দেশী মুছলমানক কলংকিত কৰি আহিছে।

21/07/2026

চিধা বাৰ্তা জনা উচিত যে ক্ষমতা চিৰস্থায়ী নহয়। যিখন চকীত বহি থকা জনৰ কথামতে বৰ্বৰতা কৰিব। সেই চকীখনত আগতেও কোনোবাই বহিছিল বৰ্তমান কোনোবাই বহি আছে ভৱিষ্যতেও কোনোবা নতুন চেহেৰা বহিব। কিন্তু আপোনাৰ চৰিত্ৰ আপোনাৰ দায়িত্ব পালন কৰি চলাটোৱেই হৈছে আপোনাৰ মোটো।

এয়া কোনো ৰাজনৈতিক পোষ্ট নহয়, মোৰ ব্যক্তিগত বিষয়। আপোনালোকে কোনফালে লৈ যাব সেয়া আপোনালোকৰ বিষয়।

হিন্দু মানেই অসমীয়া বুলি কথা নহয়। অসমীয়া এটা জাতিৰ নাম, এটা সংস্কৃতিৰ পৰিচয়। ই কোনো ধৰ্মৰ নাম নহয়।কিন্তু দুখৰ কথা যে, আজ...
17/07/2026

হিন্দু মানেই অসমীয়া বুলি কথা নহয়। অসমীয়া এটা জাতিৰ নাম, এটা সংস্কৃতিৰ পৰিচয়। ই কোনো ধৰ্মৰ নাম নহয়।কিন্তু দুখৰ কথা যে, আজিও বহুতে এই সহজ সত্যটো বুজি নাপায়। যেতিয়া কোনোবাই আমাক প্ৰশ্ন কৰে— “তুমি অসমীয়া নে মুছলমান?”— তেতিয়া আমি হতভম্ব হৈ পৰোঁ। এই প্ৰশ্নটোৱে কেৱল অজ্ঞতাই নহয়, এক প্ৰকাৰৰ মানসিক দৰিদ্ৰতাৰ প্ৰতিফলন ঘটায়। কি শিক্ষা, কি চিন্তা-চেতনা আৰু কি সামাজিক মূল্যবোধৰ পৰা এনে প্ৰশ্ন উঠে, সেয়া ভাবিলে বিস্ময় লাগে।

অসমীয়া হিন্দু সমাজে এই বিষয়টো পুনৰ চিন্তা কৰাৰ সময় হৈছে। জাতিৰ পৰিচয় আৰু ধৰ্মীয় পৰিচয়ক একাকাৰ কৰি পেলোৱাৰ ফলত আমাৰ সামাজিক সংহতি দুৰ্বল হৈ পৰিছে। অসমীয়া হোৱাটো মানে— অসমৰ মাটিৰ সৈতে, ইয়াৰ নদী-বন-পাহাৰৰ সৈতে, ইয়াৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ সৈতে একাত্ম হোৱা। ধৰ্ম যি হওক, সেই মাটিৰ সন্তান হোৱাৰ গৌৰৱ সকলোৰে সমান।এই সংকীৰ্ণতা এৰি, সকলো অসমীয়াকে এক ডাঙৰ ছাতিৰ তলত আনি ঐক্যবদ্ধ হোৱাৰ সময় এতিয়াই।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Aziz Jwadder posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Aziz Jwadder:

Shortcuts

Share

Category