Shangkhadhwani Samajik Sanskritik Mancha

Shangkhadhwani Samajik Sanskritik Mancha Shangkhadhwani Samajik Sanskritik Mancha a cultural form, works for the upliftment of different cultural activities among the youths and young children.

It is a Guwahati based organisation

 #শঙ্খধ্বনিৰ_একাদশ_সংখ্যক_প্ৰতিষ্ঠা_দিবস      যোৱাকালি ২২-২-২৬তাৰিখ দেওবাৰে জ্যোতি চিত্ৰবনৰ কনফাৰেন্স হলত অতি জাকজমকতাৰে...
23/02/2026

#শঙ্খধ্বনিৰ_একাদশ_সংখ্যক_প্ৰতিষ্ঠা_দিবস

যোৱাকালি ২২-২-২৬তাৰিখ দেওবাৰে জ্যোতি চিত্ৰবনৰ কনফাৰেন্স হলত অতি জাকজমকতাৰে সম্পন্ন হৈ যায় 'শঙ্খধ্বনি সামাজিক-সাংস্কৃতিক মঞ্চ'ৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিবসটি ।অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কায্যক্ৰমণিকাৰ স'তে এইবাৰ " #শঙ্খধ্বনি_সন্মান" বঁটা আগবঢ়োৱা হয় সুৱদী কণ্ঠৰ প্ৰবীণ সংগীত শিল্পী শান্তা উজীৰক। এই বঁটাত আছে এখনি চেলেং, এখন প্ৰশস্তি পত্ৰ, এটি ফুলৰ থোপা,এটা জাপি, এযোৰ মেখেলা-চাদৰ, এটা অসমীয়া গহণাৰ চেট আৰু এটি ফুলৰ পুলি। বৰ্ণাঢ্য অনুষ্ঠানটোৰ বিভিন্ন কাৰ্য্যসূচীত আছিল সদস্যাসকলৰ দ্বাৰা পৰিবেশিত শঙ্খধ্বনিৰ শীৰ্ষ গীত ''মুক্ত আকাশ মুক্ত বতাহ'', বৰগীত, লোকগীত, কবিতা আবৃত্তি, নাটক, আধুনিক নৃত্য আদি ।
অনুষ্ঠানত শঙ্খধ্বনিৰ দুগৰাকী জ্যেষ্ঠ সদস্যা ৰুণু গোস্বামী আৰু মনদা গগৈক এখনি চেলেং আৰু প্ৰশস্তি পত্ৰৰে শুভেচ্ছামূলক সন্মান আগবঢ়োৱা হয়।
এই অনুষ্ঠানতে ভাৰত চৰকাৰৰ সন্মানীয় 'পদ্মশ্ৰী' বঁটা প্ৰাপক কলা-ভাস্কৰ্য্য শিল্পী নুৰুদ্দিন আহমেদ ডাঙৰীয়াক 'শঙ্খধ্বনি'ৰ তৰফৰ পৰা এখনি চেলেং, ফুলৰ থোপা, জাপি আৰু প্ৰশস্তি পত্ৰৰে অভিনন্দন তথা সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ কৰ্মময় জীৱন অধিক সোনোৱালী হোৱাৰ কামনা কৰা হয় ।
বিয়লি ৩বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটি ৬ বজাত সুন্দৰভাবে সামৰণি পৰে । অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শঙ্খধ্বনিৰ সভানেত্ৰী ৰঞ্জু নেওগে।

তলত অনুষ্ঠানটিৰ কিছু আলোকচিত্ৰ আগবঢ়ালো ।

Big thanks to Juri Handiquefor all of your support! Congrats for being top fans on a streak 🔥!
05/11/2025

Big thanks to Juri Handique

for all of your support! Congrats for being top fans on a streak 🔥!

শেষ হৈ গ'ল এটি সোণোৱালী সত্ত্বাৰ,, শত সহস্ৰ প্ৰণাম জুবিন গাৰ্গলৈ🙏🙏🙏
24/09/2025

শেষ হৈ গ'ল এটি সোণোৱালী সত্ত্বাৰ,, শত সহস্ৰ প্ৰণাম জুবিন গাৰ্গলৈ🙏🙏🙏

24/09/2025

শঙ্খধ্বনিৰ পৰা প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি,,🙏

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ প্ৰতিযোগিতাৰ সফল সামৰণি ------------------------------------------------------গুৱাহাটীৰ জ্যোতি চ...
09/07/2025

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ প্ৰতিযোগিতাৰ সফল সামৰণি
------------------------------------------------------

গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰাঙ্গণত 'শঙ্খধ্বনি সামাজিক-সাংস্কৃতিক মঞ্চ,কাহিলিপাৰা'ৰ উদ্যোগত যোৱা ৬জুলাইত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৬তম্ মৃত্যু বাৰ্ষিকী উপলক্ষে অসম ভিত্তিত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ এখনি প্ৰাইজমাণি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। মুঠ তিনিটা শাখাত অতি আড়ম্বৰপূৰ্ণভাবে আয়োজন কৰা উক্ত প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন এলেকাৰ উপৰিও মঙ্গলদৈ, নগাঁও, গোৱালপাৰা, তিনিচুকীয়া, লক্ষীমপুৰ,বকো, বঙাইগাঁও,তেজপুৰ, পাঠশালা, বিজয়নগৰ, শিৱসাগৰ, বাইহাটা, ৰঙিয়াকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ আৰম্ভণিতে কলাগুৰুৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে শঙ্খধ্বনিৰ জ্যেষ্ঠ সদস্যা তথা উপদেষ্টা ৰুণু গোস্বামীয়ে । বিশিষ্ট সংগীত শিল্পী লোপামুদ্ৰা নেওগে বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কালজয়ী গীতেৰে প্ৰতিযোগিতাখনি মুকলি কৰে। দিনজোৰা প্ৰতিযোগিতাৰ অন্তত সেইদিনাই সন্ধিয়ালৈ বঁটা বিতৰণী সভাখন অনুষ্ঠিত হয়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে স্থানপ্ৰাপ্তসকলক নগদ ধন ক্ৰমে ৫০০০/- , ৪০০০/- ৩০০০/- টকাৰ উপৰিও ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয়। বিজয়ীসকল হ'ল----
ক শাখা (পঞ্চম শ্ৰেণীলৈ) প্ৰথম জিজ্ঞাসা কাশ্যপ(বাইহাটা), দ্বিতীয় পৰী বৰুৱা (লক্ষীমপুৰ), তৃতীয় দেৱলীনা দেউৰী (শিৱসাগৰ), উদ্গনিমূলক পুৰস্কাৰ ধিয়ানা কৌশিক (ৰঙিয়া),জ্ঞানম জ্যোতি সদাগৰ(বিজয় নগৰ)। খ শাখা(ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ) প্ৰথম পূবালী ক'চ'(কাহিলিপাৰা), দ্বিতীয় মুনমী দেৱী(বেলতলা), তৃতীয় বৃষা ভৰদ্বাজ (বামুণী মৈদাম), উদ্গনিমূলক পুৰস্কাৰ শ্ৰুতি মাধুৰ্য (কামাখ্যা), কৃষ্ণাক্ষী দাস (নুনমাটি) । বিচাৰকৰ বিশেষ পুৰস্কাৰ বিশেষ ভাবে সক্ষম নয়দিতা দাস। 'গ শাখা'(একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ) প্ৰথম অনুভব কাশ্যপ (শান্তিপুৰ), দ্বিতীয় প্ৰীতম দত্ত (তিনিচুকীয়া), তৃতীয় দুলুমণি ৰয়(বকো), উদ্গনিমূলক পুৰস্কাৰ তানিয়া বৰুৱা (আদাবাৰী) ।
অনুষ্ঠানৰ কিছু দৃশ্যাংশ,,,,,,👇👇👇

আহি আছে অসম ভিত্তিত বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতা ।সকলোৰে সহযোগিতা কামনা কৰিলো।
10/06/2025

আহি আছে অসম ভিত্তিত বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতা ।সকলোৰে সহযোগিতা কামনা কৰিলো।

,,  #শঙ্খধ্বনিৰ ১০ম  #সংখ্যক_প্ৰতিষ্ঠা_দিবস      যোৱাকালি ২৩-২-২৫ ত জ্যোতি চিত্ৰবনত অতি জাকজমকতাৰে সম্পন্ন হৈ যায় শঙ্খধ...
24/02/2025

,, #শঙ্খধ্বনিৰ ১০ম #সংখ্যক_প্ৰতিষ্ঠা_দিবস

যোৱাকালি ২৩-২-২৫ ত জ্যোতি চিত্ৰবনত অতি জাকজমকতাৰে সম্পন্ন হৈ যায় শঙ্খধ্বনিৰ ১০ম সংখ্যক প্ৰতিষ্ঠা দিবসখনি ।অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কায্যক্ৰমণিকাৰ স'তে এইবাৰ " #শঙ্খধ্বনি_সন্মান" আগবঢ়োৱা হয় প্ৰবীণ সংগীত শিল্পী দুৰ্গাময়ী বৰাক। বৰ্ণাঢ্য অনুষ্ঠানটোৰ বিভিন্ন কাৰ্য্যসূচীত আছিল সদস্যাসকলৰ দ্বাৰা পৰিবেশিত জিকিৰ, নাটক, আধুনিক নৃত্য আদি । লগতে সদস্যাসকলৰ সন্তানৰ দ্বাৰাও গীত-মাত আদি পৰিবেশন কৰা হয় । বিয়লি ৩বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে স্থানীয় বয়োজ্যেষ্ঠ মহিলা প্ৰভা ৰাজখোৱাই ।

তলত অনুষ্ঠানটিৰ কিছু আলোকচিত্ৰ আগবঢ়াই দিলো ।

যোৱা ৩০ নবেম্বৰত শঙ্খধ্বনিৰ উদ্যোগত শিল্পগ্ৰামত বিয়ানামৰ এক অনন্য অনুষ্ঠান প্ৰদৰ্শিত হয় । ভাৰত চৰকাৰৰ Ministry of Cult...
17/12/2024

যোৱা ৩০ নবেম্বৰত শঙ্খধ্বনিৰ উদ্যোগত শিল্পগ্ৰামত বিয়ানামৰ এক অনন্য অনুষ্ঠান প্ৰদৰ্শিত হয় । ভাৰত চৰকাৰৰ Ministry of Cultural Affairs ৰ অধীনস্থ North East Zonal Cultural Center চমুকৈ NEZCC ৰ আহ্বান ক্ৰমে শঙ্খধ্বনিৰ সদস্যাসকলে অসমীয়া বিয়ানামৰ 'জোৰোণ' অংশটো অভিনয়ৰে সৈতে প্ৰদৰ্শন কৰি NEZCCৰ সঞ্চালককে ধৰি উপস্থিত সকলোৰে পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় । তাৰ লগে লগে আমাৰ সদস্যাসকলে ঘোষা নামৰ অনুষ্ঠান এটিও বৰ সুন্দৰকৈ প্ৰদৰ্শন কৰে । অনুষ্ঠানৰ কিছু স্নেপচট আগবঢ়ালো ।

যোৱা ৯ আগষ্ট তাৰিখে আমাৰ জ্যেষ্ঠ সদস্যা কল্পনা গগৈৰ বাসভৱনত 'শঙ্খধ্বনি'ৰ এখন কাৰ্য্যকৰী বৈঠক অনুষ্ঠিত হৈ যায় । বৈঠকত যো...
11/08/2024

যোৱা ৯ আগষ্ট তাৰিখে আমাৰ জ্যেষ্ঠ সদস্যা কল্পনা গগৈৰ বাসভৱনত 'শঙ্খধ্বনি'ৰ এখন কাৰ্য্যকৰী বৈঠক অনুষ্ঠিত হৈ যায় । বৈঠকত যোৱা জুলাই মাহত হৈ যোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীতৰ প্ৰতিযোগিতাখনিত হোৱা খৰচ-পাতিৰ কিছু তথ্য দাখিল কৰে কোষাধ্যক্ষা মঞ্জু কলিতাই । ইয়াৰ লগতে পৰৱৰ্তী কাৰ্য্যসূচী সম্পৰ্কে কিছু আলোচনা কৰি এইবাৰ ড: ভূপেন হাজৰিকাদেৱৰ গীতৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা চিন্তাচৰ্চা কৰা হয় । সুধাকণ্ঠৰ মৃত‌্যু তিথিৰ লগত সংগতি ৰাখি সেইমৰ্মে অহা ১০ নবেম্বৰ তাৰিখে জ্যোতি চিত্ৰবন প্ৰাঙ্গণত উক্ত অনুষ্ঠানভাগি পতিবলৈ সকলোৱে আগ্ৰহ প্ৰকাশ কৰে । আৰ্থিক দিশৰ পৰা অসুবিধা নহ'লে অনুষ্ঠানটি সুন্দৰকৈ সম্পন্ন হ'ব বুলি সকলোৱে মত পোষণ কৰে ।

16/07/2024

যোৱা ৭ জুলাইত আমাৰ মঞ্চৰ তৰফৰ পৰা "শঙ্খধ্বনি সন্মান" আগবঢ়োৱা মূহুৰ্তত বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া ।

16/07/2024

Address

Gauhati
781019

Telephone

+917002118490

Website

Alerts

Be the first to know and let us send you an email when Shangkhadhwani Samajik Sanskritik Mancha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Shangkhadhwani Samajik Sanskritik Mancha:

Share