Crabs Janata Party

Crabs Janata Party কেঁকোৰা জনতা পাৰ্টী

22/05/2026

*"জন্ম হ'ল... কেঁকোৰা জনতা পাৰ্টী 🦀✊"*

বহুত দিন হ'ল। ভোটৰ আগত "মই তোমাৰ" আৰু ভোটৰ পিছত "তুমি কোন?" — এই নাটক চাই চাই আমি ভাগৰি গ'লোঁ।

কেঁকোৰা নৰম নহয়, কেঁকোৰা পিছ নহাটে। কেঁকোৰাই য'ত কামোৰে, তাত দাগ থাকে।

গতিকে আজিৰ পৰা ৰাজপথত নামিল "কেঁকোৰা জনতা পাৰ্টী"।

*আমাৰ এজেণ্ডা খুব সৰল:*

১. *কামোৰি ধৰিম* — তোমাৰ টকাত সজা ভগা সেঁতু, ফাটি যোৱা পাইপ, কাগজত থকা স্কুল — য'তেই অন্যায়, তাতেই আমাৰ কামোৰ।
২. *পিছ নহাটিম* — নেতাৰ আগত মূৰ নত নকৰোঁ, জনতাৰ আগতহে মূৰ নত কৰোঁ।
৩. *আঁকোৰাই থাকিম* — যেতিয়ালৈকে হিচাপ নাপাওঁ, যেতিয়ালৈকে উত্তৰ নাপাওঁ।

এইটো কোনো ডাঙৰ নেতাৰ পাৰ্টী নহয়।
এইটো তোমাৰ, মোৰ, আমাৰ — সাধাৰণ জনতাৰ পাৰ্টী।

যদি তোমাৰ মনতো খং আছে, যদি তুমিও প্ৰশ্ন কৰিব বিচৰা — তেন্তে আহাঁ।
*কেঁকোৰাৰ দৰে লাগি থাকাঁ, কাৰণ সত্য কেতিয়াও পিছ নহাটে।*

#কেঁকোৰা_জনতা_পাৰ্টী #কামোৰি_ধৰিম #প্ৰশ্ন_কৰা_আমাৰ_অধিকাৰ

---

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Crabs Janata Party posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share