Copy Paste

Copy Paste Ctrl+C & Ctrl+V... Simply Copy-Paste is not a Crime... it's a Universal function of Computing!

🔹️ মুকলি বতাহ...
29/08/2026

🔹️ মুকলি বতাহ...

নমস্কাৰ।মোৰ নাম ইন্দ্ৰানী সাহা (Indrani Tezpori)। মই এজনী বেংগলী ছোৱালী হয় আৰু মোৰ born and brought up in Assam, তেজপুৰ...
06/08/2026

নমস্কাৰ।

মোৰ নাম ইন্দ্ৰানী সাহা (Indrani Tezpori)। মই এজনী বেংগলী ছোৱালী হয় আৰু মোৰ born and brought up in Assam, তেজপুৰ। আপোনালোকে যদি মোৰ Instagram আৰু Facebook profile-টো চায়, আপোনালোকে চাব যে মোৰ নাম তাতে indrani.tezpuri বুলি আছে।

তেজপুৰী সেয়েহে... কিয়নো মই জন্ম গ্ৰহণ কৰিছোঁ অসমৰ তেজপুৰত। তাতেই মোৰ শিক্ষা, মোৰ নৃত্য শিক্ষা। মই এজন artist হিচাপে established হৈছিলোঁ, কাম কৰিছিলোঁ। মোৰ গোটেই ৩০ বছৰ মই তাতে ধুনীয়াকৈ কটাইছোঁ। তাৰ পিছত মই বিয়া হৈ লণ্ডনলৈ আহিলোঁ।

আহাৰ পিছত ভাবিছিলোঁ বহুত কিবা-কিবি কৰিম মোৰ নাচ আৰু গানক লৈ। কিন্তু atmosphere, support, society, environment was not like what it is back home.

ঘৰত মই মানে যেতিয়া তেজপুৰত আছিলোঁ, তাতে মই ঘৰত বহিয়েই সকলো পাই গৈছিলোঁ। খুব আৰামৰ জীৱন আছিল। মোৰ কাম, মোৰ fame—সকলো বস্তুৰ কাৰণে মোৰ কেতিয়াও হাত পাতিবলগীয়া হোৱা নাই, কামো মোৰ হাততেই আহিছিল সদায়। কিন্তু ইয়াত আহি মই একোৱেই পোৱা নাই।

তাৰ পিছত মই মাতৃ হ'লোঁ, জীৱনটো আৰু different হৈ গ'ল, বহুত বেলেগ। ইয়াত ঘৰত গোটেইখিনি কাম কৰাৰ লগে লগে বাচ্চাটোক ডাঙৰ কৰিব লাগে। সেয়েহে ভগৱানে মোক যে এই গুণখিনি দিছিল, মই কেতিয়াও নিজৰ কাৰণে ইয়াক আগুৱাই লৈ যাব পৰা নাছিলোঁ।

১০-১১ বছৰ পিছত যেতিয়া মই ভাবিবলৈ আৰম্ভ কৰিলোঁ যে মোৰ জীৱনটো ক'লৈ গৈ আছে, ভগৱানে মোক যিখিনি গুণ দিছে সেয়া মই একোৱেই কৰিব পৰা নাই। আটাইতকৈ ডাঙৰ কথা, যিহেতু মই এনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছোঁ য'ত মই ঘৰত বহিয়েই সকলো পাই গৈছোঁ, মই কাৰো আগত হাত পাতিব নোৱাৰোঁ যে— "চাওক মই নাচিব পাৰোঁ, মোক নাচিবলৈ দিয়ক" বা "মই গান গাব পাৰোঁ, মোক গান গাবলৈ দিয়ক"। মই এইটো বস্তু মোৰ life-অত কেতিয়াও experience কৰা নাই, সেয়েহে ইয়ালৈ আহি মই কেতিয়াও এইটো কৰিব পৰা নাই। সেইটো মোৰ গুণ বুলি নকওঁ, কৰিব পাৰিব লাগিছিল, কিন্তু মই পৰা নাছিলোঁ।

2023-ৰ January-অত মই ভাবোঁ ভগৱানেই চাগে মোক এই idea-টো দিলে যে তুমি ৰাস্তাত perform কৰিব পাৰিবা। যেতিয়া এই কথাষাৰ মোৰ mind-লৈ আহিল, মই ইয়াৰ ওপৰত research কৰা আৰম্ভ কৰিলোঁ, যাক busking বুলি কয়। তেতিয়া মই চালোঁ যে কেনেকৈ মই নিজক prepare কৰিব পাৰোঁ, মোৰ setup লৈ ইয়াৰ rules বিলাক মানি কেনেকৈ মই এইটো কৰিব পাৰোঁ।

তাৰ পিছত চালোঁ যে এইটো কৰাটো এনেই নহয় যে মই এটা speaker আৰু microphone লৈ গৈ perform কৰি দিলোঁ; ইয়াত বহুত rules regulations আছে। Within 15 days মই গোটেইখিনি বুজি ল'লোঁ—কোনটো soundbox মোৰ কাৰণে carry কৰিবলৈ easy হ'ব, কিয়নো মই অকলে। মই 4th floor-অত থাকোঁ (ground floor এৰি তাৰ ওপৰৰ 4th floor)। মই এই ডাঙৰ suitcase-টো লৈ তললৈ যাব লাগিব আৰু তলৰ পৰা ওপৰলৈ উঠিব লাগিব অকলেই। তাৰ ওপৰি license কৰিব লাগিব, যি যি rules regulations আছে সেয়া মানিব লাগিব। সকলো study কৰি information লৈ মই 2023ৰ January-অত মোৰ first street performance (busking) কৰিলোঁ।

আপোনালোকৰ লগত মই এনেকৈ কথাটো share কৰিম বুলি ভবা নাছিলোঁ, কিন্তু আজি এই কথাখিনি share কৰাৰ সময়ত মোৰ বুকুখন বহুত জোৰে জোৰে beat কৰি আছে, কিয়নো এইটো মোৰ কাৰণে বহুত emotional কথা।

যিদিনা মই first evening street performance কৰিলোঁ, ৰাস্তাত গালোঁ, মই নিজকে কেতিয়াও তেনেকৈ ভবা নাছিলোঁ যে এনেকৈ কৰিম বুলি। মোৰ only উদ্দেশ্য আছিল যে মই কেৱল গান গাব বিচাৰোঁ, মোৰ ওচৰত stage নাই। ভগৱানে কোনো চক্ৰান্তত মোক মিলাই দিছে যে ৰাস্তাটোৱেই তোৰ stage হয়, মই এই ভাৱনাৰেই গৈছিলোঁ। মোক কোনে চাব, কোনে মোৰ গান শুনিব, কিয়নো Central London-অত মই গাওঁ Hindi songs, Bollywood songs, সেয়াহে মই জানোঁ; মই English songs নাগাওঁ।

যেতিয়া মই গৈছিলোঁ, একো আশা নাছিল যে মানুহে ৰৈ মোৰ গান শুনিব, ভাল পাব বা enjoy কৰিব। মই কেৱল নিজক enjoy কৰিবলৈ গৈছিলোঁ, গোটেই preparation কৰি যাতে মই নিজক ক'ব পাৰোঁ যে মই গাইছোঁ আৰু ৰাস্তাৰ ইফালে-সিফালে যোৱাসকলে শুনিছে। এইখিনিয়েই মোৰ আশা আছিল।

কিন্তু সিদিনা মই যেতিয়া perform কৰা আৰম্ভ কৰিলোঁ (আৰু মই কেইজনমান friend-অক জনাইছিলোঁ, যদিও মোৰ বেছি friend নাই এইখন দেশত, তেওঁলোক আহিছিল যিসকলে মোক চিনি পায়), লাহে লাহে within half an hour বহুত মানুহ মোৰ আগত ৰৈ গ'ল। At the end of my show ইমান মানুহ ৰৈছে আৰু ইমান enjoy কৰিছে মোৰ performance—আৰু সেইটো মোৰ first day আছিল!

পইচাৰ কাৰণে মই এটা বাকচ লৈ গৈছিলোঁ যদি কোনোবাই বিচাৰি দিয়ে, কিন্তু কিমান পাম বা নাপাম মই একো আশা কৰা নাছিলোঁ। কিন্তু মানুহে মন ভৰাই মোক পইচা দিলে সিদিনা। মই যেতিয়া performance শেষ কৰি ঘৰলৈ আহি আছিলোঁ, গোটেই journey-টো মই কেনেকৈ আহি পালোঁ মই ক'বই নোৱাৰিলোঁ, সপোনত থকা যেন লাগিছিল। ঘৰত আহি যেতিয়া বাকচটো খুলি চালোঁ কিমান পাইছোঁ, মই আচৰিত হৈ গ'লোঁ যে সেইখিনি সময়ত মানুহে মোক ইমান ভাল পালে আৰু ইমানখিনি ধন দিলে যে মই কাৰো আগত চাকৰি বা কাম বিচাৰি যাব নালাগে! ভগৱানে মোক ইমানখিনি গুণ আৰু কলা দিছে যে I can do anything!

য’তেই মই থিয় হওঁ, মোৰ confidence level-টো ইমানখিনি বাঢ়িল সিদিনা যে মই ভাবি ল’লোঁ—নিজক সুখী কৰিবৰ কাৰণে যি পদক্ষেপ লৈছোঁ, সেইটো মোৰ কাৰণে perfectly aligned.

তাৰ পিছত, সিদিনাখনতো excitement আছিল; তাৰ পিছত যেতিয়া as a career মই ভাবিলোঁ (মই part-time দুদিনৰ কাৰণে চাকৰি কৰি আছিলোঁ সেই সময়ত), মই decide কৰিলোঁ যে চাকৰিটো নকৰোঁ। কিয়নো মোৰ বাচ্চাটোক চাবলৈ ঘৰত কোনো নাই, বহুত মিলাই চলিব লাগে, so this is the best thing for me to do. মই বাচ্চাটোৰ আগে-পিছে কামটো মিলাই ল'ব পাৰিম যেনেকৈ মোৰ ইচ্ছা, I am independent.

তাৰ পিছত বহুত দিনলৈকে মই বহুত struggle কৰিছোঁ to go out from the home, take the whole journey, and put my arrangement on the street and start singing. কিয়নো বহুত ধৰণৰ মানুহ ওচৰে-পাজৰে গৈ থাকে, বহুত ভয় আছিল আৰম্ভণিতে।

কিন্তু লাহে লাহে মোৰ সেই busking experience-টো কৰি কৰি, as a profession নহয়, professional ভাৱেই কেৱল নহয়, as a person যে মই কিমানখিনি grow কৰিছোঁ, সেইটো মইহে জানোঁ। মই বহুত বহুত কৃতজ্ঞ এইখন দেশত থকাৰ কাৰণে যে এইখিনি সুবিধা পাইছোঁ কৰিবলৈ। বহুত ধুনীয়া এটা process. যিমানখিনি মানুহে মোক চায়, ৰয়, তেওঁলোকে ইমান সন্মান আৰু আদৰ কৰে আৰু মৰমেৰে পইচা দিয়ে। মই কাৰো পৰা একো নিবিচাৰোঁ, মোৰ stand থাকে, তাতে ৰৈ গাওঁ, মোৰ এটা card machine-ও আছে—যাৰ মন যায়, গান শুনি তেওঁলোকে দিয়ে, আৰু সেইটোৱেই মোৰ কাৰণে sufficient.

বহুতবাৰ এনেকুৱাও হয় যে মানুহে আহি (হয়তো তেওঁলোক ডাঙৰ content creator বা vlogger হ'ব পাৰে) বহুত videos লয়, বহুত কিবা-কিবি কৰে, কিন্তু enjoy কৰি গুচি যায়, একো নিদিয়ে। মই সিদিনাখন ভাবোঁ যে মোৰ ফালৰ পৰা মই তেওঁলোকক অলপ সময়ৰ কাৰণে সুখী কৰিব পৰাটোৱেই মোৰ অৰ্জন। ভগৱানে মোক মানুহক সুখী কৰিব পৰা যি মুহূৰ্ত আৰু art দিছে, সেইটোৱেই মোৰ সিদিনাৰ earning বুলি ভাবি ঘৰলৈ গুচি আহোঁ।

আজি মেঘৰঞ্জনীৰ লগত আমি গৈ যিখিনি কৰিলোঁ, সেইটো part of my profession আছিল। আজি মোৰ কাৰণে মই যিখিনি earning কৰোঁ, এইটো মোৰ profession. মোৰ মা-দেউতাকো যদি কোনো কাৰণত পইচা পঠিয়াব লাগে, মই এনেকৈয়ে পইচা যোগাৰ কৰি পঠিয়াও। মোৰ মাতৃভূমি যেতিয়া দুখত আছে, তাৰ মানুহবোৰ যেতিয়া দুখত আছে, মোৰ ওচৰত পইচা উপাৰ্জনৰ বেলেগ উপায় নাই, so মই এনেকৈয়ে earn কৰিম।

মেঘৰঞ্জনীহঁত যেতিয়া UK-লৈ আহে, সিহঁত সদায় আমাৰ লগতে থাকে, because মই তেওঁৰ মাৰ (মৰমী মেধিৰ) student আৰু এতিয়া মই তাইৰো student. আমি বিগত ২০ বছৰ ধৰি বহুত close. আমাৰ ঘৰতে সিহঁত থাকেহি আৰু আমি খুব ধুনীয়াকৈ সময় পাৰ কৰোঁ, তাইৰ পৰা শিকোঁ, ফুৰিবলৈ যাওঁ—মোৰ কাৰণে এইটো family পোৱাৰ নিচিনাই হয় ইয়াত।

মোৰ busking career-ত মৰমী মেধি মেম আৰু গোটেই family, মেঘৰঞ্জনীয়ে বহুত support কৰিছে, কিয়নো সিহঁতো artist. সিহঁতে গম পায় যে Art is never restricted in any way. এইটো মুকলি বস্তু—বতাহত উৰে, ৰাস্তাত উৰে, auditorium-অত উৰে, ডাঙৰ stage-অত উৰে, মানুহৰ ঘৰত—সকলোতে থাকিব পাৰে। Art is never in a boundary, কোনো border-অৰ under-অত নহয়, এইটো আমি সকলোৱে জানোঁ।

মেঘৰঞ্জনী যেতিয়া ইয়াত আছিল, আমাৰ মনলৈ এই idea-টো আহিল... মানে মই সিহঁতৰ মুখৰ পৰা শুনি আছিলোঁ। মই social media-ত ইমান active নহয়; যদিও Instagram-অত profile আছে, মাজে-মাজেহে গানৰ কিবা post কৰোঁ। কিয়নো মই অকলে, মোক যে কোনোবাই video কৰি দিব তেনেকুৱা মানুহো নাই। Audience-এ video কৰিলে মই request কৰোঁ—"Can you please send me the video?" তেওঁলোকে পঠিয়ালে I sometime post.

নীল আৰু মেঘৰঞ্জনী ইয়ালৈ আহিল, অহাৰ পিছত যেতিয়া অসমত বানপানীৰ সমস্যাটো আহিল, সিহঁতক মই সদায় আলোচনা কৰি থকা শুনোঁ। ফোনত বেলেগৰ লগত কথা পাতি plan কৰি আছিল—as soon as they reach in Assam, what they gonna do about all this.

মই তেতিয়া ভাবি আছিলোঁ যে মোৰ জীৱনৰ এনেকুৱা এটা সময় চলি আছে যে মোৰ নিজৰে help লাগে, I am not in a situation to help anyone, সঁচা কথা এইটো। মই ভাবি আছিলোঁ যে সিহঁতৰ হাতত 20 pound এটা দিম, ইয়াতকৈ বেছি মই কৰিব নোৱাৰিম।

যিদিনা মোৰ কথাটো মনলৈ আহিল যে busking-অৰ জৰিয়তে (through busking we can ask help from the people) মই মানুহৰ পৰা সাহায্য বিচাৰিব পাৰোঁ, মোৰ গোটেই arrangement আছেই, গৈ কেৱল অসমৰ মানুহৰ কাৰণে মই বেছিকৈ টকা উঠাব পাৰিম—তেতিয়া মই মেঘৰঞ্জনীক ক'লোঁ যে "তুমি কি ভাবা, এনেকৈ কৰিব পাৰি নেকি? তুমিও নাচিবা, মই গাম।"

আমি দুয়োটাই যেতিয়া বহিলোঁ, আমি ইমান emotional হৈ গ'লোঁ এই decision-টো লৈ! Because তাইৰ কাৰণে emotional হোৱাৰ কাৰণ আছিল যে তাই সদায় world-অৰ বিভিন্ন ঠাইত always invited হয় to show and perform, and of course most of the time it is professionally, but this is the time when she is able to show her art for a good reason.

আমি যেতিয়া এই পদক্ষেপটো ল'ম বুলি decide কৰিলোঁ, লগে লগে আমি কেনেকৈ setup কৰিব পাৰোঁ, বোৰ্ডত লিখা, QR code উলিওৱা, গান-নাচৰ practice মিলোৱা—গোটেইবোৰত ব্যস্ত হৈ পৰিলোঁ। আমাৰ কোনো intention নাছিল যে media-ত গৈ বা মেঘৰঞ্জনীৰ... মেঘৰঞ্জনী এনেও media attention বিচৰা মানুহ নহয়, because she knows who she is. She is a goddess herself, she doesn't need any recognition for this.

আমি সকলো ready কৰি মোৰ চিনাকি মানুহখিনিলৈ message কৰিলোঁ যে আমি এনেকুৱা ঠাইত থাকিম, আপোনালোকে আহিব পাৰিলে আমাক support কৰিব, আৰু নাহিলে online bank transfer কৰিব পাৰে। বহুতে আহিল আমাৰ অনুষ্ঠান চাবলৈ—মোৰ চিনাকি মানুহ বা মোক as an audience ভালপোৱাসকল।

আমাৰ এই street performance-অৰ donation-অৰ কাৰণে যি plan কৰি গৈছিলোঁ, মানুহবোৰে যিমান donation কৰিলে, আমি কাৰো আগত হাত পতা নাছিলোঁ। আমি আমাৰ কলাৰে... মেঘৰঞ্জনীয়ে— মই কেনেকৈ describe কৰিম সেই moment-টো নাজানোঁ—অপ্সৰা আকাশৰ পৰা আহি ৰাস্তাত নাচি থকাৰ দৰে, আপোনালোকে যেনেকৈ কল্পনা কৰিব, সেই দৃশ্যটো live চাওঁতে তেনেকুৱাই লাগিছিল। ইমান proud feel কৰিছোঁ যে মই এনে এজনক চিনি পাওঁ! এই সৰু কথাটোতে মই বহুত proud feel কৰিছোঁ।

মানুহে বহুতে কৈছে যে কোনোবাই ঘূৰিও চোৱা নাছিল। সঁচা কথা ক'বলৈ গ'লে আমি কেমেৰা বা ফটোগ্ৰাফাৰ লৈ যোৱা নাছিলোঁ। Audience-অৰ কাৰোবাৰ হাতত ফোনটো দি কৈছিলোঁ—"আপোনালোকে অলপ তুলি দিয়কচোন।" Media-ৰ কাৰণে আমাৰ একো preparation নাছিল। মোৰ সৰু ল'ৰাটোৱে বোৰ্ডখন hold কৰিবলৈ গৈছিল, সিও মোক video কৰি দিছে।

যেতিয়া মই গান গাই আছিলোঁ আৰু মেঘৰঞ্জনীয়ে নাচি আছিল, ১০-১৫ জন যিমান মানুহ আছিল, performance শেষ হোৱাৰ পিছত—they don't know our language, they don't know what song we are singing, but just seeing and listening to this music, they have come towards us আৰু আমাক ক'লে যে তেওঁলোকৰ goosebumps উঠি গৈছে এই গান আৰু performance চাই! সেইটো এটা বিৰাট ডাঙৰ প্ৰাপ্তি।

ড০ ভূপেন হাজৰিকাৰ এই গানসমূহ কেৱল অসমৰ কাৰণে নহয়, গোটেই বিশ্বৰ কাৰণে... আৰু এইটো আগবঢ়াই লৈ যোৱাটো আমাৰ কৰ্তব্য। বানপানীৰ কাৰণটো বাৰু আছেই, কিন্তু আমি এটা সুন্দৰ platform গঢ়িবলৈ সক্ষম হৈছোঁ যাৰ কাৰণে এইটো কৰিব পাৰিছোঁ।

কাৰো আগত আমি বাকচ লৈ যোৱা নাই। আমাৰ stand আৰু স্পীকাৰ তাতে আছে, আমি তাতে ৰৈ perform কৰি আছোঁ। যাৰ doubt আছিল যে এইটো scam নেকি, তেওঁলোকে QR code-টো scan কৰি BBC News-অত ওলোৱা খবৰটো পঢ়িছে (they have read what is on the BBC news, they have seen our performance) আৰু তেওঁলোকে wholeheartedly, happily pay কৰিছে। বহুত ছোৱালী Europe-অৰ পৰা আহিছিল, they only had Euros, Pound নাছিল; তেওঁলোকে সুধিছিল Euro-ত pay কৰিব পাৰি নেকি? মই ক'লোঁ—"Of course, I can convert."

আমি দুটা ঠাই মিলাই জাষ্ট ২ ঘণ্টা মান (maybe just over two hours) perform কৰিছিলোঁ। ইমানখিনি ভালপোৱা-মৰম পাইছোঁ যে মই describe কৰিব নোৱাৰোঁ। মই ছাৰে তিনি বছৰ ধৰি busking কৰি আছোঁ, কিন্তু this is the most special moment for me.

Piccadilly-ত যেতিয়া perform কৰি আছিলোঁ, আমাৰ সময় পাৰ হৈ গৈছিল (busking-অৰ এটা সময় থাকে, আমাৰ সময়লৈ মন নাছিল)। Council-অৰ মানুহ আহি আমাক inform কৰিবলৈ ল'লে যে সময় হৈ গ'ল, আপোনালোকে আৰু কৰিব নোৱাৰে। They were so respectful! They know artist-ক পইচাতকৈ বেছি respect লাগে। They were standing there until we finished our song or dance. যেতিয়া আমি শেষ কৰিলোঁ, তেতিয়া নিজৰ identity দেখুৱাই ক'লে যে সময় শেষ হৈছে। কিন্তু এইখিনি কোৱাৰ পিছতো তেওঁলোকে মেঘৰঞ্জনীক ইমান ধুনীয়াকৈ praise কৰিলে! They are from this country, তথাপি ক'লে যে এনেকুৱা ধুনীয়া performance তেওঁলোকে দেখা নাই।

এতিয়া ৰাস্তাত perform কৰোঁ বা stage-অত perform কৰোঁ, what is the intention for the artist? Intention-টো কি? Intention হ'ল নিজৰ art-টো দেখুওৱা, মানুহক মনোৰঞ্জন কৰা আৰু আমাৰ culture-টো দেখুওৱা। Doesn't matter we are on the stage or on the street, আমি যি কৰি আছোঁ সেই purpose-টো আমাৰ fulfill হৈ আছে। তাত কোনো বেলেগ মন্তব্য হ'ব নোৱাৰে।

ভিক্ষা কৰা বা নাক-কান কটা আদি মন্তব্য যেতিয়া মানুহে কৰা দেখিলোঁ, মই ভাবিলোঁ—সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া মোৰ মা-দেউতাক প্ৰথমবাৰ কৈছিলোঁ যে মই busking কৰিম বুলি decide কৰিছোঁ... "This I will take as a profession", মোৰ মা-দেউতাই বুজি পোৱা নাছিলে মই কি কৈ আছোঁ। "ৰাস্তাত গান গাবি নেকি তই?" They have always seen me performing on the stage. আৰু মই বুজি পাইছোঁ যে তেওঁলোকে বস্তুটো কেনেকৈ লৈছে, because they know me, মানা কৰিলেও মোক কৈ লাভ নাই, মই যি ভাবিছোঁ সেইটোৱেই কৰিম। They said, "Okay, whatever you feel good, you do."

তাৰ পিছত সেইটো বছৰতে মোৰ মা-দেউতা মোক লণ্ডনত visit কৰিবলৈ আহিলে। তেওঁলোকক মই এবাৰো ক'বলৈ সাহস পোৱা নাই যে "ব'লা মোৰ লগত চাবা মই কি কৰোঁ ৰাস্তাত", কিয়নো মই জানিছিলো যে যদিও মা-দেউতাই মোক কৈছে কৰিবৰ কাৰণে, কিন্তু তেওঁলোকৰ ভিতৰত কিবা এটা সংকোচ আছে—ৰাস্তাত মই গান গাম!

Central London-অত ISKCON মন্দিৰ এটা আছে। এদিন মই মা-দেউতাক ক'লোঁ যে "ব'লা তাতে লৈ যাওঁ" বুলি, "আৰু তাৰ পৰা মই অলপমান গান গাম, তোমালোকে চাই গুচি যাবা।" So, মোৰ সৰু ল'ৰাটো আৰু মা-দেউতাক লৈ তেনেকৈ plan কৰিলো... I wanted them to see, basically.

Piccadilly Circus-ত মই গান গালোঁ। মোৰ performance শেষ হোৱাৰ পিছত, মোৰ ওচৰত যিমান audience আছিল, তেওঁলোকে আহি মোৰ মা-দেউতাক—কিয়নো মই announce কৰি আছিলোঁ যে আজি মোৰ special day, মোৰ মা-দেউতা মোৰ লগত আহিছে—তেওঁলোকে আহি মোৰ মা-দেউতাক ইমান সম্মান, ইমান প্ৰশংসা কৰিছে মোৰ কাৰণে, মোৰ লগত মানে... My parents couldn't মানে differentiate কৰিব পৰা নাই যে মই ক'ত perform কৰি আছোঁ—stage-ত, নে ৰাস্তাত!

কিয়নো ইয়াৰ মানুহবিলাক ইমানেই respectful হয়, they know how to respect the artist, how to respect the art.

তাৰ পিছত মই... মোৰ মা-দেউতাৰ যে গোটেই চিন্তাধাৰাটো কেনেকৈ change হ'ল, how much they are happier for me to do what I am doing, সেইটো মই বুজি পালোঁ।

এতিয়া আপোনালোকে বহি বহি তাতে "ভিক্ষা কৰা" এইবিলাক হয়তো ভাবিছে, because আপোনালোকে এইটো experience কৰা নাই, আপোনালোকে দেখা নাই বস্তুটো কি! সেইকাৰণে আপোনালোকৰ জ্ঞানটো নাই কাৰণে সেইবিলাক কথা কৈছে।

মই আশা কৰোঁ কেতিয়াবা হয়তো ভগৱানে আপোনালোককো এইখিনি আনি দিব moment আপোনালোকৰ life-অত, য'ত আপোনালোকে এইটো experience কৰিব পাৰিব আৰু আপোনালোকে বুজিব পাৰিব মই কি কৰি আছোঁ—busking কাক কয়, আৰু respectful audience হোৱা কাক কয়... সেইটো।

মেঘৰঞ্জনীক লৈ যিখিনি তোলপাৰ হৈছে, মই সঁচা কথা কওঁ—তাই এজনী artist, ডাঙৰ artist, world famous কথক ডান্সাৰ তাই। কিন্তু as a human, she is the most beautiful person I have ever met in my life. মোৰ কাৰণে the closest. আৰু আজি মোৰ এনেকুৱা লাগিছে যে মোৰ কাৰণেই তাই এইবিলাক face কৰিবলগা হৈছে।

মই জানোঁ তাইৰ art-টো ইমান সস্তা নহয়, তাই ভাঙি তেনেকৈ নাযায়, মানে যি হৈছে মানে কিবা এটা কাৰণতেই হৈ আছে চাগে।

কিন্তু আপোনালোকৰ ওচৰত মই এই video-টো কৰাৰ কাৰণ এইটোৱেই হ'ল যে—অলপ আপোনালোকৰ চিন্তাশক্তিটো ডাঙৰ কৰক।

আমি যি কৰিছোঁ... বা মই কৰি যাম... এতিয়া মেঘৰঞ্জনী আৰু নীল গুচি গৈছে, কিন্তু মই অসমৰ কাৰণে যিমানখিনি help কৰিব পাৰোঁ... মই ভাবিছোঁ মোৰ বোৰ্ডখিনি আছে, মোৰ বাচ্চাটোক লৈ মই এতিয়া অকলে, বাচ্চাটোক দি বোৰ্ডখন ধৰাম আৰু যিমানখিনি মানে সপ্তাহত এদিন হওক বা যিমানখিনি মই পাৰোঁ, অসমৰ কাৰণে মই collect কৰিম আৰু মই অসমলৈ পঠিয়াম।

অসম মোৰ মাতৃভূমি হয়। আৰু এই দুনিয়াৰ কাৰো right নাই মোক এইটো কৰা কাৰণে কিবা ক'বলৈ।

এতিয়া এই busking কৰি কৰি as a human মই ইমান powerful হৈছোঁ, এই পৃথিৱীৰ কোনো বস্তুৱেই মোক effect নকৰে।

মই কেৱল অলপ দুঃখিত হৈছোঁ যে ইমনৰ নিচিনা, মেঘৰঞ্জনীৰ নিচিনা ইমান মানে goddess... মানে দেৱীৰূপী এজনী ছোৱালীক এনেকৈ মানুহে কৈছে, সেইটোত মই দুঃখিত হৈছোঁ, আৰু বাকী কোনো কথা নাই।

So, মই আপোনালোকক অনুৰোধ কৰিছোঁ—busking কাক কয় জানি লওক, এইটো যে ভিক্ষা নহয়, আৰু যি কৰিছোঁ আমি আমাৰ মনৰ পৰা, আমাৰ কলা দেখুৱাই মানুহক আমি আকৃষ্ট কৰিছোঁ, মানুহক aware কৰিছোঁ আমাৰ অসমৰ অৱস্থাৰ কাৰণে, কি হৈ আছে অসমৰ। এয়াই আমাৰ বাবে মূল কথা।

ধন্যবাদ। নমস্কাৰ।

(অসমৰ বানাক্ৰান্তক সহায় কৰাৰ উদ্দেশ্য লণ্ডন নিবাসী অসমৰ 'বাস্কিং আৰ্টিষ্ট’ ইন্দ্ৰাণী সাহাৰ সৈতে নৃত্যশিল্পী মেঘৰঞ্জনীয়ে লণ্ডনৰ ৰাজপথত গীত-নৃত্য পৰিৱেশন কৰাক লৈ অসমত হোৱা বিতৰ্কৰ পিছতে ইন্দ্ৰাণী সাহাই ফেচবুকত ভিডিঅ’যোগে আগবঢ়োৱা মন্তব্যৰ হুবহু লিখিত ৰূপ।)

25/07/2026

🔹 সফলতা এনেকৈয়ে আহে!️ ১০ মিনিটৰ মূৰে মূৰে উল্টা-আন্দোলন চলাইছিল এইজন জেন-জিয়ে...

25/07/2026

🔹️ ঝুকতি হ্যায় দুনীয়া, ঝুকানেৱালে ছাহিয়ে...

25/06/2026

🔹️ আপুনি, পূজাৰী আৰু ভিক্ষাৰী... কোনে কাক ধন বিচাৰে? মেইন কিন্তু আপুনিয়েই...

24/06/2026

Copy-Paste 📌কোনোবা ব্লণ্ডিক আপুনিও চিনি পাই নেকি?

22/06/2026

📌 এবটল পানী চোৰ কৰি খোৱাৰ বাবেই মোক গুৱাহাটীত মাৰিছিলঃ আব্বাছ চোৰৰ শেহতীয়া ভিডিঅ’…

21/06/2026

🚨 এটা চোৰে সম্পূৰ্ণ এটা দিন মিছা কথাৰে কেনেকৈ সকলোকে বুৰ্বক বনাই ৰাখিলে সেয়া লাহে লাহে পোহৰলৈ আহিছে। চোৰটোৰ নাম আছিল আব্বাছ আলী। গুৱাহাটীৰ হাতীগাঁৱত ১৯ জুনত হাটে-লোটে ধৰা পৰিছিল আব্বাছ। ৰাইজে পুলিচ অহালৈকে নিশাটো খুটাঁত বান্ধি ৰাখিছিল আব্বাছক। তাৰ পিছতহে আব্বাছৰ আচঁল প্ৰতিভা ওলাল। অতিপাত টেঙৰ বাবেই ৰাইজৰ মাৰৰ পৰা বাচিবলৈ হয়তো আব্বাছে যি টি কথা কবলৈ ল'লে। জুবিন গাৰ্গৰ গান গালে, জুবিন গাৰ্গক মাৰি পেলালে বুলি কান্দিও দিলে মাজতে।

ক'ত কি কৰ বুলি ৰাইজৰ মাজৰে এজন আব্বাছক প্ৰশ্ন কৰিছিল। আব্বাছে কৈছিল- মই চোৰেই কৰো। চোৰ কৰিয়েই গুৱাহাটীত মাটি-বাৰী সকলো কৰিলো। আব্বাছে কোৱা এই কথাখিনিৰ ভিডিঅ যেতিয়া অসমৰ সংবাদমাধ্যমৰ হাতত পৰিল। তেতিয়া এই খবৰটো হৈ পৰিল বিগ ব্ৰেকিং। চোৰ কৰি চোৰে গুৱাহাটীত মাটি-বাৰী কিনা প্ৰসংগটো প্ৰায় সকলো ইলেক্টনিক সংবাদ মাধ্যম আৰু ডিজিটেল পৰ্টেল সমূহে প্ৰচাৰ কৰিলে। দিনটোৰ ভিতৰতে ফেমাছ হৈ পৰিল আব্বাছ।

তাৰ পিছত আব্বাছক লৈ পুলিচে কি কৰিলে, তাৰ খবৰ কোনেও নাপালে। হাতীগাওঁ থানাই আব্বাছক গতাই দিলে কলগাছিয়া আৰক্ষীক। কলগাছিয়া আৰক্ষীয়ে যাৱতীয় কাম-কাজৰ পিছত এৰি দিলে আব্বাছক। আব্বাছ ঘৰত পায়ে পুনৰ এটা ভিডিঅ বনালে। সেই ভিডিঅটোও এতিয়া লাখ লাখ লোকে চাইছে। বৰ্তমান কলগাছিয়াৰ সেই ঘৰখনতে আছে আব্বাছ।

আমি খবৰ কৰি জানিব পাৰিলো যে, আব্বাছৰ গুৱাহাটীত কোনো ঘৰ নাই। কোনো মাটিও নাই। কলগাছিয়াতেই এখন সাধাৰণ ঘৰ আছে আব্বাছৰ। আব্বাছে কথা অলপ বেছিকৈ কয়। আৰু তেওঁ কোৱা বেছিভাগ কথাই কাল্পনিক নাইবা মিছা। আৰু সেই মিছা কথাবোৰেতই আমি সকলোবোৰ ব্যস্ত থাকিলো এটা সম্পূৰ্ণ দিন।

শেষত কওঁ, জুবিন গাৰ্গৰ প্ৰতি আব্বাছৰ প্ৰেম হয়তো মিছা নহয়। কিন্তু জুবিনৰ নাম ব্যৱহাৰ কৰি আব্বাছেও সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চাইছিল নেকি, সেয়াও ভাৱিব কিন্তু ভাৱিবলগীয়া...

🚨 কলাগুৰুক জুবিন গাৰ্গে নিজৰ গুৰু হিচাপে মানিছিল। পত্নী গৰিমা গাৰ্গকো প্ৰায়েই কৈছিল ৰাভাৰ জীৱন দৰ্শনৰ কথা। ২০জুন, ২০২৬ত ...
20/06/2026

🚨 কলাগুৰুক জুবিন গাৰ্গে নিজৰ গুৰু হিচাপে মানিছিল। পত্নী গৰিমা গাৰ্গকো প্ৰায়েই কৈছিল ৰাভাৰ জীৱন দৰ্শনৰ কথা। ২০জুন, ২০২৬ত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আয়োজিত ৰাভা দিৱসৰ কাৰ্যসূচীত এনে কিছু স্মৃতিৰ ৰোমন্থন কৰিলে গৰিমা শইকীয়া গাৰ্গে…

প্ৰণয় ৰয়...মনোজ শৰ্মাএই ফটোখনে যোৱাকালি সমগ্ৰ দেশতেই তোলপাৰ লগাইছে। প্ৰণয় ৰয়ে নিজৰ য়ুটিউব চেনেলৰ বাবে মানুহৰ মাজে মাজে ঘ...
16/04/2026

প্ৰণয় ৰয়...

মনোজ শৰ্মা

এই ফটোখনে যোৱাকালি সমগ্ৰ দেশতেই তোলপাৰ লগাইছে। প্ৰণয় ৰয়ে নিজৰ য়ুটিউব চেনেলৰ বাবে মানুহৰ মাজে মাজে ঘুৰি ফুৰিছে। হাতত এটা ফোন লৈ। কোন এই প্ৰণয় ৰয়? গ্ৰেট বৃটেইনত স্নাতকোত্তৰ আৰু দিল্লী স্কুল অব ইক'ন'মিক্সৰ পৰা পি এইচ্চ ডি , ভাৰত চৰকাৰৰ প্ৰাক্তন আৰ্থিক উপদেষ্টা , দেশৰ এগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদ , ১৯৯৮ চনত বিবিচিয়ে যাক ' গ্ৰেটেষ্ট জাৰ্ণেলিষ্ট ' আখ্যা দিছিল , তেওঁ প্ৰণয় ৰয়। বিদেশৰ পৰা কোনোবা সাংবাদিক বা বিশেষজ্ঞ আহিলে ভাৰতত প্ৰথম প্ৰণয় ৰয়ক সাক্ষাৎ কৰে । তেওঁৰ মতামত প্ৰথম লয়। কাৰণ তেওঁ ব্ৰিলিয়েণ্ট আৰু অতিকে নিৰ্ভৰযোগ্য। আমাৰ যৌবনৰ দিন বোৰৰ আটাইতকৈ ষ্টাইলিশ্ব মানুহ , যিয়ে আমাক শিকাইছিল ষ্টাইলিশ্ব ধৰণে কথাবোৰ ভাবিবলৈ। কিমান যে কথা , কি বিশালতা! আজি হাতত মোবাইল এটা লৈ মানুহৰ মাজে মাজে সংবাদ সংগ্ৰহ কৰি ফুৰোতে মই আচৰিত হোৱা নাই । কাৰণ অৰ্ণব গোস্বামীয়ে যেতিয়া চৰকাৰৰ জেদ্‌ প্লাচ নিৰাপত্তা লৈ অফিচলৈ যায় তেতিয়া প্ৰণয় ৰয়ে এনেদৰে হাতত মোবাইলটো লৈ ঘুৰি ফুৰাৰেই কথা আছিল। কাৰণ কোনোবাই সমাজ ৰক্ষা কৰিব লাগিব। মূল্যবোধ , আদৰ্শ , সততা , নৈতিকতাক কোনোবাই ৰক্ষা কৰিব লাগিব। এইটোৱেই commitment। এই ভয়ংকৰ সময়ত , এই বিপন্ন সময়ত সমাজ ৰক্ষা কৰাৰ একমাত্ৰ অস্ত্ৰ commitment। এই commitment অবিহনে কোনেও আজি সমাজখন ৰক্ষা কৰিব নোৱাৰে। মই জানো , অৰ্ণব গোস্বামী বা অঞ্জনা ওম কাশ্যপে প্ৰণয় ৰয়ক দেখি হাঁহি আছে। হাঁহি থাকা। প্ৰণয় ৰয়ে বাট কাটিছিল, প্ৰণয় ৰয়ে বাট দেখুৱাইছে। সত্য আৰু অনুসন্ধানৰ সকলো পথ বন্ধ হৈ যোৱাৰ পাছত এনেকৈ থিয় হোৱাটোৱেই commitment।

Address

গুৱাহাটী
Gauhati
781001

Telephone

+19864043462

Website

Alerts

Be the first to know and let us send you an email when Copy Paste posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Copy Paste:

Shortcuts

Share