24/07/2026
আমি অসমীয়া NGO-ৰ তৰফৰ পৰা উজনি অসমৰ বানপীড়িত ৰাইজৰ বাবে জৰুৰী সহায়ৰ আহ্বান
শেহতীয়া প্রলয়ংকাৰী বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদিকে ধৰি বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে আৰু খোৱাপানী তথা প্ৰাথমিক প্ৰয়োজনসমূহৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।
"মোৰ অসম, মোৰ স্বাভিমান"– এই প্ৰতিশ্ৰুতিৰে আমি অসমীয়া (Ami Asomia NGO)-ৰ তৰফৰ পৰা বানপীড়িত ৰাইজৰ কাষত থিয় হ’বলৈ এক জৰুৰী সাহায্য অভিযানৰ উদ্যোগ লোৱা হৈছে। এই সংকটৰ মুহূৰ্তত আমাৰ দুৰ্দশাগ্ৰস্ত আপোন মানুহখিনিক সহায় কৰিবলৈ আপোনালোক সকলোলৈকে আন্তৰিক আহ্বান জনাইছো।
দাতাৰ পৰা গ্ৰহণ কৰা প্ৰয়োজনীয় সামগ্ৰীসমূহ:
• বিশুদ্ধ খোৱাপানী (পেকেজড বটল) আৰু ORS / ইলেকট্ৰ'ল
• চেনিটাৰী পেড আৰু মহিলাৰ প্ৰয়োজনীয় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰী
• বীজানুনাশক সামগ্ৰী (ডেট'ল, ফিনাইল, ব্লিচিং পাউডাৰ, চাবোন)
• শিশু খাদ্য (গাখীৰৰ পাউডাৰ, চেৰেলেক ইত্যাদি)
• প্ৰাথমিক চিকিৎসাৰ ঔষধ (পেৰাচিটামল, পানী বিশুদ্ধকৰণ টেবলেট, বেণ্ডেজ ইত্যাদি)
• শুকান খাদ্য (চিৰা, গুৰ, বিস্কুট, মুৰি ইত্যাদি)
সামগ্ৰী জমা দিয়াৰ স্থান / সংগ্ৰহ কেন্দ্ৰ:
গোটানগৰ, জালুকবাৰী, কামৰূপ মেট্ৰ’, অসম - ৭৮১০১১
*(স্থান বা সামগ্ৰী সংগ্ৰহৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ আমাৰ লগত যোগাযোগ কৰক)
আৰ্থিক সাহায্যৰ বাবে (বেংক একাউণ্টৰ তথ্য):
যদি আপুনি বজাৰৰ পৰা পোনে পোনে সামগ্ৰী ক্ৰয় কৰি বানপীড়িত অঞ্চললৈ প্ৰেৰণ কৰাত আৰ্থিকভাৱে সহায় কৰিব বিচাৰে:
Bank Name: SBI ( GUWAHATI UNIVERSITY BRANCH)
Account Holder Name: AMI ASOMIA
Account No: 32528782729
IFSC Code: SBIN0002060
Branch Code: 2060
যোগাযোগ / হেল্পলাইন নম্বৰ:
ফোন: +91 7002690983
ইমেইল: [email protected]
ৱেবছাইট: https:www.amiasomia.org
আপোনাৰ এক ক্ষুদ্ৰ সহায়েও এখন বিপন্ন পৰিয়াললৈ আশাৰ ৰেঙনী কঢ়িয়াই আনিব পাৰে।
প'ষ্টটো শ্বেয়াৰ কৰি সকলোকে অৱগত কৰাত আমাক সহায় কৰক।