4 no Baokhungri LAC

  • Home
  • 4 no Baokhungri LAC

4 no Baokhungri LAC Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 4 no Baokhungri LAC, Social service, Assam Legislative Assembly, Dispur, .

Good evening ❤️Rupam RoyHagrama MohilaryHimanta Biswa SarmaBodoland People's Front - BPF
09/08/2026

Good evening ❤️
Rupam Roy
Hagrama Mohilary
Himanta Biswa Sarma
Bodoland People's Front - BPF

09/08/2026

Yesterday morning at bidhyaok sewa Kendra
Baokhungri constituencY
Rupam Roy
Hagrama Mohilary
Himanta Biswa Sarma
Bodoland People's Front - BPF

যোৱা কালি ৪ নং বাওখুংগ্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ময়নাগুৰিৰ বাসিন্দা শ্ৰী চম্পক কুমাৰ দে’ আৰু শ্ৰী সুজিত সৰকাৰক চিকিৎ...
09/08/2026

যোৱা কালি ৪ নং বাওখুংগ্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ময়নাগুৰিৰ বাসিন্দা শ্ৰী চম্পক কুমাৰ দে’ আৰু শ্ৰী সুজিত সৰকাৰক চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি (CMRF)-ৰ পৰা আগবঢ়োৱা আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে মাননীয় বিধায়ক শ্ৰী ৰূপম চন্দ্ৰ ৰয়ে।

চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ প্ৰয়োজনীয়তাৰ কথা জনাই তেখেতসকলে মাননীয় বিধায়কৰ ওচৰলৈ আহিছিল। তেখেতসকলৰ উন্নত চিকিৎসা আৰু শীঘ্ৰে আৰোগ্য কামনা কৰি প্ৰয়োজনৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ পাই মাননীয় বিধায়কে আন্তৰিক সন্তুষ্টি প্ৰকাশ কৰে।

ইয়াৰ লগতে আজি দক্ষিণ চৌতৰা অঞ্চলৰ ৰাস্তাঘাট পৰিদৰ্শন কৰাৰ সময়ত অঞ্চলটোৰ বাসিন্দা শ্ৰীযুত বিনয় বৰ্মনৰ পুত্ৰ শ্ৰী খনীন্দ্ৰ বৰ্মনৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়। বিগত ২–৩ মাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা খনীন্দ্ৰ বৰ্মনৰ পৰিয়ালবৰ্গৰ সৈতে মত-বিনিময় কৰি সামৰ্থ্য অনুসৰি কিছু সহায় আগবঢ়ায়। লগতে তেখেতক অতি সোনকালে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

আজি বৰাগাৰী VCDC-ৰ অন্তৰ্গত শিমলাগুৰিৰ বাসিন্দা শ্ৰী মনোৰঞ্জন মুছাহাৰীৰ পুত্ৰ স্বৰ্গীয় অৰণ মুছাহাৰীৰ বাসগৃহতো উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে।

যোৱা মঙলবাৰে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুবৰণ কৰা স্বৰ্গীয় অৰণ মুছাহাৰীৰ বিয়োগে পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ অঞ্চলটোকে গভীৰভাৱে শোকাহত কৰিছে। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালটোৰ কাষত থিয় দি তেওঁলোকৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

ভগৱানৰ ওচৰত প্ৰয়াত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়।

সুখে-দুখে সমষ্টিবাসীৰ কাষত থিয় দিয়াই এগৰাকী জনপ্ৰতিনিধিৰ অন্যতম দায়িত্ব। ৪ নং বাওখুংগ্ৰী বিধানসভা সমষ্টিৰ জনসাধাৰণৰ কল্যাণ, উন্নয়ন আৰু প্ৰয়োজনৰ সময়ত সহায়-সহযোগিতা আগবঢ়াই যোৱাৰ এই জনসেৱাৰ যাত্ৰা আগন্তুক দিনতো অব্যাহত থাকিব।
Rupam Roy
Hagrama Mohilary
Himanta Biswa Sarma
Bodoland People's Front - BPF

ভূমিৰ অধিকাৰ, ভাষাৰ স্বাভিমান আৰু সাংস্কৃতিক পৰিচয়েই খিলঞ্জীয়াৰ প্ৰকৃত শক্তি। আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস উপলক্ষে ...
09/08/2026

ভূমিৰ অধিকাৰ, ভাষাৰ স্বাভিমান আৰু সাংস্কৃতিক পৰিচয়েই খিলঞ্জীয়াৰ প্ৰকৃত শক্তি। আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস উপলক্ষে অসমৰ সমূহ জনজাতীয় আৰু খিলঞ্জীয়া ভাই-ভনীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
Rupam Roy
Hagrama Mohilary
Himanta Biswa Sarma
Bodoland People's Front - BPF

১৯৪২ চনৰ ৮ আগষ্ট: সেই অমৰ বুৰঞ্জী আৰু "কৰিম কিম্বা মৰিম" ৰণধ্বনি আজি ভাৰত ত্যাগ আন্দোলন দিৱস (August Kranti Diwas)। ১৯৪২...
08/08/2026

১৯৪২ চনৰ ৮ আগষ্ট: সেই অমৰ বুৰঞ্জী আৰু "কৰিম কিম্বা মৰিম" ৰণধ্বনি আজি ভাৰত ত্যাগ আন্দোলন দিৱস (August Kranti Diwas)। ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে মহাত্মা গান্ধীৰ বলিষ্ঠ নেতৃত্বত ব্ৰিটিছ শাসন ওফৰোৱাৰ বাবে ঐতিহাসিক ‘ভাৰত ত্যাগ আন্দোলন’ৰ সূচনা হৈছিল। সমগ্ৰ দেশৰ লগতে আমাৰ হেঁপাহৰ অসমতো ইয়াৰ প্ৰভাৱ আছিল অভূতপূৰ্ব। ব্ৰিটিছৰ বন্দুকৰ গুলীলৈ ভয় নকৰি বুকুত দেশপ্ৰেমৰ বহ্নিশিখা লৈ জপিয়াই পৰিছিল অসমৰ অদম্য সাহসী সন্তানসকল।স্বাধীনতাৰ এই চূড়ান্ত যুঁজখনত মাতৃভূমিৰ মুক্তিৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিয়া তেজস্বী বীৰাংগনা কনকলতা বৰুৱা, মুকুন্দ কাকতি, কুশল কোঁৱৰ, ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী বৰুৱাকে ধৰি অসমৰ প্ৰতিগৰাকী মহান শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীলৈ এই ঐতিহাসিক দিনটোত জনাওঁ গভীৰ শ্ৰদ্ধাঞ্জলি।তেওঁলোকৰ নিঃস্বাৰ্থ ত্যাগ, সাহস আৰু অবিস্মৰণীয় দেশপ্ৰেম আমাৰ বুকুত চিৰকাল প্ৰেৰণাৰ উৎস হৈ ৰ’ব।
Rupam Roy
Hagrama Mohilary
Himanta Biswa Sarma
Bodoland People's Front - BPF

আমাৰ বি পি এফ দলৰ  সন্মানীয় বিধায়কসকলৰ সৈতে আমাৰ মৰমৰ বিধায়ক গৰাকীয়ো মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰ...
07/08/2026

আমাৰ বি পি এফ দলৰ সন্মানীয় বিধায়কসকলৰ সৈতে আমাৰ মৰমৰ বিধায়ক গৰাকীয়ো মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে সাক্ষাৎ কৰি নিজৰ এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি (CMRF)-লৈ আগবঢ়াই সমাজৰ প্ৰতি দায়বদ্ধতা আৰু মানৱীয় মূল্যবোধৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।

এই প্ৰশংসনীয় পদক্ষেপৰ বাবে আমাৰ মৰমৰ বিধায়ক শ্ৰী ৰূপম চন্দ্ৰ ৰয় ডাঙৰীয়াৰ লগতে সন্মানীয় বিধায়ক সকলক ধন্যবাদ জনালোঁ ।

জনসেৱাৰ এই মনোভাৱ সদায় অব্যাহত থাকক। আমাৰ বিধায়ক, আমাৰ গৌৰৱ। 💚
Rupam Roy
Hagrama Mohilary
Himanta Biswa Sarma
Bodoland People's Front - BPF

অসমৰ মাটিক পাকিস্তানৰ অংগ হোৱাৰ পৰা ৰক্ষা কৰি ভাৰতৰ সৈতে অক্ষুণ্ণ ৰখাৰ মূল কাণ্ডাৰী, স্বাধীন অসমৰ প্ৰথমগৰাকী  মূখ্যমন্ত্...
05/08/2026

অসমৰ মাটিক পাকিস্তানৰ অংগ হোৱাৰ পৰা ৰক্ষা কৰি ভাৰতৰ সৈতে অক্ষুণ্ণ ৰখাৰ মূল কাণ্ডাৰী, স্বাধীন অসমৰ প্ৰথমগৰাকী মূখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আদৰ্শ আমাৰ বুকুত চিৰকাল সজীৱ হৈ ৰওক।
Rupam Roy
Hagrama Mohilary
Himanta Biswa Sarma
Bodoland People's Front - BPF

অসমীয়া সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ, ‘ৰঙা জিঁয়া’ৰ কবি মহিম বৰাদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি। অসমীয়া সাহিত্যৰ মেটমৰা ভঁৰাল...
05/08/2026

অসমীয়া সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ, ‘ৰঙা জিঁয়া’ৰ কবি মহিম বৰাদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি। অসমীয়া সাহিত্যৰ মেটমৰা ভঁৰাল টনকিয়াল কৰি আধুনিকতাৰ পৰশেৰে এক অনন্য গতি প্ৰদান কৰিছিল প্ৰসিদ্ধ কবি, গল্পকাৰ তথা ঔপন্যাসিক মহিম বৰাদেৱে। ৰামধেনু যুগৰ পৰাই স্বকীয় সৃষ্টিৰাজিৰে তেখেতে অসমীয়া সাহিত্যক সমৃদ্ধশালী কৰি প্ৰতিগৰাকী পঢ়ুৱৈৰ মন মুহিবলৈ সক্ষম হৈছিল।‘কঠনিবাৰী ঘাট’ৰ দৰে কালজয়ী গল্পৰ স্ৰষ্টা এইগৰাকী মহান সাহিত্যিকৰ অনবদ্য সৃষ্টিৰাজি চিৰকাল অসমীয়া সাহিত্যপ্ৰেমীৰ বাবে অনুপ্ৰেৰণা হৈ ৰব।
Rupam Roy
Hagrama Mohilary
Himanta Biswa Sarma
Bodoland People's Front - BPF

05/08/2026

হে বিঘ্নহৰ্তা গণপতি বাপ্পা, আপোনাৰ কৃপাদৃষ্টিয়ে সকলোৰে জীৱনৰ বাধা-বিঘ্ন দূৰ কৰক, জ্ঞান, বুদ্ধি, সাহস আৰু সমৃদ্ধিৰে সকলোৰে জীৱন ভৰাই তোলক। আপোনাৰ আশীৰ্বাদে প্ৰতিটো নতুন আৰম্ভণি সফলতাৰে আগুৱাই নিয়ক।
Rupam Roy
Hagrama Mohilary
Himanta Biswa Sarma
Bodoland People's Front - BPF

Address

Assam Legislative Assembly, Dispur

781006

Website

Alerts

Be the first to know and let us send you an email when 4 no Baokhungri LAC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your organization to be the top-listed Government Service?

Share