সদৌ অসম নাৰী শক্তি সন্থা

  • Home
  • India
  • Guwahati
  • সদৌ অসম নাৰী শক্তি সন্থা

সদৌ অসম নাৰী শক্তি সন্থা Johar �

01/09/2026
🌊 জলপ্ৰলয়ৰ এটা মাহ পাৰ হৈ যোৱাৰ পাছতো নেপালীখুঁটিত অবৰ্ণনীয় পৰিৱেশ। 💔*সদৌ অসম নাৰী শক্তি সন্থা* (AAWPA) আৰু আদিবাসী কল...
24/08/2026

🌊 জলপ্ৰলয়ৰ এটা মাহ পাৰ হৈ যোৱাৰ পাছতো নেপালীখুঁটিত অবৰ্ণনীয় পৰিৱেশ। 💔

*সদৌ অসম নাৰী শক্তি সন্থা* (AAWPA) আৰু আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদৰ উদ্যোগত নেপালীখুঁটিত উপস্থিত হৈ বানপীড়িত পৰিয়ালসমূহৰ মাজত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰাৰ লগতে বৰ্তমানৰ পৰিস্থিতিৰ বুজ লওঁ।

জলপ্ৰলয়ৰ ভয়াবহতাৰ এটা মাহ পাৰ হৈ যোৱাৰ পাছতো নেপালীখুঁটি অঞ্চলৰ বানপীড়িত পৰিয়ালসমূহে এতিয়াও বহু সমস্যাৰ সন্মুখীন হৈ আছে। এই সময়ছোৱাত গোৰ্খা পৰিষদৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত প্ৰেম তামাং ডাঙৰীয়াৰ সৈতে সাক্ষাৎ কৰি বানপীড়িত লোকসকলৰ বিভিন্ন সমস্যা আৰু ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া সহায়-সহযোগিতাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

🤝 দুৰ্যোগৰ সময়ত মানুহৰ কাষত থিয় দিয়াই আমাৰ মানৱীয় দায়িত্ব।

🙏 বানপীড়িত প্ৰতিগৰাকী পৰিয়ালৰ প্ৰতি আন্তৰিক সহমৰ্মিতা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ কাষত সদায় সহায়ৰ হাত আগবঢ়াই যাম।

AAWPA পানীতোলা আঞ্চলিক সমিতি হৈ পানীতোলা আৰক্ষী চকীৰ আৰক্ষী বিষয়া প্ৰজ্ঞান গগৈ চাৰক সাক্ষাৎকাৰ কৰা হয়।
24/08/2026

AAWPA পানীতোলা আঞ্চলিক সমিতি হৈ পানীতোলা আৰক্ষী চকীৰ আৰক্ষী বিষয়া প্ৰজ্ঞান গগৈ চাৰক সাক্ষাৎকাৰ কৰা হয়।

🌸 সদৌ অসম নাৰী শক্তি সন্থা (AAWPA)ৰ উদ্যোগত গৈপানী প্ৰাথমিক সমিতি গঠন কৰা হয়।আজিৰ এই সভাত নতুন সমিতিখন গঠন কৰি—🌺 সভানেত...
16/08/2026

🌸 সদৌ অসম নাৰী শক্তি সন্থা (AAWPA)ৰ উদ্যোগত গৈপানী প্ৰাথমিক সমিতি গঠন কৰা হয়।

আজিৰ এই সভাত নতুন সমিতিখন গঠন কৰি—
🌺 সভানেত্ৰী: ৰিংকী উৰাং
🌺 সম্পাদিকা: বনিতা উৰাং

নৱনিৰ্বাচিত সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 💐

নাৰী শক্তিৰ ঐক্য, অধিকাৰ আৰু সৱলীকৰণৰ লক্ষ্যৰে নতুন সমিতিখনে নিষ্ঠা, সততা আৰু ঐক্যবদ্ধভাৱে কাম কৰি সমাজলৈ এক ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি আশা কৰিলোঁ। 🤝🌸

জয় নাৰী শক্তি ✊🌺

বান সাহাৰ্য্য সংগ্ৰহ কৰে সদৌ অসম নাৰী শক্তি সন্থা আওপা পানীতোলা আঞ্চলিক সমিতি।
06/08/2026

বান সাহাৰ্য্য সংগ্ৰহ কৰে সদৌ অসম নাৰী শক্তি সন্থা আওপা পানীতোলা আঞ্চলিক সমিতি।

31/07/2026

বান পীড়িত লোকসকলক আৰ্থিক সহায় আগবঢ়াব লাগে।

সদৌ অসম নাৰী শক্তি সন্থা (আওপা)ৰ কৰ্মকৰ্তাসকলৰ সৈতে বান সাহাৰ্য্য বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে বানপীড়িত পৰিয়ালসমূহৰ কাষ...
30/07/2026

সদৌ অসম নাৰী শক্তি সন্থা (আওপা)ৰ কৰ্মকৰ্তাসকলৰ সৈতে বান সাহাৰ্য্য বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে বানপীড়িত পৰিয়ালসমূহৰ কাষত উপস্থিত হ'বলৈ শিৱসাগৰ জিলাত উপস্থিত।

মানৱ সেৱাই আমাৰ প্ৰধান লক্ষ্য। 🙏🌿

বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আজি সদৌ অসম নাৰী শক্তি সন্থা (আওপা)-ৰ এক বিশেষ মানৱীয় পদক্ষেপ।আজি সংগঠনটোৰ কেন্দ্ৰীয়, জি...
25/07/2026

বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আজি সদৌ অসম নাৰী শক্তি সন্থা (আওপা)-ৰ এক বিশেষ মানৱীয় পদক্ষেপ।

আজি সংগঠনটোৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিক আৰু প্ৰাথমিক সমিতিৰ উদ্যোগত বানপীড়িত পৰিয়ালসমূহৰ বাবে অত্যাৱশ্যকীয় সহায় সামগ্ৰী সংগ্ৰহ অভিযান চলোৱা হয়। এই মানৱীয় প্ৰচেষ্টাৰ জৰিয়তে অসহায় লোকসকলৰ কাষত থিয় দিয়াৰ লগতে সমাজত সহমৰ্মিতা, ঐক্য আৰু সেৱাৰ মনোভাৱ অধিক শক্তিশালী কৰাৰ আহ্বান জনোৱা হৈছে।

মানৱ সেৱাই সৰ্বশ্ৰেষ্ঠ সেৱা। আহক, আমি সকলোৱে মিলি বানপীড়িত ভাই-ভনীসকলৰ কাষত থিয় দিওঁ। 🙏

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when সদৌ অসম নাৰী শক্তি সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category