Chandan Baruah

Chandan Baruah FORMER COLLEGE ASSOCIATE PROFESSOR AND SOCIAL WORKER.

চেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ সন্মানীয় সভাপতি অনুপ সিনহা দেৱলৈ জন্ম দিনৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আশাকৰোঁ তেখেতৰ নেতৃত্...
01/03/2024

চেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ সন্মানীয় সভাপতি অনুপ সিনহা দেৱলৈ জন্ম দিনৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আশাকৰোঁ তেখেতৰ নেতৃত্বত সংগঠনটো শক্তিশালী হৈ আগবাঢ়ি যাব।🎉🎉

12/02/2024

গহপুৰ সমষ্টিৰ ৰাইজৰ বাবে সুখৰ:
অসম চৰকাৰে আজি দাখিল কৰা এই বছৰৰ বাজেটত শ্বহীদ কনকলতা বৰুৱাৰ বাসগৃহক সংগ্ৰাহালয় হিচাবে নিৰ্মান কৰিবৰ বাবে ৫কৌটি টকা আবন্তন কৰিছে আৰু লগতে ‌শ্বহীদ কনকলতা বৰুৱা
বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ৫০০কৌটিতকৈও অধিক টকা বাজেটত আবন্তন কৰিছে।
অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতাৰ শলাগ লৈছোঁ। ভগৱানে তেখেতক সু-স্বাস্থ্য আৰু দীৰ্ঘ জীৱন প্ৰদান কৰক।গহপুৰ সমষ্টিৰ এজন নাগৰিক হিচাবে গৌৰৱ অনুভৱ কৰিছোঁ।
অসম চৰকাৰ জিন্দাবাদ। বিজেপি চৰকাৰ জিন্দাবাদ।
🙏🏻🙏🏻🙏🏻

27/11/2023

যোৱা কালি বৰঙাবাৰীৰ ৩১ তম ৰাস উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীত গহপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক উৎপল বৰা দেৱে উপস্থিত ভক্ত প্ৰাণ ৰাইজক ৰাস উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে।

19/11/2023

Australia 41-2
মনটো অকণমান ভাল লাগিছে।

যোৱা কালি 16/11/2023 ৰাতি প্ৰতিদিন Time ত(TV) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সন্মানীয় বিপ্লৱ কুমাৰ ‌শ...
17/11/2023

যোৱা কালি 16/11/2023 ৰাতি প্ৰতিদিন Time ত(TV) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সন্মানীয় বিপ্লৱ কুমাৰ ‌শৰ্মা আৰু সাংবাদিক শোণিত কুমাৰ ভূঞা দেৱৰ কথোপকথন খিনি চালো আৰু শুনিলো। মই অনুভৱ কৰিছোঁ এই কথোপকথনটো অসমৰ ৰাইজৰ বাবে আৰু লগতে প্ৰতিদিন Time ৰ বাবে এক ঐতিহাসিক কথোপকথন হৈ ৰব ।যি সকলে সেই অনুস্থানটো চাইছে সেই সকলে নিশ্চয় কথাখিনি সমৰ্থন কৰিব। কথোপকথনৰ মাজতে শ্ৰদ্ধাৰ বিপ্লৱ কুমাৰ ‌শৰ্মা দেৱে উল্লেখ কৰা দুটা মন্তব্য আগবঢ়াব বিছাৰিলো ১. 'আন্দোলনৰ বাবেই আন্দোলন কৰি যাব নালাগে '
২.'২০১৩ চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত যি দৰে পৰীক্ষা অনুষ্ঠিত হ'ল, সেই দৰে পৰীক্ষা অনুষ্ঠিত হ'লে অসমক শ্বয়ং ভগৱানেও বচাব নোৱাৰে।'

09/11/2023

ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ অন্তৰ্গত কলংপুৰ মণ্ডলৰ সন্মানীয় সম্পাদক বৰানী পথাৰ নিবাসী বুবুল নাথ দেৱে আজি আকস্মিকভাৱে অকাল মৃত্যুক সাৱটি লব‌ লগা হয়। তেখেতৰ মৃত্যুৰ বাতৰি পাই অতিশয় মৰ্মাহত হৈছোঁ। তেখেত দলৰ এজন অতি নিষ্ঠাবান কৰ্মী আছিল। তেখেতৰ মৃত্যুত দলৰ এক অপূৰণীয় ক্ষতি হ'ল বুলি অনুভৱ কৰিছোঁ। তেখেতে পত্নী সহ দুজন পুত্ৰক এৰি থৈ যায়। তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ঔম শান্তি।

আজি ৫ নবেম্বৰ। আজি দিনটোতে অসমৰ ৰাইজৰ হিয়াৰ আমঠু ভাৰত ৰত্ন সুধাকন্ঠ ড°ভূপেন হাজৰিকা দেৱে মৃত্যুক আকোঁৱালি লৈছিল। এই মহা...
05/11/2023

আজি ৫ নবেম্বৰ। আজি দিনটোতে অসমৰ ৰাইজৰ হিয়াৰ আমঠু ভাৰত ৰত্ন সুধাকন্ঠ ড°ভূপেন হাজৰিকা দেৱে মৃত্যুক আকোঁৱালি লৈছিল। এই মহান শিল্পী গৰাকীৰ ত্ৰয়োদশ মৃত্যু তিথিত তেখেতলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেতিয়ালৈকে জোন,বেলি,তৰা ওলাই থাকিব তেতিয়ালৈকে ভূপেন হাজৰিকা অমৰ হৈ থাকিব।🙏🏻🙏🏻🙏🏻

আজি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত গহপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভাৰ গহপুৰ আঞ্চলিক মহিলা সভাই আয়োজন কৰা এখনি সুন্দৰ দি...
05/11/2023

আজি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত গহপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভাৰ

গহপুৰ আঞ্চলিক মহিলা সভাই আয়োজন কৰা এখনি সুন্দৰ দিহা নাম প্ৰতিযোগীতাত উপস্থিত থাকিবলৈ পাই গৌৰৱ বোধ কৰিছোঁ লগতে অনুস্থান ভাগ আয়োজন কৰাত চতিয়াচুক আৰু টঙনা গাঁৱৰ ৰাইজৰ সহায় সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।

26/07/2023

আজি কিছুসময়ৰ আগতে ৰঘুপতি নামৰ অসমীয়া কথাছবি খন চাই আহিলো। সাধাৰণতে অসমীয়া কথাছবি এখন নিৰ্মান হ'লে যেনে তেনে চাবলৈ চেষ্টা কৰোঁ ।আজিও গলো । আৰম্ভণিতে অকণমান ভাল লাগিছিল। কিন্তু জিৰণিৰ পিছত এনে লাগিল যেন এই খন অসমীয়া কথাছবি নে হিন্দী কথাছবি চাইছো!
অৱশ্যে এইটো মোৰ ব্যক্তিগত অনুভৱহে।

এটা ৰেল ষ্টেচনৰ টিকট কক্ষৰ ভিতৰৰ অৱস্থা চাওঁক।
24/07/2023

এটা ৰেল ষ্টেচনৰ টিকট কক্ষৰ ভিতৰৰ অৱস্থা চাওঁক।

28/06/2023

অসমত এটা বিশাল পৰিবহন বিভাগ আছে,এজন পৰিবহন মন্ত্ৰী আছে,এটা বিশাল যান বাহন আৰক্ষী বিভাগ আছে, সেই বিভাগ সমূহত বহু উচ্চ পদস্থ বিষয়া আছে, উপায়ুক্ত সকলৰ কথা নকলোৱেইবা,তাৰ পিছতো কিন্তু পথ দুৰ্ঘটনা ৰোধ কৰাৰ উপায় অসমৰ মুখ্যমন্ত্ৰী মহোদয়েহে চিন্তা কৰিব লগিয়া হৈছে।কি যে হ'ব??

আজি টেটোনবাৰীত ৰংমন এনাজৰী বিহুৱা দলৰ উদ্যোগত আৰু দুৰ্নীতি বিৰোধী শক্তি, অসমৰ গহপুৰ শাখাৰ সৌজন্যত  আয়োজন কৰা ১৫ দিনীয়া...
12/04/2023

আজি টেটোনবাৰীত ৰংমন এনাজৰী বিহুৱা দলৰ উদ্যোগত আৰু দুৰ্নীতি বিৰোধী শক্তি, অসমৰ গহপুৰ শাখাৰ সৌজন্যত আয়োজন কৰা ১৫ দিনীয়া বিহু নৃত্য ,ধোল বাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পায় ভাল লাগিল।

Address

Gohpur

Website

Alerts

Be the first to know and let us send you an email when Chandan Baruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Chandan Baruah:

Share