Poriksh*t Dutta

Poriksh*t Dutta BJP Assam Pradesh Karyakarta
Ex- Vice President, Assam Cricket Association
Vice President, GDSA
Kanugaon, Kamarbandha, 104 No. Dergaon LAC

03/09/2026
ক্ৰীড়া বিশ্বত অসমৰ চিনাকি স্বৰ্ণমণ্ডিত কৰি তোলা সুযোগ্য অসম সন্তান ভোগেশ্বৰ বৰুৱাদেৱলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ...
03/09/2026

ক্ৰীড়া বিশ্বত অসমৰ চিনাকি স্বৰ্ণমণ্ডিত কৰি তোলা সুযোগ্য অসম সন্তান ভোগেশ্বৰ বৰুৱাদেৱলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ‘অৰ্জুন বঁটা’ লাভ কৰি প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ হিচাপে তেখেতে অসমৰ ক্ৰীড়া জগতত সূচনা কৰিছিল এক নতুন অধ্যায়ৰ। তেখেতৰ জন্মদিনত উদযাপিত ‘অভিৰুচি ক্ৰীড়া দিৱস’ত তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ওলগ জনাইছোঁ।

ঐতিহ্যমণ্ডিত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত আজি উপস্থিত থাকিবলৈ পাই অত্যন্ত আনন্দ...
02/09/2026

ঐতিহ্যমণ্ডিত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত আজি উপস্থিত থাকিবলৈ পাই অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিলোঁ।

মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যাপক ড০ নৃপেন বৰুৱা ডাঙৰীয়াৰ সভাপতিত্বত আৰু ডীন শ্ৰীযুত দেৱজিৎ ফুকন ডাঙৰীয়াই আঁতধৰা সভাখনত অসম চৰকাৰৰ মাননীয়া মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানী, মাননীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া, বিশিষ্ট শিক্ষাবিদসকল, মহাবিদ্যালয়ৰ অধ্যক্ষ-উপাধ্যক্ষ, গণ্য-মান্য ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অংশগ্ৰহণ কৰোঁ।

বহু গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী এই শিক্ষানুষ্ঠানখনে আগন্তুক দিনতো জ্ঞানৰ পোহৰেৰে নতুন প্ৰজন্মক আলোকিত কৰি যাওক-এয়াই কামনা কৰিলোঁ।

Himanta Biswa Sarma Dilip Saikia Ajanta Neog Kamakhya Prasad Tasa Biswajit Phukan

ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’লোঁমাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী...
02/09/2026

ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’লোঁ

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত অসম আৰক্ষীৰ ৩২গৰাকী উপ-আৰক্ষী অধীক্ষক (প্ৰবেচনাৰ্ছ) আৰু যোগাযোগ শাখাৰ ৩৭১গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অসম আৰক্ষীৰ নতুন প্ৰজন্মৰ এই বিষয়া-জোৱানসকলৰ দায়িত্ব গ্ৰহণৰ এই গৌৰৱময় ক্ষণ সঁচাকৈয়ে বিশেষ। এনে এক ঐতিহাসিক আৰু গৌৰৱময় মুহূৰ্তৰ সাক্ষী হ’বলৈ পাই আমিও আনন্দিত আৰু গৌৰৱান্বিত। দেশ আৰু ৰাজ্যৰ সেৱাত নিয়োজিত হোৱা প্ৰতিগৰাকী নতুন আৰক্ষী বিষয়া-জোৱানলৈ আন্তৰিক শুভেচ্ছা আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।

Himanta Biswa Sarma CMO Assam Assam Police

Congratulations to everyone
01/09/2026

Congratulations to everyone

সাংগঠনিক নিযুক্তি।

01/09/2026
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সম্পাদক তথা অসম ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ উপাধ্যক্ষ...
01/09/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সম্পাদক তথা অসম ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ উপাধ্যক্ষ শ্ৰীযুত অভিজিত নাথ ডাঙৰীয়ালৈ জন্মদিনৰ পৱিত্ৰ ক্ষণত আন্তৰিক শুভেচ্ছা জনাইছোঁ।

মা কামাখ্যাৰ আশিস আৰু গুৰুজনাৰ কৃপাই জীৱন সুখ, শান্তি আৰু সফলতাৰে পৰিপূৰ্ণ কৰি তোলক। সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰে আশীৰ্বাদিত হৈ অনাগত দিনবোৰতো ৰাইজৰ সেৱাত অধিক শক্তি আৰু উৎসাহেৰে আগবাঢ়ি যাব পাৰে, তাৰেই আন্তৰিক কামনা কৰিছোঁ।

Abhijit Nath

৩ ভাতৃ অভিজ্ঞান ভূঞা, ৰমেশ বৰা আৰু নৱজিত গগৈ (পলমকৈ) লৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।Abhijyan Bhuyan Romesh Bora Na...
01/09/2026

৩ ভাতৃ অভিজ্ঞান ভূঞা, ৰমেশ বৰা আৰু নৱজিত গগৈ (পলমকৈ) লৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

Abhijyan Bhuyan Romesh Bora Navajit Gogoi

দৃঢ় নেতৃত্ব, সুদক্ষ সাংগঠনিক বিচক্ষণতা আৰু জনসেৱাৰ প্ৰতি অটুট নিষ্ঠাৰে এক সুকীয়া ব্যক্তিত্বৰ অধিকাৰী অসম ৰাজ্যিক বিজেপ...
01/09/2026

দৃঢ় নেতৃত্ব, সুদক্ষ সাংগঠনিক বিচক্ষণতা আৰু জনসেৱাৰ প্ৰতি অটুট নিষ্ঠাৰে এক সুকীয়া ব্যক্তিত্বৰ অধিকাৰী অসম ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি তথা লোকসভাৰ সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

দীৰ্ঘদিনীয়া ৰাজনৈতিক আৰু সাংগঠনিক অভিজ্ঞতাৰে সমৃদ্ধ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বই দলৰ কাৰ্যকৰ্তাসকলক সদায়েই উৎসাহিত আৰু অনুপ্ৰাণিত কৰি আহিছে। জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতিনিধি হিচাপে সংসদৰ মজিয়াত তেখেতে আগবঢ়াই অহা সক্ৰিয় ভূমিকা আৰু অসমত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ বাবে কৰা নিৰলস প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়।

মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ—তেখেতৰ জীৱন সুস্বাস্থ্য, দীৰ্ঘায়ু, সুখ-শান্তি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। অসমৰ জনসেৱা আৰু দলীয় সংগঠনৰ প্ৰতি তেখেতৰ নিষ্ঠাপূৰ্ণ যাত্ৰা অনাগত দিনতো অধিক শক্তিশালী হৈ উঠক, তাৰেই আন্তৰিক কামনা কৰিলোঁ।

Dilip Saikia

Address

Golaghat

Alerts

Be the first to know and let us send you an email when Poriksh*t Dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category