06/08/2026
আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০২৬–২৭ শিক্ষাবৰ্ষৰ বাবে ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা’ আৰু ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু’ আঁচনিৰ আবেদন-পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্যৰ প্ৰায় ৫০০খন শিক্ষানুষ্ঠানলৈ পোনপটীয়াকৈ সম্প্ৰচাৰিত এই কেন্দ্ৰীয় অনুষ্ঠানটোৱে শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অটল দায়বদ্ধতাক পুনৰ প্ৰতিফলিত কৰে।
এই একে অনুষ্ঠানতে বানপীড়িত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৭৯৩খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) ব্যৱস্থাৰ জৰিয়তে ১৫.৮৬ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ২১,০২৫ গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৪.২৬ কোটিতকৈ অধিক টকাৰ সাহায্য বিতৰণৰ শুভাৰম্ভ কৰা হয়। এই পদক্ষেপে শিক্ষা, পুনৰ্নিৰ্মাণ আৰু দুৰ্যোগৰ সময়ত শিক্ষাৰ্থীসকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ সংবেদনশীলতা আৰু দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।
Narendra Modi
Nitin Nabin
Himanta Biswa Sarma
Dilip Saikia
Harish Dwivedi
Rakesh Das
Chandra Jyoti Thakur New
Rahul Bora
BJP Assam Pradesh