CPI-M Goreswar

CPI-M Goreswar CPI(M) is one of the major political parties in Goreswar having elected MLAs for three times.

ৰঙালীৰ ওলগ..Bapu Ram Boro CPI-M, Assam
15/04/2026

ৰঙালীৰ ওলগ..
Bapu Ram Boro
CPI-M, Assam

শ্ৰদ্ধেয় গোৰেশ্বৰ সমষ্টিৰ ৰাইজ,নমস্কাৰ গ্ৰহণ কৰিব।যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে আমাৰ দল চিপিআই(এম)-এ মোৰ নাম প্ৰাৰ্থী হিচাপে...
07/04/2026

শ্ৰদ্ধেয় গোৰেশ্বৰ সমষ্টিৰ ৰাইজ,
নমস্কাৰ গ্ৰহণ কৰিব।
যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে আমাৰ দল চিপিআই(এম)-এ মোৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ দিনটোৰ পৰা আৰম্ভ কৰি, ২০ মাৰ্চত মই মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছৰ পৰা আজিলৈকে আপোনালোকে মোৰ হৈ যি প্ৰচাৰ কাৰ্য চলাইছে, সমৰ্থন কৰিছে, সহায়-সহযোগিতা আগবঢ়াইছে তাৰ বাবে আপোনালোকৰ ওচৰত মই কৃতজ্ঞ। মোক দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে, মই প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, কিন্তু মই আপোনালোকক প্ৰতিনিধিত্ব কৰিছোঁ। মোৰ নামেৰে আপোনালোক প্ৰত্যেকেই একো একোগৰাকী প্ৰাৰ্থী। গোৰেশ্বৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত, গোৰেশ্বৰত স্বাস্থ্যসেৱাৰ সঠিক ব্যৱস্থা, ৰাস্তা-ঘাটৰ নিৰ্মাণ, মাটি-বাৰীৰ সমস্যা, পট্টাৰ সমস্যা, উচ্চ শিক্ষাৰ সমস্যা আদি আপোনালোকৰ সহায়-সহযোগিতাৰে ম‌ই বিধানসভাৰ মজিয়াত তুলি ধৰিবলৈ বদ্ধপৰিকৰ। আমাৰ দলৰ সমূহ কাৰ্যকৰ্তা তথা বিৰোধী ঐক্যৰ সহযোগী ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমূহ সন্মানীয় কাৰ্যকৰ্তালৈ মোৰ অশেষ ধন্যবাদ। আগন্তুক দিনত এখন সুন্দৰ গোৰেশ্বৰ গঢ়াৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব লাগিব।
আজি প্ৰচাৰ কাৰ্যসূচীৰ শেষৰ সময়ছোৱাত মই পুনৰবাৰ আপোনালোকক নমস্কাৰ জনাই ৯ এপ্ৰিল তাৰিখে ভোটিং মেচিনৰ ২ নং বুতাম টিপি কাচি হাতুৰী তৰাৰ চিনত ব্যাপক ভোটদানৰ জৰিয়তে আমাক জয়যুক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ।
এই জয় হ'ব ৰাইজৰ জয়, উন্নয়নৰ জয়, অপশাসনৰ বিৰুদ্ধে জয়।
ধন্যবাদ 🙇
বাপুৰাম বড়ো
৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী
Bapu Ram Boro
Kuldeep Rajbongshi


07/04/2026

মধ্য গুৱাহাটী সমষ্টিৰ বিৰোধী দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী শ্ৰীযুতা কুংকি চৌধুৰীয়ে গোৰেশ্বৰ সমষ্টিৰ বিৰোধী ঐক্যৰ চি পি আই (এম) প্ৰাৰ্থী বাপুৰাম বড়োৰ সমৰ্থনত এটি ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে।
শ্ৰীযুতা কুংকি চৌধুৰীলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

07/04/2026
দৰিদ্ৰতাৰ পৰা সংগ্ৰামৰ শিখৰলৈ: জীৱনৰ অদম্য গতিমানৱ জীৱনৰ পথ সদায় সহজ নহয়। বিশেষকৈ দৰিদ্ৰতাৰ মাজেৰে ডাঙৰ হোৱা এজন মানুহ...
06/04/2026

দৰিদ্ৰতাৰ পৰা সংগ্ৰামৰ শিখৰলৈ: জীৱনৰ অদম্য গতি

মানৱ জীৱনৰ পথ সদায় সহজ নহয়। বিশেষকৈ দৰিদ্ৰতাৰ মাজেৰে ডাঙৰ হোৱা এজন মানুহৰ বাবে শিক্ষা আৰু সাফল্যৰ পথ বহু সময়ত কণ্টকময় হৈ উঠে। তথাপিও দৃঢ় সংকল্প, অধ্যৱসায় আৰু অদম্য ইচ্ছাশক্তিৰে সেই বাধাবোৰ অতিক্ৰম কৰি আগবাঢ়ি যোৱা মানুহেই শেষত সমাজত এক বিশেষ স্থান অধিগ্ৰহণ কৰে। গোৰেশ্বৰ-মহৰিপাৰা অঞ্চলৰ তেনে এক সংগ্ৰামী ব্যক্তিত্ব হৈছে বাপুৰাম বড়ো।
১৯৭১-৭৩ চনৰ সময়ছোৱাত তেওঁ উচ্চ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে। সৰুৰে পৰা তেওঁ উচ্চ শিক্ষা লাভৰ প্ৰতি গভীৰ আগ্ৰহ পোষণ কৰিছিল। কিন্তু পৰিয়ালৰ দৰিদ্ৰ অৱস্থাই তেওঁৰ সেই সপোন পূৰণৰ পথত বাধা প্ৰদান কৰে। জীৱনৰ কঠিন বাস্তৱতাৰ সৈতে মুখামুখি হৈ তেওঁ উপাৰ্জনৰ বাবে আন মানুহৰ ঘৰত বছৰেকীয়া চুক্তিত কাম কৰিবলৈ বাধ্য হয়। স্থানীয় ভাষাত এই ব্যৱস্থাক “বন্ধা” বুলি কোৱা হয়। এই অৱস্থাই তেওঁৰ শিক্ষা জীৱনত সাময়িক বাধা আনিছিল যদিও তেওঁ কেতিয়াও মনোবল হেৰুৱা নাছিল।
অসীম ধৈৰ্য আৰু কষ্টসহিষ্ণুতাৰে বাপুৰাম বড়োৱে পুনৰ শিক্ষা জীৱন আৰম্ভ কৰে। তাৰ ফলস্বৰূপে ১৯৭৮ চনত তেওঁ উত্তৰ বেতনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। এই সফলতাই তেওঁৰ জীৱনত এক নতুন দিশ উন্মোচন কৰে।
পৰৱৰ্তী সময়ত তেওঁ গোৰেশ্বৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে আৰু একেখন মহাবিদ্যালয়ৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে। শিক্ষাৰ প্ৰতি থকা তেওঁৰ গভীৰ অনুৰাগ আৰু অধ্যৱসায়ে তেওঁক আগুৱাই নিয়ে। তাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। শিক্ষা ক্ষেত্ৰত তেওঁৰ এই দীঘলীয়া যাত্ৰাৰ অন্তত তেওঁ উত্তৰ বেতনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।
শিক্ষা ক্ষেত্ৰৰ উপৰিও তেওঁ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত। তেওঁ মহৰিপাৰা গৌমদাৰ সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক। লগতে বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ সদস্য হিচাপে কাম কৰি আছে। তদুপৰি তেওঁ বড়ো সাহিত্য সভাৰ সৈতে জড়িত থকাৰ লগতে অসম জনজাতি অধিকাৰ মঞ্চৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰি আহিছে। দৰিদ্ৰতাৰ বাধা অতিক্ৰম কৰি এইদৰে শিক্ষাৰ শিখৰত উপনীত হোৱা বাপুৰাম বড়োৰ জীৱন অঞ্চলটোৰ বাবে এক উজ্জ্বল দৃষ্টান্ত।
ছাত্ৰ জীৱনতেই তেওঁ সমাজ-সচেতন চিন্তাধাৰাৰ সৈতে জড়িত হয় আৰু ভাৰতৰ বাওঁপন্থী ছাত্ৰ সংগঠন ছাত্ৰ ফেডাৰেচন (SFI)-ৰ সৈতে যুক্ত হয়। নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা তেওঁ বুজি পাইছিল যে সমাজৰ সমস্যাৰ মূল কি আৰু সেইসমূহ সমাধানৰ বাবে কেনেকুৱা সংগ্ৰামৰ প্ৰয়োজন। এই উপলব্ধিৰ ভিত্তিত তেওঁ পৰৱৰ্তী সময়ত সমাজৰ সাধাৰণ মানুহৰ অধিকাৰ আৰু স্বাৰ্থৰ বাবে সংগ্ৰাম আৰম্ভ কৰে।
তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে ৰাজপথৰ আন্দোলনৰ জৰিয়তে শাসক পক্ষক মানুহৰ সমস্যা সমাধান কৰিবলৈ বাধ্য কৰিব পাৰি। সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি তেওঁ গোৰেশ্বৰ-মহৰিপাৰা অঞ্চলত বিভিন্ন সামাজিক আৰু ৰাজনৈতিক সংগ্ৰাম গঢ়ি তোলে আৰু মানুহক সংগঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লয়।
এই সংগ্ৰামী মনোভাৱ আৰু জনসেৱাৰ প্ৰতিশ্ৰুতিৰ ফলস্বৰূপে আজি সেই ব্যক্তিত্বই ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ পৰা চিপিআইএমৰ পক্ষৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজপথৰ পৰা আৰম্ভ কৰা তেওঁৰ সংগ্ৰাম এতিয়া বিধানসভাৰ মজিয়ালৈ আগবঢ়োৱাৰ লক্ষ্যৰে তেওঁ আগবাঢ়িছে।
বাপুৰাম বড়োৰ জীৱন আমাৰ সকলোৰে বাবে এক গভীৰ প্ৰেৰণা। তেওঁৰ জীৱন সংগ্ৰামে স্পষ্টকৈ দেখুৱাই যে দৰিদ্ৰতা বা অৰ্থনৈতিক সমস্যা কেতিয়াও সফলতাৰ অন্তৰায় নহয়, যদি মানুহৰ অন্তৰত থাকে দৃঢ় সংকল্প আৰু অবিৰাম চেষ্টা। এনেকুৱা এজন ব্যক্তি যদি ৰাইজৰ প্ৰতিনিধি ৰূপে নিৰ্বাচিত হয়, তেন্তে তেওঁতকৈ ভালকৈ ৰাইজৰ সমস্যাৰ কথা আন কোনে উপলব্ধি কৰিব পাৰিব? বৰ্তমান সময়ৰ ৰাজনৈতিক পৰিৱেশত, য’ত বহু ক্ষেত্ৰত মিথ্যাচাৰিতা আৰু অসৎ আচৰণ দেখা যায়, তাত এজন সৎ, ভদ্ৰ আৰু মাটিৰ মানুহে যদি নেতৃত্ব লয়, তেতিয়াহে প্ৰকৃতাৰ্থত ৰাইজৰ কল্যাণ সাধন সম্ভৱ।

06/04/2026

ৰাইজৰ জনসমৰ্থন
"বাপুৰামৰেই হ'ব জয়"

Address

Goreswar
781366

Telephone

+916003683748

Alerts

Be the first to know and let us send you an email when CPI-M Goreswar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to CPI-M Goreswar:

Share