All Assam District Administration Employees Union

All Assam District Administration Employees Union Official Page Of All Assam District Administration Employees Union

27/11/2025
আজি ইং‌ ২৭/১১/২০২৫ তাৰিখে সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাই 'পুৰণি পেঞ্চন ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত ' আহ্বান কৰা আৰু সদৌ অ...
27/11/2025

আজি ইং‌ ২৭/১১/২০২৫ তাৰিখে সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাই 'পুৰণি পেঞ্চন ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত ' আহ্বান কৰা আৰু সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দ্বাৰা সমৰ্থিত 'এদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ' অসমৰ সমগ্ৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়, সম-জিলা কাৰ্যালয় আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সফল ৰূপায়ণ কৰা হয়।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে শূন্য বীমা আঁ‌চনিৰ সুবিধা আগবঢ়োৱাৰ‌ বাবে অসম চৰকাৰক অশেষ ধন্যবাদ জনালোঁ। 🙏🙏  Himanta Bisw...
12/11/2025

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে শূন্য বীমা আঁ‌চনিৰ সুবিধা আগবঢ়োৱাৰ‌ বাবে অসম চৰকাৰক অশেষ ধন্যবাদ জনালোঁ। 🙏🙏
Himanta Biswa Sarma CMO Assam Ranjeet Kumar Dass

যোৱাকালি ইং ০৯/১১/২০২৫ তাৰিখে ধেমাজিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত আৰু দায়িত্ব...
10/11/2025

যোৱাকালি ইং ০৯/১১/২০২৫ তাৰিখে ধেমাজিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত আৰু দায়িত্বভাৰ গ্ৰহণৰ লগতে প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুস্থিত হয়। সভাই জিলা আয়ুক্ত কাৰ্যালয়ৰ জিলা প্ৰশাসনিক কনিষ্ঠ সহায়ক সকলৰ গ্ৰেড পে ৮৭০০/- টকা প্ৰদান কৰাৰ লগতে চতুৰ্থবৰ্গৰ কৰ্মচাৰী সমূহক গ্ৰেড-১ আৰু গ্ৰেড-২ ভাগ কৰা, সমজিলা আয়ুক্ত কাৰ্যালয়ত আন বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা কাম চলাই থকা কাৰ্য বন্ধ কৰা আদি সমস্যা সমূহ শীঘ্ৰেই নিষ্পতি কৰাৰ বাবে অসম চৰকাৰক দাবী জনায়। Himanta Biswa Sarma CMO Assam Ranjeet Kumar Dass

26/10/2025
যোৱা ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ বোকাখাতত অনুষ্ঠিত হোৱা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক কেন্দ্...
26/10/2025

যোৱা ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ বোকাখাতত অনুষ্ঠিত হোৱা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ ২য় দিনা অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ উপস্থিতিয়ে সন্থাৰ প্ৰত্যেকজন সদস্যক উৎসাহিত কৰে।


Himanta Biswa Sarma
CMO Assam
Ranjeet Kumar Dass

Hope for some good news.
10/09/2024

Hope for some good news.

আজি সমগ্ৰ ৰাজ্যতে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সমূহ জিলা ও মহকুমা (অসামৰিক) সমিতিয়ে পুৱা ১০:০০ -১২:০০ বজালৈকে দ...
21/12/2023

আজি সমগ্ৰ ৰাজ্যতে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সমূহ জিলা ও মহকুমা (অসামৰিক) সমিতিয়ে পুৱা ১০:০০ -১২:০০ বজালৈকে দুঘণ্টা ধৰ্ণা কাৰ্যসূচী পালন কৰে।
সন্থাৰ দীৰ্ঘদিনীয়া দাবী সমূহ দীৰ্ঘদিন ধৰি পূৰণ নোহোৱাৰ বাবে ৩ ডিচেম্বৰ/২০২৩ তাৰিখে শোণিতপুৰ জিলাৰ তেজপুৰত অনুষ্ঠিত সভাৰ প্ৰস্তাৱ মৰ্মে আজি আৰু কালিলৈ দুঘণ্টাৰ এই ধর্ণা কাৰ্যসূচী পালন কৰা হৈছে।
সন্থাৰ মূল দাবী সমূহ হল-
🔴জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সমূহক সুকীয়া দৰমহা গাঁথনি প্ৰদান কৰা।
🔴Graduate Pay Scale প্ৰদান কৰা।
🔴মুখ্য পিয়ন/মুখ্য জৰিকাৰক পদ সৃষ্টি কৰা।
🔴অধীক্ষক(Superintendent)/গাণনিক(Acccountant) ও মুখ্য সহায়কৰ পদ সৃষ্টি ও বৃদ্ধি কৰা।
🔴জাৰিকাৰক (Process Server) সকলৰ ৩% Increment বাহাল কৰা।
🔴NPS আঁতৰাই OPS পুনৰ প্ৰবৰ্তন কৰা।
🔴লগতে অন্যান্য আৰু দাবী ইয়াৰ লগত সংলগ্ন আছিল।

উল্লেখ্য যে, চৰকাৰৰ মূল চালিকা শক্তি হৈছে এই জিলা প্ৰশাসন, ও মূলতে জিলা প্ৰশাসনৰ এই সমূহ কৰ্মচাৰী। সকলো কাম কাজ, আঁচনি আদি ৰূপায়ন হয় এই বিভাগৰ পৰাই। তথাপিও সন্থাৰ দাবী সমূহৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ বাবে সন্থাৰ হাতত কোনো অন্য উপায় নথকা বাবে এই গণতান্ত্ৰিক পদক্ষেপ লবলৈ বাধ্য হয়। জনতাৰ কোনো অসুবিধা যাতে নহওঁক, তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান কেৱল দুঘণ্টিয়া কাৰ্যসূচী হাতত লোৱা হৈছে।
কিন্তু আগন্তুক দিনত চৰকাৰে বা সংশ্লিষ্ট বিভাগে কোনো সদুত্তৰ নিদিলে পুনৰ ২৯ ডিচেম্বৰ তাৰিখে সৰ্বাতমক কৰ্মবিৰতি পালন কৰিবলৈ সন্থা বাধ্য হব।

Jayanta B Kayastha

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ মাননীয় সভাপতি ও সাধাৰণ সম্পাদক মহোদয় আজি সচিবালয়ত।
30/10/2023

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ মাননীয় সভাপতি ও সাধাৰণ সম্পাদক মহোদয় আজি সচিবালয়ত।

লোক সেৱা বঁটা, ২০২৩ প্ৰাপ্ত জিলা আয়ুক্ত কাৰ্যালয়সমুহৰ কৰ্মচাৰীসকললৈ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আন্তৰি...
09/08/2023

লোক সেৱা বঁটা, ২০২৩ প্ৰাপ্ত জিলা আয়ুক্ত কাৰ্যালয়সমুহৰ কৰ্মচাৰীসকললৈ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
তেওঁলোকৰ এই স্বীকৃতিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা গৌৰৱান্বিত ।

Himanta Biswa Sarma
Ranjeet Kumar Dass
Goalpara District Administration, Assam
DC Bongaigaon
Tinsukia District Administration
Directorate of Information and Public Relations, Assam
Jayanta B Kayastha
Kamrup Metropolitan District Administration
Ajanta Neog

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when All Assam District Administration Employees Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share