26/11/2023
২৬ নৱেম্বৰ, ২০০৮ ! ভাবিলেই গা শিয়ঁৰি উঠা এটা দিন ! মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা দেশী বিদেশী নিৰীহ লোকসকলৰ লগতে এই আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ বিৰূদ্ধে যুঁজি শ্বহীদ হোৱা বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
কংগ্ৰেছৰ শাসনকালত হোৱা এই আক্ৰমণৰ সময়ত দেশী বিদেশী বহুকেইটা চোৰাংচোৱা সংস্থাই চৰকাৰক সতৰ্কবাণী দিয়াৰ পিছতো চৰকাৰে কোনোধৰণৰ সতৰ্কতামূলক ব্যবস্থা গ্ৰহণ নকৰিলে আৰু আক্ৰমণৰ সময়তো এই আক্ৰমণ প্ৰতিহত কৰিবলৈ চৰকাৰী ব্যবস্থাটোৰ বহুখিনি ব্যৰ্থতা দেখা গৈছিল, যাৰ বাবে বহু নিৰীহ ব্যক্তিয়ে মৃত্যুক আকোঁৱালি ল'বলগীয়া হৈছিল ।