02/09/2026
আজি এক বিশেষ সাংগঠনিক কাৰ্যসূচীৰে গুজৰাটত উপস্থিত হৈ গুজৰাট প্ৰদেশৰ কৰ্মশালাত অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া।
প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধেয় শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ বলিষ্ঠ আৰু ভৱিষ্যদৰ্শী নেতৃত্বত ২৫ বছৰীয়া বৰ্ণিল পৰিক্ৰমাৰে সমৃদ্ধ ‘সেৱা সংকল্প অভিযান’ৰ বিভিন্ন দিশৰ পৰিকল্পনা আৰু ৰূপায়ণ সন্দৰ্ভত আজিৰ কৰ্মশালাত বিস্তৃতভাৱে আলোচনা কৰা হয়।
গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেল ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত হৰ্ষ সংঘৱী ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ গুজৰাট প্ৰদেশৰ প্ৰভাৰী শ্ৰীযুত তৰুণ চুঘ ডাঙৰীয়া, শ্ৰীযুত আশীষ ছেলাৰ ডাঙৰীয়াকে ধৰি ৰাজ্যিক সভাপতি শ্ৰীযুত জগদীশ বিশ্বকৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই কৰ্মশালাত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰত্নাকৰ ডাঙৰীয়াৰ লগতে জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।
এমহীয়া এই বিশেষ কাৰ্যসূচীৰ পৰিকল্পনা, ৰূপায়ণ আৰু বিভিন্ন সাংগঠনিক দিশ সন্দৰ্ভত হোৱা গুৰুত্বপূৰ্ণ আলোচনা আৰু গ্ৰহণ কৰা সিদ্ধান্তসমূহে নিশ্চিতভাৱে বিজেপি অসম প্ৰদেশতো ‘সেৱা সংকল্প অভিযান’ সফলতাৰে ৰূপায়ণ কৰাত সহায়ক হ’ব। এক প্ৰভাৱশালী আৰু পৰিণামদায়ক কাৰ্যসূচী হিচাপে ইয়াক ৰূপায়ণ কৰিবলৈ আজিৰ কৰ্মশালাৰ অভিজ্ঞতাসমূহ যথেষ্ট সহায়ক হ’ব বুলি আশাবাদী।
আজিৰ কৰ্মশালাত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত অনুপ বৰ্মন ডাঙৰীয়া, ৰাজ্যিক সম্পাদক শ্ৰীযুত ৰাতুল শৰ্মা ডাঙৰীয়া আৰু যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ৰাকেশ দাস ডাঙৰীয়াও উপস্থিত থাকে।
Dilip Saikia
Nilima Devi
Bharatiya Janata Party (BJP)