Swami Vivekananda poth Shyama puja Udjapon somiti

Swami Vivekananda poth Shyama puja Udjapon somiti Silver Jubilee celebration(2024)

"মৃত্যু এতিয়া সহজ"গভীৰ শোক প্ৰকাশ কৰিছোঁ।অশেষ চেষ্টা, অগণন প্ৰাৰ্থনা আৰু সকলো চিকিৎসাৰ পিছতো আমাৰ অতি প্ৰিয় শ্যামলক আম...
26/07/2026

"মৃত্যু এতিয়া সহজ"
গভীৰ শোক প্ৰকাশ কৰিছোঁ।
অশেষ চেষ্টা, অগণন প্ৰাৰ্থনা আৰু সকলো চিকিৎসাৰ পিছতো আমাৰ অতি প্ৰিয় শ্যামলক আমি ঘূৰাই আনিব নোৱাৰিলোঁ।
তেওঁৰ এই অকাল বিয়োগে আমাৰ হৃদয়ত অপূৰণীয় শূন্যতা সৃষ্টি কৰিলে।
ঈশ্বৰে বিদেহী আত্মাক চিৰশান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অসহনীয় দুখ সহ্য কৰাৰ শক্তি দিয়ক।
নাম- শ্যামল সূত্ৰধৰ
(জন্ম-15/09/1993 মৃত্যু-26/07/2026)
বিনম্ৰ শ্ৰদ্ধাঞ্জলি।
🕊️ ওঁ শান্তি।

আমি কোনটো সমাজত বাস কৰি আছোঁ? কেতিয়াবা ভাবিলে সঁচাকৈ আচৰিত লাগে...যোৱা ৭ জুলাই, ২০২৬ তাৰিখে Leukenia বেমাৰত আক্ৰান্ত শ্...
09/07/2026

আমি কোনটো সমাজত বাস কৰি আছোঁ? কেতিয়াবা ভাবিলে সঁচাকৈ আচৰিত লাগে...
যোৱা ৭ জুলাই, ২০২৬ তাৰিখে Leukenia বেমাৰত আক্ৰান্ত শ্যামল সূত্ৰধৰৰ বাবে A+ (A Positive) ৰক্তদাতাৰ জৰুৰী প্ৰয়োজন বুলি এটা ফেচবুক পোষ্ট কৰিছিলোঁ।
আজি প্ৰায় তিনি দিন পাৰ হ'ল।
এই সময়ছোৱাত পোষ্টটো ২২ হাজাৰৰো অধিক (22K+) মানুহে চাইছে, প্ৰায় ১৫০ জনে Share কৰিছে। তাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ।
কিন্তু অতি দুখেৰে জনাবলগীয়া হৈছে যে এতিয়ালৈকে এজনো ৰক্তদাতা আমি বিচাৰি পোৱা নাই।
আমি কেৱল Share কৰি নিজৰ দায়িত্ব শেষ বুলি ভাবিছোঁ নেকি? কেতিয়াবা এটা ফোনকল, অলপ চেষ্টা বা নিজৰ সামান্য সময়খিনিয়েই এজন মানুহৰ জীৱন বচাব পাৰে।
এজন ৰোগীৰ পৰিয়ালে প্ৰতিটো মুহূৰ্ত আশা আৰু উদ্বিগ্নতাৰে কটাই আছে। তেওঁলোকৰ বাবে আপোনাৰ এটা সৰু সহায়েই হয়তো নতুন জীৱনৰ আশা হ'ব পাৰে।

এটা Shareতকৈও মূল্যৱান হৈছে এজন প্ৰকৃত ৰক্তদাতা।
অনুগ্ৰহ কৰি আগবাঢ়ি আহক। হয়তো আপোনাৰ এয়া এটা সিদ্ধান্তই কাৰোবাৰ জীৱন ৰক্ষা কৰিব। ❤️🩸
যোগাযোগ - 6003267097
7002752245
゚ #হাউলী

🙏 জৰুৰী ৰক্তদানৰ আবেদন 🙏🩸 A+ (A Positive) Blood (SDP/Platelet) Donor Urgently Needed 🩸আমাৰ মৰমৰ বন্ধু/ভাই/দাদা শ্যামল সূ...
07/07/2026

🙏 জৰুৰী ৰক্তদানৰ আবেদন 🙏
🩸 A+ (A Positive) Blood (SDP/Platelet)
Donor Urgently Needed 🩸
আমাৰ মৰমৰ বন্ধু/ভাই/দাদা শ্যামল সূত্ৰধৰ, হাউলী টাউন ৱাৰ্ড নঃ-4 বাসিন্দা, বৰ্তমান গুৱাহাটী B. Borooah Cancer Institute-ত চিকিৎসাধীন আছে। তেখেতৰ বাবে A Positive ৰক্তদাতাৰ অতি জৰুৰী প্ৰয়োজন হৈছে।
আপুনি যদি A Positive ৰক্তৰ অধিকাৰী হয় আৰু ৰক্তদান কৰিবলৈ সক্ষম, অনুগ্ৰহ কৰি তলৰ নম্বৰত অতি শীঘ্ৰে যোগাযোগ কৰক।
📞 Sujan Saha: 6003267097
📞 Debu sutradha: 9864725043
🙏 আপোনাৰ এটা সৰু সহায়ে এজন ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে।
অনুগ্ৰহ কৰি এই পোষ্টটো বেছি বেছি Share কৰি সহায় কৰক। ❤️🩸

🟥🟥🟥জাননী 🟥🟥🟥কিছুমান দোকানীয়ে গুটখাৰ দাম অতিৰিক্তভাৱে বৃদ্ধি কৰি গ্ৰাহকৰ ওপৰত আৰ্থিক বোজা পেলাইছে। এই ধৰণৰ অযৌক্তিক মূল্য...
21/03/2026

🟥🟥🟥জাননী 🟥🟥🟥

কিছুমান দোকানীয়ে গুটখাৰ দাম অতিৰিক্তভাৱে বৃদ্ধি কৰি গ্ৰাহকৰ ওপৰত আৰ্থিক বোজা পেলাইছে। এই ধৰণৰ অযৌক্তিক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে।
ইয়াৰ বিপৰীতে আমাৰ গাঁৱৰ উদীয়মান যুৱ ব্যৱসায়ী
সঞ্জিত চন্দ ডাঙৰীয়াই সদায় সঠিক আৰু ন্যায্য মূল্যত সকলো সামগ্ৰী বিক্ৰী কৰি আহিছে। তেওঁৰ এই সদিচ্ছা আৰু সততা সচাই প্ৰশংসনীয়।
দোকানৰ নাম: চন্দ ট্ৰেদাৰ্চ
ফোন নম্বৰ:6000958479
📍ঠিকনা:স্বামী বিবেকানন্দ পথ,ৱাৰ্ড নং – ৪
(পোস্ট অফিচৰ কাষত থকা শিৱ মন্দিৰৰ সন্মুখত)

এইধৰণৰ সৎ আৰু জনমুখী ব্যৱসায়ীক সমৰ্থন কৰাটো আমাৰ সকলোৰে দায়িত্ব।
(বিদ্র: পাইকাৰী আৰু খুচৰা দুয়োটা বিক্ৰী কৰা হয়)
#হাউলী

09/02/2026
08/02/2026

🙏 মহা শিৱৰাত্ৰি উদ্‌যাপন 🙏
বাপুজী নগৰ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত
স্বামী বিবেকানন্দ পথ যুৱ সমাজৰ সহযোগত
পবিত্ৰ মহা শিৱৰাত্ৰি উপলক্ষে
সকলো শ্ৰদ্ধালু ভক্তপ্ৰাণ ৰাইজক
বাপুজী নগৰ শিৱ মন্দিৰ প্ৰাঙ্গণলৈ
আন্তৰিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে।
📍 স্থান: বাপুজী নগৰ শিৱ মন্দিৰ প্ৰাঙ্গণ
📅 তাৰিখ: ১৫ ফেব্ৰুৱাৰী, ২০২৬
🗓️ ২ ফাগুন, ৰবিবাৰ
🔱 আহক, ভক্তি আৰু শ্ৰদ্ধাৰে ভগৱান শিৱৰ আশীৰ্বাদ গ্ৰহণ কৰোঁ।
হৰ হৰ মহাদেৱ 🔱

Address

Swami Vivekananda Poth
Howli
781316

Telephone

+918638141792

Website

Alerts

Be the first to know and let us send you an email when Swami Vivekananda poth Shyama puja Udjapon somiti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Swami Vivekananda poth Shyama puja Udjapon somiti:

Shortcuts

Share

Category