The Kaliabor Pulse

The Kaliabor Pulse সত্যৰ সন্ধানত সঠিক সময়ৰ অপেক্ষাত

28/08/2026

আপোনাৰ যদি ড্ৰাইভিং লাইচেঞ্চ নাই, তেন্তে সাৱধান!
জানি লওক এইকেইটা গুৰুত্বপূৰ্ণ কথা।
#কলিয়াবৰ

18/08/2026

📌কলিয়াবৰ মহাবিদ্যালয়ত ৰেগিং বিৰোধী সজাগতামূলক বাটৰ নাট।
📌“DON’T RAG, JUST INTERACT” এই বাৰ্তাৰে শিক্ষাৰ্থীৰ মাজত ৰেগিঙৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে আয়োজন বাটৰ নাট।
#কলিয়াবৰ

16/08/2026

📌খাদ্য সামগ্ৰী সাহায্যৰ বাবে নহয়, গৃহহীনৰ ঘৰ বান্ধিবলৈ শিৱসাগৰলৈ যাত্ৰা কলিয়াবৰৰ 'বৰসত্ৰ'ৰ ৰাইজ
📌নিজৰ বাৰীৰ বাঁহ কাটি বানাক্ৰান্তৰ আশ্ৰয়গৃহ নিৰ্মাণ কৰি দিবলৈ সাজু এওঁলোক
📌বাঁহ আৰু প্ৰয়োজনীয় সামগ্ৰী লৈ তেখেত সকলে আজি যাত্ৰা কৰিছে উজনিৰ বানাক্ৰান্ত অঞ্চললৈ
#কলিয়াবৰ

13/08/2026

কলিয়াবৰত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে আখৰাত ব্যস্ত আৰক্ষী, NCC,স্কাউট-গাইডৰ আৰু বিভিন্ন বিদ্যালয়ৰ দলসমূহ
#কলিয়াবৰ

01/08/2026

কলিয়াবৰ বাসীৰ সহযোগত আৰু টিম সহায়ৰ হাতৰ উদ্যোগত শিৱসাগৰৰ বিভিন্ন বানপীড়িত অঞ্চলত সাহায্য সামগ্ৰী বিতৰণ
বানপীড়িত পৰিয়ালসমূহৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় বস্তু বিতৰণ কৰে দলটোৱে
#কলিয়াবৰ

31/07/2026

জে জি প্ৰডাকচনৰ বেনাৰত কলিয়াবৰৰ আমনিত অনুষ্ঠিত হ'ব এক ফেশ্বন শ্ব'।

উত্তৰ পূৰ্বাঞ্চল ভিত্তিক ২১,২২ আৰু ২৩ তাৰিখে অনুষ্ঠিত হ'ব ফেশ্বন শ্ব'

আয়োজক সমিতিয়ে কলিয়াবৰৰ সকলো আগ্ৰহী প্ৰতিযোগীক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

সবিশেষ জানিবলৈ 70868 14770 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে জনাইছে।

#কলিয়াবৰ

26/07/2026

উজনি অসমৰ বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দিবলৈ আগবাঢ়ি আহিছে ৰাজ্যবাসী
সেই ধাৰাবাহিকতাত মানৱীয় পদক্ষেপ হিছাপে গ্ৰহণ কৰিছে কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাইও

#কলিয়াবৰ

20/07/2026

কলিয়াবৰত ADRE 3.O ৰ ১০ দিনিয়া প্ৰশিক্ষন শিবিৰৰ শুভাৰম্ভণি
কলিয়াবৰৰ অন্যতম সামাজিক আৰু শৈক্ষিক অনুষ্ঠান "শিপা" we dream of a prosperous assam ৰ উদ্যোগত আৰু borthaakurs IAS একাডেমিৰ সহযোগত আজিৰে পৰা দহ দিনীয়া ভাবে অনুষ্ঠিত হৈছে ADRE 3.O ৰ বিশেষ প্ৰশিক্ষণ শিবিৰ

#কলিয়াবৰ

19/07/2026

আৰম্ভ হৈছে পৱিত্ৰ শাওন মাহ। আজি শাওন মাহৰ প্ৰথমটো দেওবাৰ। এই উপলক্ষে ৰাজ্যজুৰি শিৱ মন্দিৰসমূহত ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনাৰ মাজতে কলিয়াবৰৰ শিলঘাটস্থিত ত্ৰিশুলধাৰী মন্দিৰতো সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰিছে পৰিচালনা সমিতিয়ে।

#কলিয়াবৰ

19/07/2026

প্ৰচণ্ড গৰমৰ পৰা সাময়িক পৰিত্ৰাণ বিচাৰি এতিয়া শ শ লোকে ঢাপলি মেলিছে কাৰ্বি আংলঙৰ ৰংমংৱেৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আৰণাম লাংপিলৈ। কাৰ্বি পাহাৰৰ পৰা বৈ অহা দেওপানী নৈৰ শীতল জলধাৰাত স্নান কৰাৰ লগতে মনোমোহা পৰিৱেশ উপভোগ কৰিবলৈ প্ৰতিদিনে ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ পৰ্যটকে।
#কলিয়াবৰ

Address

Kaliabor
Jakhalabandha

Website

Alerts

Be the first to know and let us send you an email when The Kaliabor Pulse posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category