Gorokhia Dole

Gorokhia Dole Near shiva mandir

31/10/2019

গৰখীয়া দ'ল

গৰখীয়া দ'ল বা গৰখীয়া দৌল, যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়৷ অসম বুৰঞ্জীত ইয়াৰ উল্লেখ নাই যদিও এই দ'ল জাগ্ৰত বুলি জনবিশ্বাস আছে৷ গৰখীয়া দ'লৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য। ইয়াত থকা উঁই-হাফলুৰ দ'লটো চৈধ্য-পোন্ধৰফুটমান ওখ।

ইতিহাস

কাহিনী অনুসৰি অতীজতে এই ঠাইত এখন গৰু চৰোৱা আহল-বহল পথাৰ আছিল৷ প্ৰতিদিনে স্থানীয় গৰখীয়াবিলাকে গোট খাই তাত গৰু চৰাইছিল৷ তাতে এজন মুখিয়াল গৰখীয়াই নিতৌ বালিৰ দ'ল সাজি ফৰিং বলি দিয়াৰ ব্যৱস্থা কৰিছিল৷ দৈনিক এজন গৰখীয়াৰ ফৰিং ধৰি অনাৰ পাল আছিল আৰু দ'লৰ আগত বিৰিণাৰ পাতেৰে সেই ফৰিং বলি দি গৰখীয়াৰ নিত্য পূজা সমাপন কৰি ঘূৰি গৈছিল৷ এদিন পাল পৰা এজন গৰখীয়া ল'ৰাই ফৰিং ধৰি নানিলে; আৰু বলি দিবৰ সময় হোৱাত গৰখীয়াই ক'লে, তেওঁ ফৰিং আনিব নোৱাৰিলে, গতিকে দ'লৰ আগত তেওঁকেই বলি দিয়ক৷ গতিকে ফৰিং বলি দিয়াৰ দৰেই বিৰিণা পাতেৰে এজন ল'ৰাই তেওঁৰ ডিঙিটোত ৰেপ দিলে৷ আচৰিত কথা যে বিৰিণা পাতৰ ঘঁহনি খাই ল'ৰাজনৰ ডিঙিটো দুটুকুৰা হ'ল৷ তেতিয়া সকলো গৰখীয়া ল'ৰাই চিঞৰ-বাখৰ কৰি গাঁৱৰ মানুহক জনালে৷ গাঁৱৰ মানুহে এনে আচৰিত কাণ্ড দেখি এই ঠাইত দেৱতা আছে বুলি সেই বালিৰ দ'ল আৰু বলি দিয়া ঠাই তেতিয়াই তাঁতি দি বেৰি পেলালে৷ পাছদিনা পুৱা দেখে যে সেই ঠাইত বালিৰ দ'লৰ ঠাইত উঁইহাফলুৰ দৰে এটা দ'ল হৈ আছে৷ দিনে দিনে সেই দ'ল বাঢ়ি উঠা দেখি গাঁৱৰ ৰাইজে তাত এটা শিৱমূৰ্তি প্ৰতিষ্ঠা কৰি এটা মন্দিৰ নিৰ্মাণ কৰিলে৷

প্ৰবাদমতে শিৱসিংহ ৰজাৰ দিনত প্ৰথমে ইয়াত বলি দিয়া হৈছিল।

পূজা-অৰ্চনা

প্ৰতি বছৰে এই দ'লত শিৱৰাত্ৰিৰ অষ্টপ্ৰহৰ শিৱপূজা হয়। হাফলুটোত উঁই থকাৰ চিন নাই কিন্তু তাত এযোৰ ফটীসাপ মাজে মাজে ওলোৱা দেখা যায়।মানুহে দ'লৰ মাহাত্ম্য বিশ্বাস কৰি বেমাৰে-আজাৰে দুখে-আপদে দ'ললৈ মাননি দিয়ে।

প্ৰসঙ্গ পুথি

সম্পাদক- ড: মহেশ্বৰ নেওগ (২০০৪). পৱিত্ৰ অসম. প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৬৬-৬৭.

বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা

29/11/2018
গৰখীয়াদ'ল শ্ৰী শ্ৰী শিৱমন্দিৰত সপ্তাহ যোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা শ্ৰীমদ্ভাগৱত পাঠলৈ সমূহ ধৰ্ম প্ৰাণ বৈষ্ণৱ বৃন্দক নিমন...
13/10/2018

গৰখীয়াদ'ল শ্ৰী শ্ৰী শিৱমন্দিৰত সপ্তাহ যোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা শ্ৰীমদ্ভাগৱত পাঠলৈ সমূহ ধৰ্ম প্ৰাণ বৈষ্ণৱ বৃন্দক নিমন্ত্ৰন জনালো.....

শ্ৰী শ্ৰী গৰখীয়া দ'ল শিৱ মন্দিৰৰ শ্ৰী কৃষ্ণৰ ৰাস লীলাৰ দ্বিতীয় নিশা ত উপস্থিত হৈ ৰাইজৰ আশীৰ্বাদ লোৱাৰ লগতে অনুস্থান টোৰ ...
13/11/2017

শ্ৰী শ্ৰী গৰখীয়া দ'ল শিৱ মন্দিৰৰ শ্ৰী কৃষ্ণৰ ৰাস লীলাৰ দ্বিতীয় নিশা ত উপস্থিত হৈ ৰাইজৰ আশীৰ্বাদ লোৱাৰ লগতে অনুস্থান টোৰ উন্নয়নৰ বাবে দুই (2) লাখ টকা আৰ্থিক অনুদান আগবঢ়াই মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী দাদাই !!!!! লগতে সমূহ গৰখীয়া দ'লৰ যুৱক সমাজে তেওঁক প্ৰতিটো মুহূৰ্ততে মুকলিকৈ সহায় কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে !!

গৰখীয়া দ’ল শ্ৰী শ্ৰী শিৱ মন্দিৰৰ নৱনিৰ্মিত তোৰণখনি
19/03/2017

গৰখীয়া দ’ল শ্ৰী শ্ৰী শিৱ মন্দিৰৰ নৱনিৰ্মিত তোৰণখনি

30/07/2014
08/06/2014

Gd Mrning.....Have a lovely day

Address

Jorhat
Jorhat
785015

Telephone

+919854000000

Website

Alerts

Be the first to know and let us send you an email when Gorokhia Dole posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share