Majuli Police

Majuli Police Official interactive platform for better coordination and communication between the people of Majuli and the Police.

সামাজিক মাধ্যমৰ জৰিয়তে পোৱা মাজুলীৰ সচেতন জনমহলৰ এটা অভিযোগৰ ওপৰত ভিত্তি কৰি কালি ফুলনি আৰক্ষীয়ে অভিযুক্ত বাইক আৰোহীজনক...
05/08/2026

সামাজিক মাধ্যমৰ জৰিয়তে পোৱা মাজুলীৰ সচেতন জনমহলৰ এটা অভিযোগৰ ওপৰত ভিত্তি কৰি কালি ফুলনি আৰক্ষীয়ে অভিযুক্ত বাইক আৰোহীজনক তেওঁৰ অভিভাৱকৰ সৈতে থানালৈ মতাই আনে। যান- বাহন আইন উলংঘা কৰি নিৰ্ধাৰিত বয়সত উপনীত নোহোৱাকৈ ড্ৰাইভিং লাইচেঞ্চ অবিহনে ৰাস্তাত বিপদজনকভাৱে বাইক চলোৱাৰ অভিযোগত তেওঁৰ ওপৰত যাৱতীয় ব্যৱস্থা লোৱাৰ উপৰিও সংশ্লিষ্ট অভিভাৱকৰ লগতে যুৱকজনৰপৰা ভৱিষ্যতে এই ধৰণৰ কাৰ্যত লিপ্ত নোহোৱাৰ লিখিত প্ৰতিশ্ৰুতি লোৱা হয়।

জনপথ কেৱল বাইক চালকৰ বাবেই নহয়, ই পথচাৰীৰ বাবেও। যান - বাহন আইন উলংঘা কৰি তীব্ৰবেগেৰে আনৰ জীৱনলৈ ভাবুকি আনিব পৰাকৈ বিপদজনকভাৱে বাইক অথবা গাড়ী চলোৱাটো আইনমতে দণ্ডনীয়। এইক্ষেত্ৰত মাজুলী আৰক্ষীয়ে জনসাধাৰণৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি যাব।

জনহিত - জনসেৱাৰ্থে।
CMO Assam
Assam Police
DGPAssamPolice

⚠️ বিশেষ সতৰ্কতামূলক জাননীসম্প্ৰতি অসমৰ বান পৰিস্থিতিত বহুত হৃদয়ৱান লোকে ব্যক্তিগতভাৱে বান পীড়িতসকলক সহায় আগবঢ়াই মান...
04/08/2026

⚠️ বিশেষ সতৰ্কতামূলক জাননী

সম্প্ৰতি অসমৰ বান পৰিস্থিতিত বহুত হৃদয়ৱান লোকে ব্যক্তিগতভাৱে বান পীড়িতসকলক সহায় আগবঢ়াই মানৱীয়তাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। এই মহৎ প্ৰচেষ্টাক মাজুলী আৰক্ষীয়ে আন্তৰিকভাৱে শলাগ জনায়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে, একাংশ অসাধু ব্যক্তিয়ে বান সাহায্যৰ নামত ভুৱা প্ৰচাৰ চলাই সামাজিক মাধ্যমৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ চেষ্টা কৰি আছে।

শেহতীয়াকৈ তেনে এক ঘটনা মাজুলী জিলাত দৃষ্টিগোচৰ হয়। মনোৰঞ্জন দাস নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যম ফেচবুকত আন এজন ব্যক্তিৰ নাম ব্যৱহাৰ কৰি নিজৰ QR Code-ত বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰিছিল। বিষয়টো পোহৰলৈ অহাৰ পাছত মাজুলী আৰক্ষীয়ে তৎক্ষণাত অনুসন্ধান চলাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। তেওঁক সংগৃহীত সকলো ধন ঘূৰাই দিবলৈ আৰু সেই কথা সামাজিক মাধ্যমত ৰাজহুৱাভাৱে ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অন্যথা, আইনমতে তেওঁৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

মাজুলী আৰক্ষীৰ বিনম্ৰ আহ্বান—
সামাজিক মাধ্যমত প্ৰচাৰিত বান সাহায্যৰ বাবে যিকোনো ধন সংগ্ৰহৰ আহ্বান বা QR Code-ত বৰঙণি আগবঢ়োৱাৰ পূৰ্বে ইয়াৰ সত্যতা নিশ্চিত কৰক। সন্দেহ হ'লে ওচৰৰ আৰক্ষী থানা বা মাজুলী আৰক্ষীৰ সৈতে যোগাযোগ কৰি নিশ্চিত হৈহে ধন প্ৰেৰণ কৰক।

বান পীড়িতসকলৰ কাষত থিয় হওঁক, কিন্তু ঠগ-প্ৰবঞ্চকৰ ফান্দত নপৰিব। সচেতন হওঁক, আনকো সচেতন কৰক।

আৰক্ষীৰ সৈতে যোগাযোগৰ নম্বৰ:
মাজুলী আৰক্ষী নিয়ন্ত্ৰণ কক্ষ - ৬০০২৬ ২৮২৪৩
মাজুলী (কমলাবাৰী) আৰক্ষী থানা - ৬০২৬৯ ০০৮৬৭
গড়মূৰ আৰক্ষী থানা -৬০২৬৯ ০০৮৬৮
জেংৰাইমুখ আৰক্ষী থানা -৬০২৬৯ ০০৮৬৯
CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli

Majuli Police continues to conduct regular Naka Checking, Area Domination, Night Patrolling and Anti-Sabotage Checks acr...
04/08/2026

Majuli Police continues to conduct regular Naka Checking, Area Domination, Night Patrolling and Anti-Sabotage Checks across strategic locations and critical installations in the district.

Through sustained preventive policing, we remain dedicated to preventing crime, enhancing public safety and maintaining peace and order for the community.

CMO Assam
Assam Police
DGPAssamPolice

01/08/2026

Empower Your Girls Today, Build a Stronger Nation Tomorrow. 💪👧

Valedictory Ceremony of the 10-Day Self-Defence Training for Girls, organized by the Majuli Police Administration in collaboration with the Uriamghat Foundation.

Together, we are empowering young girls with the confidence, skills and courage to build a safer and stronger future.
CMO Assam
Assam Police
DGPAssamPolice
Uriamghat Foundation

Arakshi Sanmilan Held at SSP Office, MajuliThe Arakshi Sanmilan for the month of July 2026 was held today at the Office ...
31/07/2026

Arakshi Sanmilan Held at SSP Office, Majuli

The Arakshi Sanmilan for the month of July 2026 was held today at the Office of the Senior Superintendent of Police, Majuli. During the meeting, grievances and welfare-related issues of police personnel were heard and addressed, reaffirming the department's commitment to the well-being of its force.

On the occasion, Certificates of Appreciation were presented to officers and personnel in recognition of their dedication, professionalism and commendable service in the discharge of their duties.

Special Certificates of Appreciation were also awarded to the district Fire and Emergency Services personnel for their selfless support, unwavering commitment, and exemplary humanitarian service rendered to the flood-affected people of Sivasagar, Charaideo and Nazira during the recent floods.
CMO Assam
Assam Police
DGPAssamPolice

মাজুলী আৰক্ষীৰ তৰফৰপৰা শিৱসাগৰ বানাৰ্ত ৰাইজ আৰু পশুধনলৈ ৰিলিফ প্ৰদানমানৱ সেৱাৰ মহান উদ্দেশ্য আগত ৰাখি মাজুলী আৰক্ষীৰ উদ্...
31/07/2026

মাজুলী আৰক্ষীৰ তৰফৰপৰা শিৱসাগৰ বানাৰ্ত ৰাইজ আৰু পশুধনলৈ ৰিলিফ প্ৰদান

মানৱ সেৱাৰ মহান উদ্দেশ্য আগত ৰাখি মাজুলী আৰক্ষীৰ উদ্যোগত আজি শিৱসাগৰ জিলাৰ বানপীড়িত ৰাইজৰ লগতে পশুধনৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয়।

সাহায্য সামগ্ৰীৰ ভিতৰত আছিল খোৱাপানী, শিশুৰ বাবে কাপোৰ, ডায়েপাৰ, শিশু খাদ্য, অ' আৰ এছ, বিচনাৰ চাদৰ, চেনিটেৰী পেড, চাবোন, ফেনাইল, ব্লিচিং পাউদাৰ, মহ মৰা ধূপ, জুইশলা বাকচ আদি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী। ইয়াৰ উপৰিও বানৰ ফলত ক্ষতিগ্ৰস্ত পশুধনৰ বাবে প্ৰয়োজনীয় পশুখাদ্যও প্ৰেৰণ কৰা হয়।

দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত লোকসকলৰ কাষত থিয় দি সামান্য সহায়ৰ হাত আগবঢ়োৱাটো মাজুলী আৰক্ষীৰ সামাজিক দায়বদ্ধতাৰ এক আন্তৰিক প্ৰয়াস।
CMO Assam
Assam Police
Himanta Biswa Sarma
DGPAssamPolice

মাজুলীৰ কমলাবাৰী চাৰি- আলিস্থিত প্ৰভাতী ইলেক্ট্ৰনিক্স নামৰ দোকানত সংঘটিত হোৱা চুৰি সংক্ৰান্তত যোৱা ইং ৮ জুলাই, ২০২৬ তাৰি...
30/07/2026

মাজুলীৰ কমলাবাৰী চাৰি- আলিস্থিত প্ৰভাতী ইলেক্ট্ৰনিক্স নামৰ দোকানত সংঘটিত হোৱা চুৰি সংক্ৰান্তত যোৱা ইং ৮ জুলাই, ২০২৬ তাৰিখে মাজুলী থানাত ৰুজু হোৱা ২৩/২৬ নং গোচৰৰ অন্য এজন অভিযুক্তক মাজুলী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। তেওঁৰ নাম: নৰেন্দ্ৰ দাস ওৰফে দেহা, পিতা : ললিত দাস, ডেকা শেনছোৱা গাঁও, মাজুলী।

ধৃত নৰেন্দ্ৰ দাসক আৰক্ষীৰ জিম্মাত যাৱতীয় সোধ পোছ কৰাৰ পাছত আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
CMO Assam
Assam Police
DGPAssamPolice

Address

Majuli
Majuli

Alerts

Be the first to know and let us send you an email when Majuli Police posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Majuli Police:

Shortcuts

Share