18/02/2026
জনস্বাস্থ্য কাৰিকৰী বিভাগ মঙ্গলদৈ সংমণ্ডলৰ অধীনৰ চপাই গাঁও পঞ্চায়তৰ অন্তৰ্গত মুঠ ১২টা পানীযোগান আচঁনিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া,জলমিত্ৰ আৰু ৰাইজৰ উপস্থিতিত আজি চপাই গাও পঞ্চায়তৰ কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত দৰং জিলাৰ প্ৰথমখন "জল অৰ্পন দিৱস" উদযাপন কৰা হয় । এই অনুষ্ঠানত দৰং জিলা পৰিষদৰ সভানেত্ৰী মাননীয়া শেৱালী গোস্বামী কলিতা , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা শ্ৰীযুত বিকাশ কলিতা,সহকাৰী কাৰ্য্যবাহী অভিযন্তা দ্বয় শ্ৰী যুত নান্টু দাস আৰু শ্ৰীযুত টিংকু কলিতা ,
শাখা বিষয়া ম: আব্দুল চালাম আহমেদ ,চপাই জিলা পৰিষদিয় সমষ্টিৰ সদস্যা মাননীয়া অনিতা ৰাজবংশী,পাথৰিঘাট দুনী জিলা পৰিষদিয় সমষ্টিৰ সদস্যা মাননীয়া ৰূপালী দেৱী , আঞ্চলিক পঞ্চায়তৰ সদস্যা মাননীয়া ৰুমী দাস,চপাই গাঁও পঞ্চায়তৰ সভানেত্ৰী মাননীয়া তনয়া মহন্ত , চপাই গাঁও পঞ্চায়তৰ সচিব মাননীয়া বিনীতা বৰদলৈ,পঞ্চায়ত সদস্য সদস্যা সকল
সম্বনিতে জিলা সমন্বয়ক (আই. ই.চি) ভূপেন কলিতা, জিলা সমন্বয়ক( এইচ .আৰ .দি) ভূপেন হাজৰিকা,জিলা সমন্বয়ক( আই .এচ. এ .) প্ৰিয়ঙ্কা দাস, জিলা পৰ্য্যায়ৰ পানী পৰীক্ষাগাৰৰ মাইক্ৰ বায়লজিষ্ট পৰাগ নাথ ,ৱাই. পি দিলৱাৰা বেগম উপস্থিত থাকে । আজিৰ এই অনুষ্ঠানত "গাঁৱৰ জল গাঁৱৰ হাতত" বিষয় বস্তু হিচাপে লৈ জল জীৱন মিছনৰ অধীনৰ পানী যোগান আচঁনি সমূহৰ দীৰ্ঘম্যাদী স্থায়িত্বৰ বাবে সমূহীয়া মালিকী স্বত্ব আৰু মাহেকীয়া মাছুল সংগ্ৰহৰ ওপৰত বিশদ ভাবে আলোচনা কৰা হয় ।লগতে জল জীৱন মিছনৰ অধীনৰ পানী যোগান আচঁনি সমূহৰ মেৰামতি সম্পৰ্কে পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ নতুন নীতি সম্পৰ্কেও এই অনুষ্ঠানত আলোচনা কৰা হয়।
Jal Jeevan Mission, Assam
Jal Jeevan Mission, India
Darrang District Administration