Mirza Electrical Sub-Division, APDCL

Call Website Contact the organization

Mirza Electrical Sub-Division, APDCL Sub-Division code: 029. Official FB page of Mirza Electrical Sub-Division, APDCL, Mirza

আমাৰ সন্মানীয় উপভোক্তাসকলৰ জ্ঞাতাৰ্থে নতুন বিজুলী সংযোগৰ নিৰিখবোৰ তলত দিয়া হ'ল।
20/05/2026

আমাৰ সন্মানীয় উপভোক্তাসকলৰ জ্ঞাতাৰ্থে নতুন বিজুলী সংযোগৰ নিৰিখবোৰ তলত দিয়া হ'ল।

আজি পুৱতি নিশা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত বহুতো ঠাইত গছ উঘালি পৰাৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰ আৰু খুঁটাৰ ক্ষতি হৈছে। ইয়াৰ ফ...
21/04/2026

আজি পুৱতি নিশা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত বহুতো ঠাইত গছ উঘালি পৰাৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰ আৰু খুঁটাৰ ক্ষতি হৈছে। ইয়াৰ ফলত নহিৰা, চিমিনা-ফুটুৰি, ৰাজাপুখুৰী, সত্ৰপাৰা, দহালি, ৰামপুৰ, সৰপাৰা, উপৰহালি, ঝাৰোবাৰী, বৰিহাট, মাজকুছি, হুদুমপুৰ ইত্যাদি ঠাইত বিদ্যুৎ যোগান ব্যাহত হৈ আছে। বিদ্যুৎ যোগান পুনঃ উদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই থকা হৈছে। অসুবিধাৰ বাবে দুঃখিত।

16/04/2026

::গুৰুত্বপূৰ্ণ সূচনা::

প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনি (PM Suryaghar Muft Bijli Yojna) ৰ অধীনত বহুতো উপভোক্তাই Vendor ৰ কথামতে নিজৰ ঘৰত প্ৰয়োজনতকৈ অধিক ক্ষমতাৰ rooftop solar system বহুৱাই লোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত আমাৰ উপভোক্তাসকলৰ জ্ঞাতাৰ্থে তলত দিয়া কথাখিনি জনাব বিচাৰিছোঁ:

১) ১ কিলোৱাট ক্ষমতাৰ rooftop on-grid solar system এটাই ভাল বতৰত দৈনিক ৪ ইউনিত (4 kwh) পৰ্যন্ত বিদ্যুৎ উৎপাদন কৰিব পাৰে। গতিকে মাহত গড়ে ১০০-১২০ ইউনিত পৰ্যন্ত বিদ্যুৎ উৎপন্ন কৰিব পাৰে। একেদৰে, ২ কিলোৱাট ক্ষমতাৰ solar system এটাই মাহত গড়ে ২০০-২৪০ ইউনিত, ৩ কিলোৱাট ক্ষমতাৰ system এটাই মাহত গড়ে ৩২০-৩৬০ ইউনিত পৰ্যন্ত বিদ্যুৎ উৎপাদন কৰিব পাৰে।

২) ওপৰত দিয়া হিচাপ মতে, মাহত গড়ে ১০০-১২০ ইউনিত বিদ্যুৎ ব্যৱহাৰ কৰা পৰিয়াল এটাৰ কাৰণে ১ কিলোৱাট ক্ষমতাৰ solar system এটাই যথেষ্ট। গতিকে, যদি নিকট ভৱিষ্যতত বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি হ'ব পৰা কোনো পৰিকল্পনা নাই, তেনে ক্ষেত্ৰত vendor ৰ কথামতে অযথা খৰচ কৰি ৩ কিলোৱাটৰ system বহুৱাই লোৱাৰ কোনো প্ৰয়োজন নাই।

৩) উচিত মূল্য পাবৰ কাৰণে সদায় একাধিক vendor ৰ পৰা Quotation ল'ব আৰু তুলনা কৰি চাব। Vendor ৰ সৈতে বুজা-বুজিৰ চুক্তি (Vendor Agreement) স্বাক্ষৰ হোৱাৰ পিছতহে ধনৰ লেন-দেন কৰিব বা বেংক ঋণৰ বাবে আগবাঢ়িব।

কিবা সন্দেহ থাকিলে PM সূৰ্য্যঘৰ ৱেবচাইট (www.pmsuryaghar.gov.in) অথবা মিৰ্জা বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্য্যালয় visit কৰিব।

সজাগ থাকক, সতৰ্ক থাকক।

Ministry of New and Renewable Energy (MNRE), Government of India
Assam Power Distribution Company Limited
REC Limited

15/04/2026
যোৱা নিশা হোৱা প্ৰৱল ধুমুহাৰ ফলত লোহাৰঘাট, কুলসী, বাৰেগাওঁ, মানিকপুৰ, কুমাৰবৰী, বাগান,ৰাজাপাৰা, নিৰলপুৰ, জ'জি ইত্যাদি ঠা...
17/03/2026

যোৱা নিশা হোৱা প্ৰৱল ধুমুহাৰ ফলত লোহাৰঘাট, কুলসী, বাৰেগাওঁ, মানিকপুৰ, কুমাৰবৰী, বাগান,ৰাজাপাৰা, নিৰলপুৰ, জ'জি ইত্যাদি ঠাইত APDCL ৰ বৈদ্যুতিক আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। যদিও অতিৰিক্ত কৰ্মী নিয়োগ কৰা হৈছে, তথাপিও ব্যাপক ক্ষয়-ক্ষতিৰ বাবে বিদ্যুৎ যোগান পুনৰুদ্ধাৰ কৰিবলৈ যথেষ্ট সময় লাগিব। অসুবিধাৰ বাবে দুঃখিত।

07/03/2026

নতুন ৩৩ কেভি বে' (33 kV Terminal Bay) নিৰ্মাণৰ বাবে কাইলৈ অৰ্থাৎ ০৮.০৩.২০২৬ তাৰিখে পুৱা ৫:৩০ বজাৰ পৰা পুৱা ৯ বজালৈ ৩৩/১১ কেভি পলাশবাৰী উপ-কেন্দ্ৰৰ পৰা ওলোৱা আটাইকেইটা ১১ কেভি লাইন বন্ধ থাকিব। ইয়াৰ ফলত মনপুৰ, বৰকুছি, কোকঝাৰ, পলাশবাৰী,শদিলাপুৰ, হুদুমপুৰ, পাৰ্ল্লী ,আগছিয়া ইত্যাদি ঠাইত বিদ্যুৎ যোগান ব্যাহত হ'ব। অসুবিধাৰ বাবে দুঃখিত।

গুৰুত্বপূৰ্ণ সূচনা
26/02/2026

গুৰুত্বপূৰ্ণ সূচনা

16/02/2026

AEGCL ৪০০ কেভি মিৰ্জা গ্ৰীড উপ-কেন্দ্ৰত প্ৰতিৰোধমূলক মেৰামতিৰ বাবে কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ ১৭.০২.২০২৬ আৰু ১৮.০২.২০২৬ তাৰিখে মিৰ্জা বৈদ্যুতিক উপ-সংমণ্ডলৰ অন্তৰ্গত আটাইবোৰ অঞ্চলতে পুৱা ৫ বজাৰ পৰা পুৱা ৯ বজালৈ বিদ্যুৎ যোগান ব্যাহত হ'ব। অসুবিধাৰ বাবে দুঃখিত।

Address

Mirza Loharghat Road
Mirza
781125

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+919678010417

Alerts

Be the first to know and let us send you an email when Mirza Electrical Sub-Division, APDCL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Mirza Electrical Sub-Division, APDCL:

Shortcuts

Share