Mirza Electrical Sub-Division, APDCL

Mirza Electrical Sub-Division, APDCL Sub-Division code: 029. Official FB page of Mirza Electrical Sub-Division, APDCL, Mirza

16/04/2026

::গুৰুত্বপূৰ্ণ সূচনা::

প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনি (PM Suryaghar Muft Bijli Yojna) ৰ অধীনত বহুতো উপভোক্তাই Vendor ৰ কথামতে নিজৰ ঘৰত প্ৰয়োজনতকৈ অধিক ক্ষমতাৰ rooftop solar system বহুৱাই লোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত আমাৰ উপভোক্তাসকলৰ জ্ঞাতাৰ্থে তলত দিয়া কথাখিনি জনাব বিচাৰিছোঁ:

১) ১ কিলোৱাট ক্ষমতাৰ rooftop on-grid solar system এটাই ভাল বতৰত দৈনিক ৪ ইউনিত (4 kwh) পৰ্যন্ত বিদ্যুৎ উৎপাদন কৰিব পাৰে। গতিকে মাহত গড়ে ১০০-১২০ ইউনিত পৰ্যন্ত বিদ্যুৎ উৎপন্ন কৰিব পাৰে। একেদৰে, ২ কিলোৱাট ক্ষমতাৰ solar system এটাই মাহত গড়ে ২০০-২৪০ ইউনিত, ৩ কিলোৱাট ক্ষমতাৰ system এটাই মাহত গড়ে ৩২০-৩৬০ ইউনিত পৰ্যন্ত বিদ্যুৎ উৎপাদন কৰিব পাৰে।

২) ওপৰত দিয়া হিচাপ মতে, মাহত গড়ে ১০০-১২০ ইউনিত বিদ্যুৎ ব্যৱহাৰ কৰা পৰিয়াল এটাৰ কাৰণে ১ কিলোৱাট ক্ষমতাৰ solar system এটাই যথেষ্ট। গতিকে, যদি নিকট ভৱিষ্যতত বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি হ'ব পৰা কোনো পৰিকল্পনা নাই, তেনে ক্ষেত্ৰত vendor ৰ কথামতে অযথা খৰচ কৰি ৩ কিলোৱাটৰ system বহুৱাই লোৱাৰ কোনো প্ৰয়োজন নাই।

৩) উচিত মূল্য পাবৰ কাৰণে সদায় একাধিক vendor ৰ পৰা Quotation ল'ব আৰু তুলনা কৰি চাব। Vendor ৰ সৈতে বুজা-বুজিৰ চুক্তি (Vendor Agreement) স্বাক্ষৰ হোৱাৰ পিছতহে ধনৰ লেন-দেন কৰিব বা বেংক ঋণৰ বাবে আগবাঢ়িব।

কিবা সন্দেহ থাকিলে PM সূৰ্য্যঘৰ ৱেবচাইট (www.pmsuryaghar.gov.in) অথবা মিৰ্জা বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্য্যালয় visit কৰিব।

সজাগ থাকক, সতৰ্ক থাকক।

Ministry of New and Renewable Energy (MNRE), Government of India
Assam Power Distribution Company Limited
REC Limited

07/03/2026

নতুন ৩৩ কেভি বে' (33 kV Terminal Bay) নিৰ্মাণৰ বাবে কাইলৈ অৰ্থাৎ ০৮.০৩.২০২৬ তাৰিখে পুৱা ৫:৩০ বজাৰ পৰা পুৱা ৯ বজালৈ ৩৩/১১ কেভি পলাশবাৰী উপ-কেন্দ্ৰৰ পৰা ওলোৱা আটাইকেইটা ১১ কেভি লাইন বন্ধ থাকিব। ইয়াৰ ফলত মনপুৰ, বৰকুছি, কোকঝাৰ, পলাশবাৰী,শদিলাপুৰ, হুদুমপুৰ, পাৰ্ল্লী ,আগছিয়া ইত্যাদি ঠাইত বিদ্যুৎ যোগান ব্যাহত হ'ব। অসুবিধাৰ বাবে দুঃখিত।

গুৰুত্বপূৰ্ণ সূচনা
26/02/2026

গুৰুত্বপূৰ্ণ সূচনা

17/02/2026
16/02/2026

AEGCL ৪০০ কেভি মিৰ্জা গ্ৰীড উপ-কেন্দ্ৰত প্ৰতিৰোধমূলক মেৰামতিৰ বাবে কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ ১৭.০২.২০২৬ আৰু ১৮.০২.২০২৬ তাৰিখে মিৰ্জা বৈদ্যুতিক উপ-সংমণ্ডলৰ অন্তৰ্গত আটাইবোৰ অঞ্চলতে পুৱা ৫ বজাৰ পৰা পুৱা ৯ বজালৈ বিদ্যুৎ যোগান ব্যাহত হ'ব। অসুবিধাৰ বাবে দুঃখিত।

Address

Mirza Loharghat Road
Mirza
781125

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+919678010417

Alerts

Be the first to know and let us send you an email when Mirza Electrical Sub-Division, APDCL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Mirza Electrical Sub-Division, APDCL:

Share