17/10/2025
মৰিগাঁও বিধানসভা সমষ্টিত শুশ্ৰূষা সেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰৰ আজি সফলতাৰে আৰম্ভ হয়। ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা মেগা স্বাস্থ্য মেলাখন মৰিগাঁও জিলাৰ জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত জাগীভকত গাঁও খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হৈ যায়। উক্ত শিবিৰখনৰ শুভ উদ্বোধন কৰে জাগীৰোড বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক আৰু অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই।লগতে অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত অনামিকা তেৱাৰী, সম-জিলা আয়ুক্ত, জাগীৰোড, হৃদয় কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) নীতিশা বৰা, স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰুণ কুমাৰ নাথ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অ' এছ ডি লখিমী দত্ত লগতে আন কৰ্মচাৰী,চিকিৎসক, স্বাস্থ্যকৰ্মী, বিদ্যালয়ৰ অধ্যক্ষ-শিক্ষক আৰু স্থানীয় সমাজৰ গণ্যমান্য ব্যক্তিসকল। তদুপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিভিন্ন বিভাগৰ বহুকেইগৰাকী বিশেষজ্ঞ ক্ৰমে মেডিচিন, স্নায়ুৰোগ, শিশু ৰোগ, শল্য চিকিৎসা, চৰ্মৰোগ,কাণ নাক ডিঙি,হৃদৰোগ,অস্থিৰোগ,দন্ত আৰু চকু বিভাগৰ চিকিৎসক উপস্থিত থাকি সুচাৰুৰূপে চিকিৎসা প্ৰদান কৰে।উল্লেখযোগ্য যে শিবিৰত ৪০০০ অধিক গৰাকী শিশু আৰু কিশোৰ কিশোৰীৰ পঞ্জীয়ন কৰা হয় আৰু ইয়াৰে ৪০৭ গৰাকী বিশেষ সা সুবিধাৰ থকা চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হয়। শিবিৰত স্বাস্থ্য সেৱাৰ বাবে পঞ্জীয়ন ডেস্ক, মোবাইল লেবৰেটৰী, জেনেৰেল অ পি ডি,আয়ুস অপিডি স্থাপন কৰা হয়। লগতে শিবিৰত ৫০টা বিশেষ বিভাগৰ অধীনত স্বাস্থ্য পৰীক্ষা আৰু সেৱা আগবঢ়ায়। আনহাতে অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ হাটৰ্থব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়।
National Health Mission,Assam
Morigaon District Administration
Ncvbdc Morigaon
IDSP Morigaon
CMO Assam
Ashok Singhal
Pijush Hazarika