Suraiz Agrian

Suraiz Agrian Agricultural Knowledge, practical, Current seasonal Everything.

01/08/2026

RAWEP 2026–27 | Journey from AAU to ZRS, North Lakhimpur
📍 At ZRS, a campus tour and valuable interactions with scientists, teachers, and fellow students.


 #কুঁহিয়াৰৰ_ফুল ? সাধাৰণতে কিয় দেখা নাপাওঁ আমি ?        হয়, সমগ্ৰ ভাৰতৰ ভিতৰত বিখ্যাত কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ, কুঁহি...
08/06/2026

#কুঁহিয়াৰৰ_ফুল ? সাধাৰণতে কিয় দেখা নাপাওঁ আমি ?
হয়, সমগ্ৰ ভাৰতৰ ভিতৰত বিখ্যাত কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ, কুঁহিয়াৰ প্ৰজনন প্ৰতিষ্ঠান, তামিনাডুৰ কৈম্বেট'ৰত অৱস্থিত। সৰুৰে পৰা গছডাল হে খাই আহিছিলোঁ। ফুল কেতিয়াও দেখা পোৱা নাছিলোঁ। ইয়াত প্ৰত্যক্ষদর্শী হৈ গম পালোঁ, সাধাৰণতে কুঁহিয়াৰ গছজোপা প্ৰায় ১০ মাহ লৈকে খেতিত থকাৰ পিছত খোৱাৰ বাবে বিক্ৰী কৰে। কিন্তু যেতিয়াই এই সময়সীমা পাৰ হৈ যাব, তেতিয়াই খেতিয়কৰ বাবে হব পাৰে লোকচান। কাৰণ তাৰ পিছতেই অৰ্থাৎ ১১- ১২ মাহ বয়স হ’লেই কুঁহিয়াৰ গছে ফুল ফুলা আৰম্ভ কৰে। এবাৰ ফুল ফুলা গছ জোপাৰ ৰস আৰু মিঠা নহয়। কাৰণ গছৰ শৰীৰৰ খাদ্য আৰু শক্তি প্ৰজনন কাৰ্যৰ বাবে বীজ উৎপন্ন কৰাত লগাই দিয়ে। যাৰ ফলত বজাৰ মূল্যৰ বাবে উপযোগী হৈ নাথাকে। সেয়েহে আমি দেখা খেতিবোৰত সহজতে ফুল দেখা নাপাওঁ।
তাৰ উপৰিও দক্ষিণ ভাৰতৰ বতৰ আৰু জলবায়ু আমাৰ উত্তৰ পূৱৰ পৰা পৃথক। ৰাতিৰ উষ্ণতা আৰু উদ্ভিদৰ দিপ্তীকাল (Photoperiod) ৰ পাৰ্থক্যই ফুল আৰু বীজ গঠনৰ মূল কাৰক। বিশেষকৈ অক্টোবৰ মাহত অসমৰ দৰে ৰাজ্যত ৰাতিৰ উষ্ণতা 15°C ৰ তললৈ নামি আহে আৰু য'ত 20°C বা তাৰ ওপৰত হ'লে ভাল। সকলো কাৰণবোৰৰ সৈতে দক্ষিণ ভাৰতৰ জলবায়ু বেছিকৈ সংগতি থকা বাবে তাত বেছিকৈ ফুল আৰু বীজৰ উৎপাদন দেখা যায়। যাৰ বাবে আটাইতকৈ বেছি গৱেষণা আৰু উন্নত জাত আৱিষ্কাৰ কৰাত বিখ্যাত দক্ষিণ ভাৰত।
তলত ফটো দিয়া বৃহৎ খেতিটো তামিনাডুস্থিত Sugarcane Breeding Institute, Coimbatore ৰ হয়। খেতিৰ মাজেৰে কিছুমান আৰ্হি দেখা গৈছে, সেইবোৰ হ'ল গৱেষক সকলে খোজকাঢ়ি চলাচল কৰি প্ৰজনন আৰু ব্যৱস্থাপনা কৰাৰ সুযোগাৰ্থে গঢ় দিয়া হৈছে। খাই চালোঁ, বোৰ মিঠা😋

"Seed Bombing",  a highly effective techniqe verily used for reforestation and ecological restoration of an area(Agrofor...
05/06/2026

"Seed Bombing", a highly effective techniqe verily used for reforestation and ecological restoration of an area(Agroforestry).
আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক নতুন যাত্ৰাৰ অংশীদাৰী হওঁ। "বীজ বিস্ফোৰণ" পদ্ধতিৰ সহায়ত আমাৰ হোষ্টেলৰ পিছফালে কিছু বীজ ৰোপণ কৰিলোঁ। 'চিড ব'ম্বিং' মানে হ'ল- গছ-গছনি আৰু উদ্ভিদ ৰোপণ কৰাৰ এটা বিশেষ পদ্ধতি। ইয়াত বীজবোৰ ক'ক'পিট/ সাৰুৱা মাটি, কম্প'ষ্ট বা গোবৰ আৰু মাহজাতীয় গুড়িৰ মিশ্ৰণেৰে তৈয়াৰী সৰু সৰু মাটিৰ লাডুৰ ভিতৰত ভৰাই দিয়া হয়। এই "ব’ম্ব" বা লাডুবোৰ শুকাই যোৱাৰ পিছত, গছ গছনি নথকা বা যাব নোৱাৰা দুৰ্গম ঠাইবোৰলৈ দলিয়াই দিয়া হয়। যেতিয়া বাৰিষা কাল আহে, তেতিয়া এই লাডুটো গলি যায় আৰু ইয়াৰ ভিতৰত থকা বীজবোৰ উপযুক্ত মাটিৰ সংমিশ্ৰণ পাই নিজে নিজে গজালি মেলিবলৈ আৰম্ভ কৰে। বিশেষভাৱে মাটিৰ ক্ষতিগ্ৰস্ত বা ধ্বংস হোৱা এলেকাসমূহৰ পৰিৱেশগত ভাৰসাম্যতা ৰক্ষা কৰি, পৰিৱেশ তন্ত্ৰ ঘূৰাই আনিবলৈ আৰু ব্যাপক হাৰত অত্যধিক বনাঞ্চল বৃদ্ধি কৰিবৰ বাবে চিড ব’ম (Seed Bomb) ব্যৱহাৰ কৰা হয়।
আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়া তথা সাৰ্বজনীন "Ashoka Fellowship" পুৰস্কাৰ প্ৰাপ্ত আমাৰ শ্ৰদ্ধাৰ সমীৰণ বৰদলৈ ছাৰৰ তত্বাৱধানত আৰু মৃগাংক বৰ্মন (প্ৰাক্তন সা: সম্পাদক,AAU) দা আৰু মোৰ সহপাঠী Ujjwal Gogoi ৰ উপস্থিতিত আমি কেইজনে এই সেউজ পদক্ষেপটো হাতত লৈ পৰিৱেশৰ ভাৰসাম্যতাৰ প্রতি প্ৰতিজ্ঞাবদ্ধ হওঁ।

18/05/2026

আহক অলপ প্ৰকৃতিৰ লগত কথা পাতোঁ।
Suraiz Ahmed Offical

National Institute on Plant Health Management, Hyderabad 📌 উদ্ভিদ স্বাস্থ্য ব্যৱস্থাপনাৰ ওপৰত কৃষকসকলৰ জ্ঞান বৃদ্ধিৰ বাব...
26/04/2026

National Institute on Plant Health Management, Hyderabad 📌
উদ্ভিদ স্বাস্থ্য ব্যৱস্থাপনাৰ ওপৰত কৃষকসকলৰ জ্ঞান বৃদ্ধিৰ বাবে PHM কৌশলৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ দি মাষ্টাৰ ট্ৰেইনাৰৰ এটা দল বা সুযোগ সৃষ্টি কৰি আহিছে এই বিষেশ প্ৰতিষ্ঠানটোৱে।

25/03/2026

BSc Agriculture ?
It's an art science and management of your life and for others need to feed . From class to field field to lab everything is your task just to think for others and improvement in the sactor.

15/02/2026

Excursion Diary part-02
It's the 2nd part of Educational Tour Series across India. we, the 3rd year batch was taken to different states to visit various agricultural institutions, research centres and established programmes related to agriculture. First day visit was to the Acharya Chandra Bose Indian Botanical Garden, kolkata.
Stay tuned for all the later updates.
Thank you so much ❤️

Address

Nagaon
782124

Website

Alerts

Be the first to know and let us send you an email when Suraiz Agrian posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share