Rupahi Hat AGP ৰূপহীহাট অসম গণ পৰিষদ

  • Home
  • India
  • Nagaon
  • Rupahi Hat AGP ৰূপহীহাট অসম গণ পৰিষদ

Rupahi Hat AGP ৰূপহীহাট অসম গণ পৰিষদ Rupohi Hat AGP Official Page

কলিয়াবৰৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কুহুমতলি গাওঁ পঞ্চায়তৰ গটঙা, চকীটুপ, খলিহামাৰী আদি বহু অঞ্চল বৰ্তমান দিজু আৰু কলং ...
08/08/2026

কলিয়াবৰৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কুহুমতলি গাওঁ পঞ্চায়তৰ গটঙা, চকীটুপ, খলিহামাৰী আদি বহু অঞ্চল বৰ্তমান দিজু আৰু কলং নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে। আজি পুৱাই এই বানপ্লাৱিত অঞ্চলসমূহত উপস্থিত হৈ বানদুৰ্গত ৰাইজৰ খবৰ লওঁ। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সমস্যাসমূহ ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছো আৰু ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা এই অঞ্চলসমূহত জৰুৰী সাহায্য সামগ্ৰী প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰি, বানৰ কবলত পৰা পশুধনৰ সুৰক্ষাৰ বাবে আজিৰ পৰাই পশুখাদ্য যোগান ধৰাৰো ব্যৱস্থা কৰা হৈছে।

এই সময়ছোৱাত চামগুৰি ৰাজহ চক্ৰ বিষয়া শ্ৰী ৰাজেশ সিং,শ্ৰী ৰাণাদ্বীপ চুতীয়া(সংলগ্ন) আৰু কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া মনীষ ভৰালী উপস্থিত থাকে।

08/08/2026

বানাক্ৰান্ত শিক্ষাৰ্থীৰ কাষলৈ যাওঁ বলক, শিক্ষাৰ পোহৰ অক্ষুণ্ণ ৰখাত সঁহাৰি জনাওঁ…

উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বহু শিক্ষাৰ্থীয়ে ভয়ংকৰ বানৰ ফলত নিজৰ বহী, কলম, স্কুল বেগ আদি শিক্ষাসামগ্ৰী হেৰুৱাবলগীয়া হৈছে। এই দুঃসময়ত অগপৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ সভাপতি শ্ৰী ত্ৰিনয়ন বৰুৱাৰ নেতৃত্বত সংগঠনটোৱে বানাক্ৰান্ত শিক্ষাৰ্থীসকলৰ বাবে বহী, কলম, পেঞ্চিল, স্কুল বেগ আদি শিক্ষাসামগ্ৰী সংগ্ৰহ আৰু বিতৰণৰ এক মানৱীয় অভিযান আৰম্ভ কৰিছে।

আপোনাৰ অলপ সহায়ে এজন শিক্ষাৰ্থীৰ মুখত পুনৰ হাঁহি বিৰিঙাব পাৰে। আহক, আমি সকলোৱে মিলি নিশ্চিত কৰোঁ যে কোনো শিক্ষাৰ্থীৰ পঢ়া-শুনা বানৰ বাবে যেন স্তব্ধ নহয়। সমাজৰ সদাশয় ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সৰ্বস্তৰৰ ৰাইজলৈ আমাৰ আন্তৰিক আহ্বান— এই মানৱীয় অভিযানত অংশগ্ৰহণ কৰোঁ আহক। শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় শিক্ষাসামগ্ৰীসমূহ আগবঢ়াই এই পৱিত্ৰ দায়িত্বত অংশীদাৰ হওক। আপোনাৰ
এটি সৰু সহায়েই হয়তো কঢ়িয়াই আনিব এক উজ্জ্বল ভৱিষ্যতৰ আশা।

08/08/2026

কলিয়াবৰৰ বান প্লাৱিত অঞ্চলসমূহত প্ৰশাসনৰ তৰফৰ পৰা সকলোধৰণৰ সাহায্য প্ৰদান কৰি থকা হৈছে ।

বানাক্ৰান্ত লোকসকলৰ মুখত সামান্য হাঁহি বিৰিঙাবলৈ আৰু তেওঁলোকক সকাহ দিবলৈ অগপৰ ভাতৃ সংগঠন- অসম ভাষিক সংখ্যালঘু পৰিষদৰ কেন...
04/08/2026

বানাক্ৰান্ত লোকসকলৰ মুখত সামান্য হাঁহি বিৰিঙাবলৈ আৰু তেওঁলোকক সকাহ দিবলৈ অগপৰ ভাতৃ সংগঠন- অসম ভাষিক সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্ৰী মিঠুন ৰয়ৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তাসকলে উজনি অসমৰ বানাক্ৰান্ত জিলাৰ বিভিন্ন গাঁও, বান সাহায্য শিবিৰ আৰু দুৰ্গম অঞ্চলত উপস্থিত হৈ হাজাৰ হাজাৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ মাজত কেইবা লক্ষাধিক টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

এই সাহায্য অভিযান সফল ৰূপায়ণৰ ক্ষেত্ৰত ভাতৃ সংগঠনটোৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া, সদস্য-সদস্যা, স্বেচ্ছাসেৱক, শুভাকাংক্ষী, সমাজসেৱী ব্যক্তিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। সকলোৰে সন্মিলিত প্ৰচেষ্টাৰ ফলতেই ভাতৃ সংগঠনটোৱে কেইবা লক্ষাধিক টকাৰ সাহায্য সামগ্ৰী বানাক্ৰান্ত লোকসকলৰ হাতত অৰ্পণ কৰে। এয়া শলাগনীয়।

কৃতজ্ঞতা
04/08/2026

কৃতজ্ঞতা

অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে বান পৰিস্থিতিৰ আৰম্ভণিৰেপৰাই বানপীড়িত ৰাইজৰ কাষত থিয় দি সম্ভৱপৰ সকলো সহায়-সহযোগিতা আগবঢ়া...
02/08/2026

অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে বান পৰিস্থিতিৰ আৰম্ভণিৰেপৰাই বানপীড়িত ৰাইজৰ কাষত থিয় দি সম্ভৱপৰ সকলো সহায়-সহযোগিতা আগবঢ়াই আহিছে। এই ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ হিচাপে আজি ডিমৰীয়াৰ মাননীয় বিধায়ক তথা অসম গণ পৰিষদৰ অন্যতম কেন্দ্ৰীয় সাধাৰণ সম্পাদক ড° তপন দাসে টীয়ক বিধানসভা সমষ্টিৰ ৪৭ নং দক্ষিণ পৰ্বতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ভূৰাকলা, ঔণামুখ আৰু চোলাধৰা আদি বানপীড়িত গাঁওসমূহৰ ৰাইজক দলীয় সতীৰ্থসকলৰ সৈতে তেখেতৰ ফালৰপৰা অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰে।

এই সাহায্য বিতৰণ কাৰ্যসূচীত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰী কৃষ্ণকান্ত দাস, টীয়ক বিধানসভা সমষ্টি সমিতিৰ সভাপতি শ্ৰী ধৰ্মেন্দ্ৰ হাজৰিকা, মিত্ৰদল বিজেপিৰ যোৰহাট জিলা এছ চি মৰ্চাৰ সভাপতি শ্ৰী দিগন্ত দাসৰ লগতে অগপৰ বহু সতীৰ্থ উপস্থিত থাকি আন্তৰিক সহযোগিতা আগবঢ়ায়।

এই কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা সকলো কৰ্মকৰ্তাক ড° তপন দাসে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বানপীড়িত ৰাইজৰ কাষত আগন্তুক সময়তো একে দায়বদ্ধতাৰে থিয় দি সকলোকে ঐক্যবদ্ধভাৱে সহায়-সহযোগিতা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

লোকপিয়ল ২০২৭ : স্ব-গণনাত অংশগ্ৰহণ কৰক, অসমৰ শক্তিশালী ভৱিষ্যৎ গঢ়াত সহযোগ কৰকআজিৰেপৰা অসমত লোকপিয়ল ২০২৭ৰ অনলাইন স্ব-গণনা...
02/08/2026

লোকপিয়ল ২০২৭ : স্ব-গণনাত অংশগ্ৰহণ কৰক, অসমৰ শক্তিশালী ভৱিষ্যৎ গঢ়াত সহযোগ কৰক

আজিৰেপৰা অসমত লোকপিয়ল ২০২৭ৰ অনলাইন স্ব-গণনা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। ঘৰত বহিয়েই অতি সহজে নিজৰ পৰিয়ালৰ তথ্য নিজে পূৰণ কৰি এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। অসম গণ পৰিষদ (অগপ)-ৰ তৰফৰপৰা ৰাজ্যবাসীক আন্তৰিক আহ্বান জনাইছোঁ-- বিলম্ব নকৰি স্ব-গণনা সম্পূৰ্ণ কৰক আৰু আনকো এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰক।

শুদ্ধ, সম্পূৰ্ণ আৰু সময়মতে প্ৰদান কৰা তথ্যই ভৱিষ্যতৰ উন্নয়ন পৰিকল্পনা, জনকল্যাণমূলক আঁচনি আৰু নীতি-নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আহক, সকলোৱে লোকপিয়ল ২০২৭ৰ স্ব-গণনাত অংশগ্ৰহণ কৰি এখন শক্তিশালী, সমৃদ্ধ আৰু উন্নত অসম গঢ়াৰ যাত্ৰাত নিজৰ দায়িত্ব পালন কৰোঁ।

আজি তিনিচুকীয়া জুকাটি বজাৰত আগন্তুক নগাঁও লোকসভা উপনিৰ্বাচন উপলক্ষে মত-বিনিময় কৰে ৰাইজৰ লগত ।
02/08/2026

আজি তিনিচুকীয়া জুকাটি বজাৰত আগন্তুক নগাঁও লোকসভা উপনিৰ্বাচন উপলক্ষে মত-বিনিময় কৰে ৰাইজৰ লগত ।

শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত জনসাধাৰণৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰী...
31/07/2026

শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত জনসাধাৰণৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহক অসম গণ পৰিষদে আন্তৰিকভাৱে আদৰণি জনাইছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

দুৰ্যোগৰ এই কঠিন সময়ত জনসাধাৰণৰ কাষত দৃঢ়তাৰে থিয় দিয়া এই জনমুখী সিদ্ধান্তসমূহে অসংখ্য ক্ষতিগ্ৰস্ত পৰিয়াল, কৃষক, উদ্যোগী, আত্মসহায়ক গোট আৰু ক্ষুদ্ৰ ব্যৱসায়ীক সকাহ দিব বুলি আমাৰ দৃঢ় বিশ্বাস। অসম গণ পৰিষদো এই দুৰ্যোগৰ সময়ত বানাক্ৰান্তৰ কাষত আছে, অনাগত দিনতো ৰাইজৰ লগত থাকিব।

আজি চৰাইদেউ জিলাৰ চোমনী, চকিয়াল, গড়মূৰকে ধৰি বানৰ ফলত ক্ষতিগ্ৰস্ত কেইবাটাও অঞ্চল আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মানন...
31/07/2026

আজি চৰাইদেউ জিলাৰ চোমনী, চকিয়াল, গড়মূৰকে ধৰি বানৰ ফলত ক্ষতিগ্ৰস্ত কেইবাটাও অঞ্চল আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী তথা অগপৰ মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়াই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটি প্ৰতিনিধি দলৰ সৈতে পৰিদৰ্শন কৰি বানপীড়িত পৰিয়ালৰ সৈতে মত বিনিময় কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ৰাইজক কিদৰে সহায়-সহযোগিতা আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, সেই সন্দৰ্ভত তেওঁলোকে পৰ্যবেক্ষণ কৰে।

এই কঠিন সময়ত বানপীড়িত প্ৰতিগৰাকী মানুহক সকাহ প্ৰদানৰ বাবে বিভিন্ন বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিষ্ঠাৰে সেৱা অব্যাহত ৰাখিব বুলি মাননীয় মন্ত্ৰী বৰা ডাঙৰীয়াই প্ৰকাশ কৰে।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Rupahi Hat AGP ৰূপহীহাট অসম গণ পৰিষদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share