01/06/2026
অসম গণ পৰিষদৰ বৰপেটা জিলা সমিতিৰ কাৰ্যালয় সম্পাদক ধীৰেশ দাসৰ বিয়োগত অগপ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছোঁ। বৰপেটা জিলাত অসম গণ পৰিষদৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি যোৱা অগপৰ এইগৰাকী নিষ্ঠাৱান কৰ্মকৰ্তাৰ বিয়োগ দল তথা বৰপেটাৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। প্ৰয়াত দাসৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল, আত্মীয়-স্বজন তথা শুভাকাংক্ষীসকলক অগপ পৰিয়ালৰ তৰফৰপৰা গভীৰ সমবেদনা জনাইছোঁ৷ ওম শান্তি !