20/08/2026
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশমৰ্মে আজি কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ জন্মজয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷
এই আলোচনা চক্ৰত সমল ব্যাক্তি হিচাপে শিক্ষাবিদ সুৱল কুমাৰ, মুনীন্দ্ৰ ডেকাৰ লগতে জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ তথা দলীয় নেতৃবৃন্দই অংশগ্ৰহণ কৰে ৷
দেশৰ প্ৰতি প্ৰয়াত ৰাজীৱ গান্ধী দেৱৰ অৱদান সদায় চিৰস্মৰণীয় হৈ ৰ’ব । আজিৰ এই পবিত্ৰ দিনটোত তেখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ।