কৃষক মৰ্চা শিৱসাগৰ জিলা, ভাজপা - Krishak marcha Sivasagar, BJP

  • Home
  • India
  • Sibsagar
  • কৃষক মৰ্চা শিৱসাগৰ জিলা, ভাজপা - Krishak marcha Sivasagar, BJP

কৃষক মৰ্চা শিৱসাগৰ জিলা, ভাজপা   - Krishak marcha Sivasagar, BJP আত্মনিৰ্ভৰ কৃষক ::: আত্মনিৰ্ভৰ অসম

28/07/2026
10/07/2026

কৃষক, পশুপালক আৰু চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালসমূহৰ আৰ্থিক সবলীকৰণৰ লক্ষ্যৰে অসম বাজেট ২০২৬-২৭ত অব্যাহত ৰখা হৈছে একাধিক জনকল্যাণমূলক আঁচনি। ধান, মাকৈ আৰু সৰিয়হ ক্ৰয়ৰ বাবে বিশেষ সহায়, দুগ্ধ উৎপাদন খণ্ডত ৰাজসাহায্য, লগতে চাহ বাগিচাৰ গৰ্ভৱতী শ্ৰমিক মহিলাসকলৰ বাবে সাহায্য—এই সকলো পদক্ষেপ অধিক সম্প্ৰসাৰণ কৰি আগবঢ়োৱা হ'ব কৃষি খণ্ডৰ উন্নয়নী যাত্রা।

We will continue to empower our farmers with schemes and policies which aid in boosting their income.

Special support for Paddy, maize and mustard procurement, dairy subsidy and assistance to pregnant tea garden workers will be continued and expanded.

10/07/2026

মীনপালন আৰু পশুপালনেই আত্মনিৰ্ভৰ অসমৰ কৃষি অৰ্থনীতিৰ নতুন শক্তি। ৰাজ্যক খাদ্য উৎপাদনত অধিক আত্মনিৰ্ভৰ কৰি তোলাৰ লগতে কৃষক আৰু পশুপালকসকলৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে আমি অসম বাজেটত মীনপালন আৰু পশুপালন খণ্ডৰ বাবে নিৰ্ধাৰণ কৰিছিলোঁ এক উচ্চাকাংক্ষী অথচ বাস্তৱসন্মত লক্ষ্য।

Fisheries and livestock have a great potential to make the State Atmanirbhar in food and boost the income of our farmers.

We have set ambitious yet achievable targets for the sector.

সাংগঠনিক নিযুক্তি...ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই দলৰ সাংগঠনিক দিশৰ প্ৰতি লক্ষ্য ...
04/07/2026

সাংগঠনিক নিযুক্তি...

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই দলৰ সাংগঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি নিম্নলিখিত কাৰ্যকৰ্তা সকলক জিলা প্ৰভাৰী আৰু সহ-প্ৰভাৰী হিচাপে দায়িত্ব প্ৰদান কৰিছে।
দায়িত্ব প্ৰাপ্ত প্ৰতিগৰাকী জিলা প্ৰভাৰী আৰু সহ-প্ৰভাৰী'লৈ শিৱসাগৰ জিলা কৃষক মৰ্চাৰ তৰফৰ পৰা আন্তৰি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো।
BJP Assam Pradesh
Dilip Saikia
Kisan Morcha, BJP Assam Pradesh
BJP Sivasagar District

30/06/2026

কৃষকসকলৰ অক্লান্ত পৰিশ্ৰম আমাৰ অৰ্থনৈতিক ভেটিৰ মূল আধাৰ ✨

প্ৰাকৃতিক দুৰ্যোগ বা আন অনাকাংক্ষিত ক্ষতিৰ সময়তো যাতে আমাৰ কৃষকসকলে আৰ্থিক সুৰক্ষা লাভ কৰে, তাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা এটা অন্যতম গুৰুত্বপূর্ণ পদক্ষেপ হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। কাৰণ কৃষক সুৰক্ষিত হ’লেহে কৃষি খণ্ড শক্তিশালী হ’ব আৰু সমৃদ্ধ হ’ব আমাৰ ভাৰত। সেয়েহে কৃষকৰ কল্যাণৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আমি সদা প্ৰস্তুত।

30/06/2026

যিসকল কৃষক ভাই-বন্ধুৱে এতিয়াও নিজৰ পঞ্জীয়ন সম্পূৰ্ণ কৰা নাই, আটাইলৈ বিনম্ৰ অনুৰোধ যে চৰকাৰৰ কল‍্যানকামী আচঁনিসমূহৰ সুবিধা ক্ৰুটিবিহীনভাৱে লাভ কৰিবলৈ শীঘ্ৰে পঞ্জীয়ন সম্পূৰ্ণ কৰক ।

ভাজপা,আমগুৰি মণ্ডল কৃষক মৰ্চাৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত প্ৰবীণ‌ দুৱাৰাৰ সুযোগ্যা কন্যা শ্ৰীমতী অসীমা দুৱাৰাই বুৰ...
24/06/2026

ভাজপা,আমগুৰি মণ্ডল কৃষক মৰ্চাৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত প্ৰবীণ‌ দুৱাৰাৰ সুযোগ্যা কন্যা শ্ৰীমতী অসীমা দুৱাৰাই বুৰঞ্জী বিভাগত ৭৭.৮০% শতাংশ নম্বৰসহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা কৃতিত্ব সহকাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।আমি শিৱসাগৰ জিলা কৃষক মৰ্চাৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Kisan Morcha, BJP Assam Pradesh

Bitupon Raidongia
BJP Sivasagar District

সকলো কৃষকে কৃষক পঞ্জীয়ন কৰি লওঁক।Kisan Morcha,  BJP Assam Pradesh@ pankaj borbora
24/06/2026

সকলো কৃষকে কৃষক পঞ্জীয়ন কৰি লওঁক।
Kisan Morcha, BJP Assam Pradesh
@ pankaj borbora

আজি ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়া ...
21/06/2026

আজি ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ময়ুৰ বৰগোহাঁই ডাঙৰীয়াক, ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ত উষ্ম আদৰণি জনোৱা হয়।
কৃষক মৰ্চা শিৱসাগৰ জিলাৰ সভাপতি শ্ৰীযুত অনন্ত হাতীমূৰীয়া ডাঙৰীয়া আৰু জিলা কৃষক মৰ্চাৰ বিষয়ববীয়া সকলে মাননীয় মন্ত্ৰী ডাঙৰীয়া আৰু বিধায়ক ডাঙৰীয়াক সম্বৰ্দ্ধনা জনায়।
Himanta Biswa Sarma
BJP Assam Pradesh
Sushanta Borgohain
Mayur Boorgohaain
Kisan Morcha, BJP Assam Pradesh
BJP Sivasagar District

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সফলতাৰে ১২ বছৰ সম্পূৰ্ণ কৰাৰ লগত স...
18/06/2026

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সফলতাৰে ১২ বছৰ সম্পূৰ্ণ কৰাৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা কৃষি বিভাগৰ সহযোগত "বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ ১২ বছৰ " শীর্ষক কৰ্মশালা আৰু প্ৰদৰ্শনী নাজিৰা সমষ্টিৰ বৰফুকন পঞ্চায়তৰ অন্তৰ্গত হুদুপৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
শিৱসাগৰ জিলা কৃষক মৰ্চাৰ সভাপতি শ্ৰীযুত অনন্ত হাতীমূৰীয়া ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কৃষক বন্ধু সকলক মাৰ্গ দৰ্শন প্ৰদান কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী আৰু শিৱসাগৰ জিলা কৃষি বিভাগৰ বিশেষজ্ঞ সকলে। সভাত জিলাখনৰ তিনিওটা সমষ্টিৰ বাৰটা মণ্ডলৰ শতাধিক কৃষক আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
আজিৰ কৰ্মশালা আৰু সভাখন সফলতাৰে অনুষ্ঠিত কৰাত বিশেষভাৱে সহায় আগবঢ়োৱা অসম চৰকাৰৰ মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ লগতে আদৰ্শ কৃষক তথা জিলা সম্পাদক শ্ৰীযুত লক্ষ্যশ্ৰী চেতিয়া ডাঙৰীয়ালৈ‌ জিলা কৃষক মৰ্চাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
Kisan Morcha, BJP Assam Pradesh
Sushanta Borgohain
jitu chetia

Address

Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when কৃষক মৰ্চা শিৱসাগৰ জিলা, ভাজপা - Krishak marcha Sivasagar, BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to কৃষক মৰ্চা শিৱসাগৰ জিলা, ভাজপা - Krishak marcha Sivasagar, BJP:

Shortcuts

Share