24/08/2025
আজি ইং ২৪/০৮/২০২৫ তাৰিখে অসম নাগবংশী জ্ঞাতি সভা চৰাইদেউ জিলা সমিতিৰ ২০২৫ বৰ্ষৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ৰাইদেহিঙীয়া নকচাৰি গাওঁত স্থিত জিলা কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা সভাপতি শ্ৰী হেমকান্ত নাগবংশী ডাঙৰীয়াৰ সভাপতিত্বত আৰম্ভ সভাত উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে জিলা সম্পাদক শ্ৰী কৰন হাৰদুৱাৰ ডাঙৰীয়াই। সভাত জিলা সমিতি বিষয়ববীয়াৰ সৰ্ব সন্মতিক্ৰমে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত নাগবংশী সমাজৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক বিকাশৰ উপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।