30/05/2026
অসমত ২০২৭ চনৰ লোকপিয়ল (প্ৰথম পৰ্যায়: গৃহ তালিকা আৰু গৃহ পিয়ল)-ৰ বাবে শিৱসাগৰ জিলাত বিগত ২৭ মে'ৰ পৰা আৰম্ভ হোৱা জিলা আৰু চাৰ্জ পৰ্যায়ৰ লোকপিয়ল বিষয়াসকলৰ তিনিদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তৰ্গত আজি শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত তৃতীয় দিনৰ প্ৰশিক্ষণ সফলতাৰে সম্পন্ন হয়।
লোকপিয়ল সঞ্চালকালয়, অসমৰ (Directorate of Census Operations, Assam) উদ্যোগত জ্যেষ্ঠ বিষয়াসকলে অতিৰিক্ত প্ৰধান লোকপিয়ল বিষয়া, জিলা লোকপিয়ল বিষয়া, অতিৰিক্ত আৰু উপ-জিলা লোকপিয়ল বিষয়া, চাৰ্জ বিষয়া, অতিৰিক্ত চাৰ্জ বিষয়া আৰু অন্যান্য জিলা তথা চাৰ্জ পৰ্যায়ৰ লোকপিয়ল বিষয়াসকলক ২০২৭ চনৰ লোকপিয়লৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।
উল্লেখ্য যে, এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি, ২০২৭ চনৰ লোকপিয়ল সম্পূৰ্ণ ডিজিটেল মাধ্যমত দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব: প্ৰথম পৰ্যায়ত মূল ভেটি তথা গাঁথনি তৈয়াৰ কৰাৰ লক্ষ্যৰে অসমত ২০২৬ চনৰ ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ গৃহ তালিকা আৰু গৃহ পিয়লৰ (Houselisting and Housing Census Operation- HLO) ওপৰত গুৰুত্ব দিয়া হ’ব। ইয়াৰ উপৰি, অসমৰ বাসিন্দাসকলৰ বাবে ২০২৬ চনৰ ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ এটা উৎসৰ্গিত পৰ্টেল https://se.census.gov.in ৰ জৰিয়তে জনসাধৰণে নিজা তথ্য স্ব-পঞ্জীয়ন কৰাৰ (Self-enumeration) সুবিধা উপলব্ধ হ’ব। ইয়াৰ পিছতে ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনা (Population Enumeration- PE) অনুষ্ঠিত হ’ব।
তৃতীয় দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে লোকপিয়ল সঞ্চালকালয়, অসমৰ সহকাৰী মুখ্য প্ৰধান লোকপিয়ল বিষয়া শ্ৰী নয়নমণি গগৈ আৰু লোকপিয়ল সঞ্চালকালয়, অসমৰ পৰিসংখ্যা বিষয়া শ্ৰী অৰ্পণ দেৱনাথ উপস্থিত থাকি দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকপিয়ল- ২০২৭ সন্দৰ্ভত তাত্বিক (Theoretical) আৰু ব্যৱহাৰিক (Practical) প্ৰশিক্ষণ প্ৰদান কৰে।
আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত মূলতঃ এইচ.এল.অ'. মোবাইল এপ (HLO Mobile App)-ৰ সামগ্ৰিক ব্যৱহাৰ তথা ইয়াৰ বৈশিষ্ট্যসমূহ; এইচ.এল.অ'. ছুপাৰভাইজাৰ এপ ব্যৱহাৰৰ সময়ত (HLO Supervisor App) -ত তথ্যৰ সত্যতা নিৰূপণৰ ক্ষেত্ৰত ছুপাৰভাইজাৰৰ দায়িত্ব সম্পৰ্কে আলোকপাত কৰাৰ উপৰিও লোকপিয়ল সম্পৰ্কীয় মোবাইল আৰু ৱেব এপ ব্যৱহাৰৰ ক্ষেত্ৰত তথ্যৰ নৈতিকতা, গোপনীয়তা, সুৰক্ষা আৰু সমস্যা সমাধানৰ লগতে কৰণীয় সম্পৰ্কে আলোচনা কৰা হয়। আনহাতে, প্ৰশিক্ষণ কাৰ্যসূচীত ক্ষেত্ৰভিত্তিক প্ৰত্যাহ্বান, উত্তৰদাতা আৰু তথ্য সংগ্ৰহকাৰীৰ আচৰণ, চি.এম.এম.এছ. ডেশ্বব’ৰ্ডৰ জৰিয়তে তথ্যৰ গুণগত মান আৰু নিৰীক্ষণৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি, চাৰ্জ বিষয়া সকলক লোকপিয়ল ব্যৱস্থাপনা আৰু নিৰীক্ষণ ব্যৱস্থা (Census Management and Monitoring System- CMMS) পৰ্টেলত ইউজাৰ একাউণ্ট (User Account) সৃষ্টিৰ বিষয়ে ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। আনহাতে, গৃহ পিয়লৰ বাবে য'ত য'ত গণনা কৰ্মীসকলে কাম কৰিব সেই সমূহ চিনাক্ত কৰাৰ বাবে মেপত চেটেলাইট ইমেজ ব্যৱহাৰ কৰি কেনেদৰে ব্লক নিৰ্ধাৰণ (Houselisting Block Creation- HLBC) কৰা হয় এই বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰা হয়।
তৃতীয় দিনৰ প্ৰশিক্ষণৰ অন্তত শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া শ্ৰী মৃদুল য়াদৱ মহোদয়ৰ উপস্থিতিত সমল ব্যক্তিদ্বয় আৰু বিভিন্ন পৰ্যায়ৰ চাৰ্জ বিষয়াসকলৰ এখন সমূহীয়া স্থিৰচিত্ৰ গ্ৰহণ কৰাৰ শেষত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। সামৰণি অনুষ্ঠানত জিলা লোকপিয়ল বিষয়া শ্ৰীমতী সোণতৃষ্ণা ঘৰফলীয়াই সমলব্যক্তি দ্বয়কে প্ৰমুখ্য কৰি সকলো অংশগ্ৰহণকাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়।
আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া শ্ৰীমতী সোণতৃষ্ণা ঘৰফলীয়া, নাজিৰাৰ সম-জিলা আয়ুক্ত তথা সম-জিলা লোকপিয়ল বিষয়া শ্ৰীমতী প্ৰতিভা মেশ্ৰাম, ডিমৌৰ সম-জিলা আয়ুক্ত তথা সম-জিলা লোকপিয়ল বিষয়া শ্ৰীমতী লুকুমণি বড়া, সহকাৰী আয়ুক্ত তথা অতিৰিক্ত জিলা লোকপিয়ল বিষয়া শ্ৰীমতী পৰীস্মিতা দিহিঙ্গীয়া, জিলা তথ্য-প্ৰযুক্তি বিজ্ঞান বিষয়া শ্ৰী জগদীশ বুঢ়াগোহাঁই, চক্ৰ বিষয়া তথা চাৰ্জ লোকপিয়ল বিষয়াসকল, পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল, বিদ্যালয়সমূহৰ পৰিদৰ্শক, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ জ্যেষ্ঠ বিষয়া, অতিৰিক্ত চাৰ্জ লোকপিয়ল বিষয়াসকল আৰু উপ লোকপিয়ল বিষয়াসকলে অংশগ্ৰহণ কৰে।
Census Operations Assam
Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar