SFI Cotton University

SFI Cotton University INDEPENDENCE
DEMOCRACY
SOCIALISM

On August 18, 2025, the Cotton University unit of the Students' Federation of India (SFI) submitted a memorandum to the ...
19/08/2025

On August 18, 2025, the Cotton University unit of the Students' Federation of India (SFI) submitted a memorandum to the Examination Controller.
​The memorandum addressed the issues of backlogs and revaluation problems faced by students. Following a discussion with the authorities, a solution was reached, and the Examination Controller assured the students that the problems would be resolved soon.

27/05/2025

১২৫ বছৰ গৰকা কটন বিশ্ববিদ্যালয়...

প্ৰেছ বিজ্ঞপ্তি১৫-০৫-২০২৫📌কটনত অনুষ্ঠিত হয় হোমেন বৰগোহাঞি সোঁৱৰণী আন্তঃ শিক্ষানুষ্ঠান বিতৰ্ক প্ৰতিযোগিতা 📌গণতন্ত্ৰৰ বাব...
17/05/2025

প্ৰেছ বিজ্ঞপ্তি
১৫-০৫-২০২৫

📌কটনত অনুষ্ঠিত হয় হোমেন বৰগোহাঞি সোঁৱৰণী আন্তঃ শিক্ষানুষ্ঠান বিতৰ্ক প্ৰতিযোগিতা

📌গণতন্ত্ৰৰ বাবে উত্তেজক পৰিৱেশৰ মাজতো বিতৰ্কৰ প্ৰয়োজন: সুপ্ৰকাশ তালুকদাৰ

📌নতুন চামে নিৰ্ধাৰণ কৰিব আগুন্তুক পঞ্চাশটা বছৰ কেনেকুৱা হ'ব: নিৰংকুশ নাথ

যোৱা ১৫ মে তাৰিখে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু এছ এফ আই - কটন বিশ্ববিদ্যালয় গোটৰ সহযোগত হোমেন বৰগোহাঞি সোঁৱৰণী আন্তঃ শিক্ষানুষ্ঠান বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকাই নিজৰ বক্তব্যৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। কটন বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ - ছাত্ৰীৰ লগতেই ছাত্ৰ একতা সভাক শুভেচ্ছা জ্ঞাপন কৰি বিতৰ্ক প্ৰতিযোগিতাখনৰ সফলতা কামনা কৰে উপাচাৰ্য গৰাকীয়ে।
পৰৱৰ্তী সময়ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী অংকিতা কলিতাই বৰগীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
বিতৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল: জাতি জনগণনাই ভাৰতত সামাজিক সমতাৰ ধাৰণাক নিশ্চিত কৰিব।বিতৰ্ক প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এছ এফ আই- অসম ৰাজ্যিক কমিটিৰ প্ৰাক্তন সম্পাদক তথা চি পি আই (এম) - অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু নিৰংকুশ নাথ। অসমৰ বিভিন্ন প্ৰান্তৰ ভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ২৭ গৰাকী প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। পক্ষ আৰু বিপক্ষৰ সাৱলীল আৰু বলিষ্ঠ যুক্তিৰে গুঞ্জৰিত হোৱা উক্ত বিতৰ্ক প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰে ক্ৰমে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° জিন্তু গোহাঁই, তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ অভিষেক কাব্ৰা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা উমী ডেকা বৰুৱাই।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বিদূলা শৰ্মাই অধ্যক্ষৰ আসন গ্ৰহণ কৰে। জুৰি পেনেলৰ আসন গ্ৰহণ কৰে সাংবাদিক তথা প্ৰাক্তন কটন বিশ্ববিদ্যালয়ৰ তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদক সুদৰ্শন কৌশিক শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ হেমন্ত বৰাই। প্ৰায় চাৰিঘন্টা যুৰি চলা প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ ৰাজদ্বীপ মহন্তই। উক্ত বঁটা টি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আগবঢ়ায়। দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎপল জ্যোতি বৰা আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ জ্ঞানজ্যোতি শৰ্মাই। দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা আগবঢ়াই কটন বিশ্ববিদ্যালয়ৰ তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদক গীতাৰ্থ বৰাৰ পিতৃ আৰু মাতৃ ক্ৰমে শ্ৰী যুত ঘনকান্ত বৰা আৰু শ্ৰী যুতা সংগীতা বৰাই। তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক ৰ বঁটা আগবঢ়াই প্ৰয়াত হোমেন বৰগোহাঞিৰ জ্যেষ্ঠ পুত্ৰ অনিন্দ বৰগোহাঞিয়ে। দলীয় শাখাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মৃন্ময় বৰা আৰু উৎপল জ্যোতি বৰাই। স্বৰ্গীয় হেমপ্ৰভা বৰা সোঁৱৰণত শ্ৰেষ্ঠ দলৰ বঁটা আগবঢ়াই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী চৌতিষা তামুলীৰ পিতৃ- মাতৃ ক্ৰমে শ্ৰী যুত কৃষ্ণকান্ত তামুলী আৰু প্ৰণিতা বৰা তামুলীয়ে। প্ৰতিশ্ৰুতিসম্পন্ন তাৰ্কিক হিচাপে নিৰ্বাচিত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাহুল ৰহন পল আৰু অসম মেডিকেল মহাবিদ্যালয়ৰ চাইনী ভূঞা। জুৰি পেনেলৰ মূল্যাংকনত শ্ৰেষ্ঠ প্ৰশ্ন উত্তৰ দিওঁতা হিচাপে নিৰ্বাচিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎপল জ্যোতি বৰা আৰু দৰং মহাবিদ্যালয়ৰ অনুপ্ৰেৰণা মহন্ত। প্ৰতিযোগিতাৰ শেষত প্ৰতিযোগীসকলক উদ্দেশ্যি এছ এফ আই - অসম ৰাজ্যিক কমিটিৰ সম্পাদক সংগীতা দাসে বক্তব্য ৰাখে আৰু বিতৰ্কৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। পৰৱৰ্তী সময়ত তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদক গীতাৰ্থ বৰাই সকলোকে ধন্যবাদ জনাই অনুষ্ঠানটিৰ সামৰণি মাৰে।

13/10/2024

জনগণ বিৰোধী, প্ৰকৃতি বিৰোধী চৰকাৰী এই নীতি বাতিল হ'ব লাগিব। গিবন জীয়াই থাকিব লাগিব। আমি জীয়াই থাকিব লাগিব।

12/10/2024
10/10/2024

চাহ বাগিছাৰ শোচনীয় শৈক্ষিক ব্যৱস্থাটোৰ সম্পৰ্কত কটনৰ ছাত্ৰী অঞ্জলি মাৰ্ডীৰ মন্তব্য।

07/10/2024

নৃশংস হত্যালীলা বন্ধ হওঁক,
পেলেষ্টাইন স্বাধীন হওঁক,
আমেৰিকা যুক্তৰাষ্ট্ৰ - ইজৰাইলৰ অত্যাচাৰ বন্ধ হওঁক।

কটন বিশ্ববিদ্যালয়ৰ জীত পাঠকৰ মন্তব্য।

07/10/2024

কটনৰ ছাত্ৰ কিৰণ সিংহাৰ মন্তব্য।

Address

Tamulpur

Website

Alerts

Be the first to know and let us send you an email when SFI Cotton University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to SFI Cotton University:

Share