Hemanta Kumarr Rabha

Hemanta Kumarr Rabha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hemanta Kumarr Rabha, Tamulpur.

অসম ক্ৰিকেট সন্থাৰ (ACA) উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত 'অসম প্ৰিমিয়াৰ লিগ'ৰ (APL) প্ৰথমখন হাই-ভল্টেজ ছেমিফাইনেল মেচ ষ্টে...
22/08/2026

অসম ক্ৰিকেট সন্থাৰ (ACA) উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত 'অসম প্ৰিমিয়াৰ লিগ'ৰ (APL) প্ৰথমখন হাই-ভল্টেজ ছেমিফাইনেল মেচ ষ্টেডিয়ামত বহি উপভোগ কৰাৰ এক সুন্দৰ অভিজ্ঞতা হ’ল। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত মুখামুখি হৈছিল বৰপেটা ব্ৰেভচ আৰু ডিব্ৰুগড় ৱাৰিয়ৰচ। প্ৰতিটো অভাৰতে আছিল তীব্ৰ উত্তেজনা । অৱশেষত সকলোৰে আশা সজীৱ কৰি বৰপেটা ব্ৰেভচে ৫ উইকেটত এক দুৰ্দান্ত আৰু প্ৰত্যাশিত জয় সাৱ্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

খেলপথাৰৰ সেই উছাহ আৰু কিছু মুহূৰ্ত কেমেৰাত আৱদ্ধ কৰিলোঁ, তাকেই শ্বেয়াৰ কৰিলোঁ।

অসম প্ৰিমিয়াৰ লিগে আমাৰ থলুৱা ক্ৰিকেটক এক সুন্দৰ গতি প্ৰদান কৰিছে।

বৰপেটা ব্ৰেভচলৈ ফাইনেলৰ বাবে বহুত শুভকামনা ।

20/08/2026

সামাজিক মাধ্যমত এই ফটোখন বহুতে প্ৰচাৰ কৰিছে। সম্ভৱতঃ ২০০৮-২০০৯ চনৰ হ'ব এইখন ফটো। তেতিয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় পৰ্যৱেক্ষক হিচাপে অসমলৈ আহিছিল বৰ্তমানৰ Bharatiya Janata Party (BJP)-ৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত Nitin Nabin ডাঙৰীয়া।

সেই সময়ছোৱাত, ২০০৭ৰ পৰা ২০০৯ চনলৈকে মই ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্বত আছিলোঁ। আৰু মোৰ সৈতে সাধাৰণ সম্পাদক হিচাপে আছিল বৰ্তমান বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব লাভ কৰা ভাতৃপ্ৰতীম শ্ৰীযুত Mriganka Deo Barman ডাঙৰীয়া।

আজি হঠাৎ সেই দিনৰ ফটোখন দেখি বিজেপিৰ সেই সংগ্ৰামময় দিনবোৰৰ বহু স্মৃতি মনলৈ আহিছে। মনত আছিল প্ৰচণ্ড ৰাষ্ট্ৰভক্তি, আদৰ্শৰ প্ৰতি অটুট নিষ্ঠা আৰু অসমৰ বাবে কাম কৰাৰ এক অদম্য হেঁপাহ।

সময় সলনি হ’ল, দায়িত্ব সলনি হ’ল। আজি তিনিওজনে দলৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছোঁ। কিন্তু লক্ষ্য আৰু সংকল্প একেই—মা ভাৰতী আৰু আই অসমীৰ সেৱা।

আপোনালোকে আশীৰ্বাদ কৰিব, যাতে আমি মা ভাৰতী, আই অসমীৰ সেৱাত নিষ্ঠা আৰু সততাৰে সৰ্বোচ্চ উজাৰি সেৱাৰ সংকল্পৰে আগবাঢ়ি যাব পাৰোঁ।

ভাৰত মাতা কী জয়।
বন্দে মাতৰম্‌।

অসম ক্ৰিকেট সন্থা ( ACA)ৰ উদ্যোগত আৰু ৰঙিয়া ক্ৰীড়া সন্থা (RSA)ৰ সহযোগিতাত আয়োজিত ১৯ বছৰ অনুৰ্ধৰ 'জেকে বৰুৱা আন্তঃ জিলা ক...
19/08/2026

অসম ক্ৰিকেট সন্থা ( ACA)ৰ উদ্যোগত আৰু ৰঙিয়া ক্ৰীড়া সন্থা (RSA)ৰ সহযোগিতাত আয়োজিত ১৯ বছৰ অনুৰ্ধৰ 'জেকে বৰুৱা আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতা'ৰ হেডকোৱাৰ্টাৰ জোনৰ খেলসমূহ বৰ্তমান ৰঙিয়া ক্ৰিকেট খেলপথাৰত চলি আছে। এই গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টখনত আজি আমাৰ তামুলপুৰ জিলাৰ ক্ৰিকেট দলটোৱে লিগ পৰ্যায়ৰ নিজৰ প্ৰথমখন খেলতেই চিৰাং জিলাৰ বিৰুদ্ধে এক বৃহৎ ব্যৱধানত সুন্দৰ বিজয় সাব্যস্ত কৰি বিজয়ৰ যাত্ৰা আৰম্ভ কৰিছে। তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে আজি ৰঙিয়া জিলা ক্ৰিকেট খেলপথাৰত উপস্থিত থাকি আমাৰ ল’ৰাহঁতৰ এই সুন্দৰ প্ৰদৰ্শন আৰু প্ৰথমটো বিজয় প্ৰত্যক্ষ কৰাটো মোৰ বাবে অত্যন্ত আনন্দৰ বিষয়। খেলপথাৰত প্ৰতিগৰাকী খেলুৱৈৰ মাজত থকা বুজাবুজি আৰু খেলৰ প্ৰতি থকা নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয় আছিল। খেলৰ শেষত মই খেলপথাৰতে আমাৰ খেলুৱৈসকলক লগ কৰি তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ ফালৰ পৰা বিজয়ৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰোঁ। ক্ৰিকেট দলটোৰ প্ৰতিগৰাকী খেলুৱৈ, প্ৰশিক্ষক আৰু অফিচিয়েলৰ সন্মিলিত প্ৰচেষ্টাৰ ফলতেই প্ৰথমখন খেলতেই এই সফলতা সম্ভৱ হৈ উঠিছে। প্ৰথম খেলৰ এই জয়ে আমাৰ দলটোৰ আত্মবিশ্বাস বহুত গুণ বৃদ্ধি কৰিলে। অহা কাইলৈ (২০ আগষ্ট, ২০২৬) আমাৰ দলটোৱে এনএফ ৰেলৱে (NF Railway) দলৰ বিৰুদ্ধে টুৰ্ণামেণ্টৰ দ্বিতীয়খন লিগ খেলত অৱতীৰ্ণ হ’ব। মোৰ দৃঢ় বিশ্বাস, আজিৰ এই বিজয়ে ল’ৰাহঁতক কাইলৈৰ খেলখনৰ বাবেও দুগুণে উৎসাহিত কৰিব আৰু তামুলপুৰৰ এই বিজয় যাত্ৰা এনেদৰেই অব্যাহত থাকিব। সমগ্ৰ তামুলপুৰবাসীৰ আশীৰ্বাদ আৰু সমৰ্থন আমাৰ এই দলটোৰ লগত সদায় আছে। কাইলৈৰ গুৰুত্বপূৰ্ণ খেলখনৰ বাবে দলটোলৈ আগতীয়াকৈ বহুত বহুত শুভকামনা জনালোঁ!

Assam Cricket Association

Address

Tamulpur
781367

Website

Alerts

Be the first to know and let us send you an email when Hemanta Kumarr Rabha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share