26/05/2026
শ্বহীদ দিৱস------------
অবিভক্ত গোৱালপাৰা জিলাৰ জলেশ্বৰৰ বালিৰ ময়দানত ১৯৮০ চনৰ ২৯, ৩০ আৰু ৩১ মার্চ তাৰিখে অনুষ্ঠিত অধিবেশনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ জন্ম হৈছিল। নৱগঠিত আমছুৰ নেতৃত্বত ১৯৮০ চনৰ ২৬ মে’ত যি প্রতিবাদী আন্দোলন হৈছিল, সেয়া আছিল এক অভূতপূর্ব আৰু স্বতস্ফুর্ত গণ বিপ্লৱ।
১৯৮০ চনৰ ২৩ এপ্রিলত হাউলী ৰবীন্দ্র সংঘৰ কার্যালয়ত অনুষ্ঠিত আমছুৰ কর্ণধাৰ সমিতিৰ সভাত মে’ মাহৰ ৫ তাৰিখে "দাবী দিৱস" পালনৰ সিদ্বান্ত লোৱা হৈছিল। এই সিদ্বান্ত অনুযায়ী সেইদিনা সংখ্যালঘু নাগৰিকসকলে প্রতিবাদী শোভাযাত্রাত অংশ ল’ব আৰু নিজ নিজ এলেকাৰ খণ্ড উন্নয়ন বিষয়া, চক্র বিষয়া, মহকুমাধিপতি আৰু উপায়ুক্তৰ জৰিয়তে প্রধানমন্ত্রীলৈ স্মাৰকপত্র প্রেৰণ কৰিব। ইয়াৰ উপৰিও দাবী দিৱসৰ দিনা উপবাসে থাকি আহাৰৰ খৰচখিনি আমছুৰ তহবিলত জমা দিবলৈ কর্ণাধাৰ সমিতিয়ে ৰাইজলৈ আহ্বান জনাইছিল। উক্ত দাবী দিৱসৰ কথা প্রচাৰ হোৱাৰ পাছতেই জাঙুৰ খাই উঠিছিল বিভিন্ন সংবাদ মাধ্যম, উগ্ৰ জাতীয়তাবাদী সংগঠন আৰু বুদ্ধিজীৱীসকল। কিছুমানে আমছুক বাংলাদেশীৰ সংগঠন বুলি কৈছিল। আন কিছুমানে বাংলাদেশী সংগঠন(আমছু)য়ে অসম আন্দোলনৰ বিৰুদ্ধে প্রতিবাদী আন্দোলন কৰিলে তাৰ পৰিণতি ভয়াবহ হ’ব বুলি মুকলি ভাবুকি দিছিল।
প্রচাৰকার্য কম হোৱাৰ বাবে কর্ণধাৰ সমিতিয়ে "দাবী দিৱস"ৰ কার্যসুচী ৫ মে'ৰ পৰা ২৬ মে'লৈ পিছুৱাই নিবলৈ চুড়ান্ত সিদ্বান্ত গ্রহন কৰিছিল আৰু পুনৰাই ব্যাপকভাবে প্রচাৰৰ ব্যৱস্থা কৰিছিল। এনেকৈয়ে আহিল ১৯৮০ চনৰ সেই ঐতিহাসিক দিন ২৬ মে'।
গ্রীস্মকালৰ তীব্র ৰ’দ। এই তীব্র ৰ’দ উপেক্ষা কৰি ২৬ মে' ৰাতিপুৱাৰ পৰাই সমগ্ৰ অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বাট-পথ লোকে লোকাৰণ্য হ’বলৈ ধৰিলে। স্বতঃস্ফূর্তভাবে ওলাই অহা হাজাৰ হাজাৰ, লাখ লাখ ছাত্র, যুৱক, কৃষক, শ্রমিক, শিক্ষিত, অশিক্ষিত লোকেৰে পৰিপূর্ণ বিশাল বিশাল গণ মিছিল। সকলোয়ে শান্তিপূর্ণ ভাৱে শোভাযাত্রা কৰি গৈ স্মাৰকপত্র প্রদান কৰি আন্দোলনৰ কার্য্যসূচী সমাপ্ত কৰাৰ কথা আছিল যদিও বহু ঠাইত এই কার্য্যসূচী বাধাগ্রস্থ হ’ল। বহু ঠাইত শান্তিপূর্ণ শোভাযাত্রাকাৰীৰ ওপৰত জপিয়াই পৰিল উগ্র জাতীয়তাবাদীৰ সৈতে এচাম হিংস্র পুলিচ। নির্মম অত্যাচাৰৰ ফলত তেজেৰে ৰাজপথ ৰাঙলী হৈ পৰিছিল। পুলিচৰ প্রৰোচিত গুলিচালনাৰ ফলত প্রাণাহুতি দিছিল বহু কেইজনে।
২৬ মে'ৰ দিনা লেংটিছিঙাত প্রতিবাদকাৰী জনতাক আগভেটা দি পুলিচে নির্বিচাৰে গুলি চলোৱাৰ ফলত স্কুলীয়া ছাত্র মিজানুৰ ৰহমান আৰু আব্দুছ ছাত্তাৰ নিহত হৈছিল। ইয়াৰ উপৰিও বহুলোক গুৰুতৰ ভাবে আহত হৈছিল আৰু তাৰ ভিতৰত মাজম আলীৰ সোঁ বাহুত গুলী লগাৰ ফলত কাষলতিৰ পৰাই সোঁ হাতখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ বাবেই তেঁও আজিও এক কর্মহীন পংগুত্বৰ জীৱন নিৰ্বাহ কৰি আছে।
২৬ মে'ৰ আটাইতকৈ শোকাবহ ঘটনা ঘটিছিল নামনি অসমৰ বিজনীত। উত্তৰাঞ্চলৰ পৰা হাজাৰ হাজাৰ প্রতিবাদকাৰী ৰাইজ শোভাযাত্রা কৰি দেউকুৰা দলঙৰ ওপৰেৰে আগবাঢ়ি অহাৰ সময়তে দলঙৰ দুই মূৰৰ প্ৰৱেশ পথত সশস্ত্র পুলিচে আগুৰি ধৰি দলঙৰ ওপৰত থকা জনতাৰ ওপৰত যধে-মধে গুলিয়াবলৈ ধৰে। ফলত অনিল নমদাস, গোপাল সাহা, নির্মল সৰকাৰ, বজল উদ্দিন শেখ, বিশ্বজিত কুন্ডু, মনিৰুদ্দিন শেখ, ৰমেন সৰকাৰ, শ্রীমন্ত বর্মন, সুবল বাঢ়ৈ আৰু হৰিপদ সাহা নিহত হয়। ইয়াৰ উপৰিও বুকুত গুলী লৈ আৰু তীব্র আতংকত দলঙৰ পৰা তলৰ মেটেকা ভৰা পানীত জপিয়াই পৰি আহত হয় শতাধিক প্রতিবাদকাৰী।
অকল বিজনী আৰু লেংটিছিঙাতেই নহয়, প্রায় গোটেই অসমতে ২৬ মে’ৰ প্রতিবাদকাৰীৰ ওপৰত নির্বিচাৰ অত্যাচাৰ চলিছিল। ইয়াৰ ভিতৰত বিশেষ ভাবে উল্লেখ কৰিব পাৰি নগাওঁ জিলাৰ ৰুপহী, জুৰীয়া, কামপুৰ আদিৰ কথা। জুৰীয়াত আবেলি পথাৰৰ পৰা ছাগলী আনিবলৈ যোৱা বুঢ়ী এজনী আৰু মকছুদুৰ ৰহমান নামৰ ছাত্র এজনক পুলিছে গুলীয়াই হত্যা কৰিছিল।
ঐতিহাসিক ২৬ মে'ৰ গণ আন্দোলনত বহুকেইজন শ্বহীদ হ’ল আৰু আহত হ’ল। সেইদিনাখন বি বি চি লন্ডনৰ পৰা ৰেডিঅ' যোগে প্রচাৰ হ’ল যে অসমত বিদেশীৰ নামত চলা নির্য্যাতনৰ কবলৰ পৰা ৰক্ষা পাবলৈ সংখ্যালঘুসকলে প্রতিবাদী আন্দোলনত জপিয়াই পৰিছে। এইদৰে ১৯৮০ চনৰ ২৬ মে'ৰ জৰিয়তে সংখ্যালঘু আন্দোলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত প্রাসংগিকতা লাভ কৰিবলৈ সক্ষম হৈছিল৷
১৯৮০ চনৰ পৰা বৰ্তমানলৈকে আমছুৰ জাতীয় আন্দোলনত শ্বহীদ হোৱা ব্যক্তি সকল -
মিজানুৰ ৰহমান, লেংটিছিঙা
আব্দুছ ছাত্তাৰ, লেংটিছিঙা
অনিল নমদাস, বিজনী
গোপাল সাহা, বিজনী
নিৰ্মল সৰকাৰ, বিজনী
বজল উদ্দিন সেখ, বিজনী
বিশ্বজিত কুণ্ডু, বিজনী
মনিৰুদ্দিন সেখ, বিজনী
ৰমেন চৰকাৰ, বিজনী
শ্ৰীমন্ত বৰ্মন, বিজনী
সুবল বাৰৈ, বিজনী
হৰিপদ বৰ্মন, বিজনী
সুনীল চন্দ্ৰ মণ্ডল, বিজনী
কামাল উদ্দিন, সোনাৰীবালী
আব্দুল আলী, সোনাৰীবালী
চামচুল হক, সোনাৰীবালী
আব্দুল আলী(দ্বিতীয়), সোনাৰীবালী
শ্বাহ আলম, খাৰুপেটীয়া
মাজম আলী, বৰপেটা
খণ্ডকাৰ মোতালেব আলী, বৰপেটা
চিৰাজুল হক, বৰপেটা
মইদুল ইছলাম, বৰপেটা।
শেষত আজিৰ এই সংখ্যালঘুৰ জাতীয় শ্বহীদ দিৱসৰ দিনা জাতীয় স্বাৰ্থত নিজৰ জীৱন বলিদান দিয়া বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
সংগ্ৰহ - ৰেজাউল কৰিম সৰকাৰ
প্ৰাক্তন সভাপতি, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)।