28/11/2023
চৰকাৰী কাৰ্যসূচী ৰূপায়ণৰ নামত অসম চৰকাৰে গিনিপিগ সঁজাইছে ছাত্ৰসমাজক;
এটা ব্যক্তিগত ট্ৰাষ্টৰ দ্বাৰা শিক্ষক সমাজক প্ৰশিক্ষণ দিয়াতহে ব্যস্ত ৰাজ্যৰ শিক্ষা বিভাগ:
এছ এফ আই
এজনীয়া শিক্ষকেৰে চলি আছে ৰাজ্যৰ ৩০০ত কৈও অধিক প্ৰাথমিক বিদ্যালয়। যি সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ অৱস্থা খুবেই পুতৌজনক আনকি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ৰাজ্যৰ শিক্ষা বিভাগক ৰাজহুৱা বিদ্যালয়ৰ অৱস্থাৰ উন্নত কৰিবলৈ নিৰ্দেশনা জাৰি কৰাৰ সময়তে ৰাজ্য চৰকাৰ ব্যস্ত হৈ পৰিছে ব্যক্তিগত ট্ৰাষ্টৰ উদ্যোগত শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবে। আৰু এই প্ৰশিক্ষণৰ বাবে শিক্ষকসকলক দিয়া হ'ব ১০-১২ দিনৰ ছুটি। এই কথা দুখনকৈ অৰ্ডাৰৰ জৰিয়তে I/328519/2023 আৰু I/326742/2023
প্ৰকাশ পাইছে।
এফালে ছয়মাহ পৰ্যন্ত বিদ্যালয়লৈ পাঠ্যপুথি গৈ নাপায় আনফালে ছয়মাহিলী পৰীক্ষা পিছুৱাই চৰকাৰী কাৰ্যসূচী "অমৃত কলহ" ৰূপায়ন কৰে। স্কুল ৰুল বুকৰ নিৰ্দেশনা অনুসৰি বিদ্যালয় পৰিচালনা হ'ব বুলি ঘোষণা কৰি কাৰ্যত: চৰকাৰী অনুষ্ঠানৰ গিনিপিগ সজাইছে ছাত্ৰসমাজক। এই নতুন নিৰ্দেশনাৰ বাবেও ক্ষতি হ'ব ছাত্ৰ ছত্ৰীসকলৰে গতিকে ৰাজহুৱা শিক্ষাখণ্ড বিকল নোহোৱা পৰ্যন্ত বিজেপি চৰকাৰৰ এই ধ্বংসযজ্ঞ চলি থাকিব।
ইতিমধ্যে শিক্ষা সেতুত প্ৰতিদিনে আপলোড কৰাৰ নামত শিক্ষক সকলক এক হাৰাশাস্তি কৰি আছেই। এতিয়া নতুনকৈ ব্যক্তিগত ট্ৰাষ্ট এটাৰ জৰিয়তে বিপাসনা কোর্সৰ নামত এক নতুন নাট মেলিছে।
যোগ সাধনা বা শৰীৰ চৰ্চাৰ বিষয় অতিশয় গুৰুত্বপূৰ্ণ। ইয়াক বিষয় হিচাপে বিদ্যালয়ত শিকোৱাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে এটা ব্যক্তিগত ট্ৰাষ্টৰ জৰিয়তে প্ৰশিক্ষণ দিয়াৰ আঁৰৰ কাহিনী পোহৰলৈ আহিব লাগে।
এছ এফ আই অসম ৰাজ্যিক কমিটিৰ মুকলি প্ৰশ্ন
বেলেগ কোনো কাৰণত শিক্ষকসকলে চুটি ল'ব নোৱাৰে কিন্তু এই বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ পক্ষৰ পৰা ইমান হেঁচা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কি ষড়যন্ত্ৰ লুকাই আছে?
ধন্যবাদ সহকাৰে
হৰ্ষজিৎ দাস,সভাপতি
সংগীতা দাস,সম্পাদক
এছ এফ আই,অসম ৰাজ্যিক কমিটি