29/05/2026
অসম বিধানসভাত দুদিন আগতে UCC বিধেয়ক গৃহীত কৰাৰ সময়ত ইমান ডাঙৰ বিৰোধিতা এইবাৰ দেখা নগ’ল। শেষত আশা কৰা ধৰণেই সংখ্যাগৰিষ্ঠ কণ্ঠভোটত বিধেয়কখন গৃহীত হ’ল। এনে স্পৰ্শকাতৰ বিধেয়কখন বিধানসভাৰ ভিতৰ-বাহিৰে বিশেষ বিতৰ্ক বা উত্তেজনা নোহোৱাকৈ গৃহীত হ’ল, এয়া লক্ষ্যনীয় আৰু মনত ৰাখিব লগা কথা । বিশেষকৈ জনজাতীয় বিধায়কসকলৰ ক্ষেত্ৰত, তেওঁলোকোক এই আইনৰ পৰিসৰৰ বাহিৰত ৰখা হৈছিল বাবে বিৰোধিতা কৰাৰ বিশেষ কাৰণো নাছিল।
কিন্তু চৰকাৰৰ সন্মুখত এতিয়াও ডাঙৰ প্ৰত্যাহ্বান ৰৈছে — এই আইনখন কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাটো । কোনো আইন তেতিয়াহে সফল আৰু ফলপ্ৰসূ হয়, যেতিয়া সেই আইন যিসকল নাগৰিকৰ বাবে প্ৰণয়ন কৰা হয়, তেওঁলোকে তাক আন্তৰিকভাৱে গ্ৰহণ কৰে আৰু পালন কৰে। তাৰ বাবে এখনী আইন মান্যকাৰী সমাজৰ সৃষ্টী কৰাৰ প্ৰয়োজন হয় । চৰকাৰ তাৰ বাবে সকলেকে বিশ্বাসত লৈয়ে কাম কৰি যাব বুলি মই আশা কৰোঁ । News LivePratidin TimePrag NewsThe Assam TribuneBodoland बुब्लिBodoland RadabBodosaUnited People's Party Liberal -UPPL