Baghbar Youth Congress

  • Home
  • Baghbar Youth Congress

Baghbar Youth Congress Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Baghbar Youth Congress, Political Party, .

14/09/2018
বাঘবৰ সমষ্টি যুৱ কংগ্ৰেছৰ এখন কাৰ্য্যকৰী সভা আৰু যুৱ কংগ্ৰেছ টিমৰ কেইটিমান দৃশ্য।
28/11/2017

বাঘবৰ সমষ্টি যুৱ কংগ্ৰেছৰ এখন কাৰ্য্যকৰী সভা আৰু যুৱ কংগ্ৰেছ টিমৰ কেইটিমান দৃশ্য।

04/10/2017
18/06/2017

কংগ্ৰেছ দলে যোৱা 60 বছৰ চৰকাৰ গঠন কৰি দেশৰ কি কৰিলে বুলি চিঞৰি চিঞৰি দেশৰ জন সাধাৰণক বুৰ্বক সজাব বিচৰা সকলৰ বাবে --

আমাৰ দেশ ভাৰততে 200 বছৰ ইংৰাজৰ গোলামী কৰিছিল । ইংৰাজে লুটিপুতি খাই শেষ কৰাৰ পাছতহে দেশৰ শাসনভাৰ কংগ্ৰেছ দলে লৈছিল । 1947 চনলৈকে দেশত বেজি এটাও নিৰ্মাণ হোৱা নাছিল । সেই সময়ত ভাৰতবৰ্ষ ক্ষুদ্ৰ ক্ষুদ্ৰ অসংখ্য সৰু ৰাজ্যত বিভক্ত আছিল । ৰাজ্য সমুহে ইখনে সিখনৰ বিৰুদ্ধে যুদ্ধ বিগ্ৰহত লিপ্ত আছিল ।

সেই সময়ত দেশৰ মাত্ৰ 50 খন গাৱতহে বিজুলী সংযোগ আছিল । ইংৰাজৰ বাহিৰে দেশৰ বচা বচা 20 টা ৰাজ মহলতহে মাত্ৰ টেলিফোনৰ সংযোগ আছিল । সেই সময়ত দেশত দমকলৰ কোনো ব্যবস্তাই নাছিল । গোটেই দেশত মাত্ৰ 10 টা নদীবান্ধ , সীমান্তত কেই হাজৰ মান সেনা, চাৰিখন বিমান, 20 খন যুদ্ধ টেংক আছিল । ইয়াৰোপৰি উন্মুক্ত সীমান্ত, উদং ৰাজ ভঁৰালৰ সৈতে এখন বিপৰ্যস্ত দেশ ভাৰতবৰ্ষৰ শাসনভাৰ কংগ্ৰেছ দলে পাইছিল ।

এনে এখন দেশক কংগ্ৰেছ দলে যোৱা 60 বছৰত বিশ্বৰ চতুৰ্থ বৃহৎ শক্তিশালী সামৰিক শক্তি হিচাপে প্ৰতিস্থা কৰিলে । হাজাৰ হাজাৰ বিমান, হাজাৰ হাজাৰ যুদ্ধ টেংক, লাখ লাখ ফেক্টৰী, লাখ লাখ গাৱত বিজুলী সংযোগ কৰিলে । শ শ নদীবান্ধ, লাখ লাখ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ, পাৰমাণৱিক বোমা । 20 ৰাজ মহলত থকা টেলিফোনৰ সংযোগৰ বিপৰীতে আজি ভাৰতৰ জনগণৰ হাতে হাতে ফোন, প্ৰায় 50 শতাংশ ঘৰত মটৰ চাইকেল থকা এখন সমৃদ্ধিশালী দেশ হিচাপে ভাৰত বৰ্ষক গঢ় দিলে । যোৱা 60 বছৰত ভাৰতবৰ্ষই অনেক উন্নতি কৰাৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী সকলে নতুন ইতিহাস ৰচনা কৰি দেশখনক এছিয়াৰ ভিতৰত দ্বিতীয় বৃহৎ সামৰিক শক্তিৰ দেশ হিচাপে প্ৰতিস্থা কৰিলে ।

এই আটাইবোৰৰ উপৰি কংগ্ৰেছ দলৰ নেতৃত্বত ভাৰতবৰ্ষই -

1. পৃথিৱীৰ শ্রেষ্ঠত্তম সংবিধান ৰচনা কৰিলে ।

2. এছিয়ান গেমছ আয়োজন কৰিলে ।

3. ভাকড়া নাঙ্গল, ৰিহন্দ আদি নদীবান্ধ নিৰ্মান কৰিলে।

4. ভাবা আনৱিক গৱেষণা কেন্দ্ৰ নিৰ্মান কৰিলে।

5. তাৰাপুৰ পাৰমাণৱিক বিজুলী ঘৰ ।

6. কেইবা খন AIIMS, IIT, IIMS আৰু কেইবা শ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিলে

7. জৱহৰালাল নেহেৰুৱে নবৰত্ন কোম্পানী প্ৰতিষ্ঠা কৰিলে ।

8. দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী প্ৰধানমন্ত্ৰী হৈ থাকোতে 1965 চনত ভাৰতীয় সৈন্যই পাকিস্তানী সেনাক লাহোৰলৈকে খেদি পঠোৱাৰ লগতে লাহোৰ দখল কৰি লৈছিল ।

9. পণ্ডিত নেহৰুৱে পতুৰ্গীজৰ পৰা গোৱা কাঢ়ি লৈ ভাৰতৰ লগত চামিল কৰিছিল ।

10. জৱহৰলাল নেহেৰুৱে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ISRO প্ৰতিষ্ঠা কৰিছিল ।

11. ভাৰতত সেউজ ক্ৰান্তি, শ্বেত ক্ৰান্তিৰ আৰম্ভণি কংগ্ৰেছে কৰিছিল ।

12. দেশত ভিন্ন প্ৰান্তত উদ্যোগৰ জাল ( নেটৱৰ্ক) বিয়পাই দিছিল ।

13. ইন্দিৰা গান্ধীয়ে পাকিস্তানক দুটুকুৰা কৰি বাংলাদেশ স্বাধীন কৰিছিল, সেই 1972 যুদ্ধত এক লাখ সেনাৰে সৈতে পাকিস্তানী সেনা কামাণ্ডাৰে ভাৰতৰ আগত আত্মসমৰ্পন কৰিছিল ।

14. বেংকৰ ৰাষ্ট্ৰীয়কৰণ কংগ্ৰেছৰ দিনত হৈছিল কৰিছিল ।

15. ইন্দিৰা গান্ধীয়ে ছিকিমক দেশৰ সৈতে সংযোগ কৰিছিল ।

16. আজি দেশ খাদ্য শস্য উৎপাদনত আত্মনিৰ্ভৰশীল হৈ পৰিছিল ।

17. দেশত বিমান আৰু হেলিকপ্টাৰ নিৰ্মাণৰ আৰম্ভণি কংগ্ৰেছৰ দিনত হৈছিল ।

18. ৰাজীৱ গান্ধীৰ সময়ত দেশত ঘৰে ঘৰে Television (TV) আহিছিল ।

19. Super Computer আৰু Information Technology ৰ ক্ৰান্তি দেশত কংগ্ৰেছেই আনিছিল।

20. 2014 চনত কংগ্ৰেছ দলৰ চৰকাৰ সলনি হোৱাৰ আগলৈকে ভাৰতবৰ্ষ সৰ্বাধিক বিদেশী মুদ্ৰা জমা থকা প্ৰথম 10 খন দেশৰ এখন আছিল ।

21. ইয়াৰ উপৰিও চন্দ্রযান ।

22. মঙ্গল গ্ৰহলৈ অভিযান ।

23. GSLV, IRNS

24. মেট্ৰো ৰেলৰ ব্যৱস্থা ।

25. আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ।

26. পাৰমাণৱিক ছাবমাৰিণ ।

27. হাজাৰ হাজাৰ মিচাইল পৃথিৱী, অগ্নি, নাগ ।

28. কেইবা ডৰ্জন পাৰমাণৱিক কেন্দ্ৰ

29. চেতক হেলিকপ্টাৰ, মিগ বিমান, সুখই বিমান, জাগোৱাৰ ।

30. তেজচ, দ্ৰোণ, অৰ্জুন টেংক, ধনুচ বৰটোপ ।

31. মিছাইল সংযুক্ত যুদ্ধ বিমান ।

32. বিমানবাহী যুদ্ধ জাহাজ INS বিক্ৰান্ত ইত্যাদি ইত্যাদি।

ওপৰত উল্লেখ কৰা এই সকলো বিলাকেই কংগ্ৰেছ দলৰ চৰকাৰৰ দিনতে হৈছিল।

ইয়াৰ পিছতো স্বাধীনতাৰ আগলৈ ইংৰাজৰ পক্ষত থাকি ভাৰতবাসীৰ অভিমানত আঘাট জন্মোৱা RSS নেতৃত্বত চলা বিজেপি দলৰ নেতা কৰ্মী সকলে কংগ্ৰেছে 60 বছৰ দেশত কি কৰিলে বুলি কৰা প্ৰশ্ন অবাঞ্চক ।

কথাবোৰ কেৱল আমি নিজে পঢ়িলে নহব আনকো পঢ়াৰ সুযোগ দিব লাগিব সেয়ে আহক এই Message Share koro...

Address


Alerts

Be the first to know and let us send you an email when Baghbar Youth Congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share