Truth of Assam

Truth of Assam
(1)

12/08/2026

বান বিভীষিকাৰ মাজত সম্প্ৰীতিৰ পৰিবেশ এটা আহিছিলহে । আকৌ জয়ন্ত মল্লৰ দৰে একাংশই সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ টপকিলেই নহয়।

11/08/2026

বান বিভীষিকাৰ মাজত সম্প্ৰীতিৰ পৰিবেশ এটা আহিছিলহে । আকৌ জয়ন্ত মল্লৰ দৰে একাংশই সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ টপকিলেই নহয়।

11/08/2026

"আসামবাসী ৰাইজ, এটা প্ৰশ্ন!

ভাৰতবৰ্ষৰ কোন ৰাজ্যত মাটিৰ নামজাৰী কৰিবলৈ দালালৰ জৰিয়তে লাট মণ্ডলক ৩ হাজাৰ টকা দিব লাগে?

এইটো চৰকাৰী নিয়ম নে সাধাৰণ মানুহৰ ওপৰত অতিৰিক্ত বোজা?

উত্তৰটো ৰাইজে বিচাৰে!"

10/08/2026

এজন বয়োজ্যেষ্ঠ ব্যক্তিক সন্মান জনোৱাটো কেতিয়াও অপৰাধ নহয়।

আমাৰ সমাজত ডাঙৰ-দেউতাক বা সন্মানীয় ব্যক্তিক কোনোবাই সালাম দিয়ে, কোনোবাই নমস্কাৰ কৰে, কোনোবাই পা চুই আশীৰ্বাদ লয়। এইটো আমাৰ সংস্কৃতি আৰু মূল্যবোধৰ অংশ।

কিন্তু দুখৰ বিষয়, কিছুমান লোকে এতিয়া এই সন্মানকো সমালোচনাৰ বিষয় বনাইছে। যদি কোনোবাই নিজৰ ইচ্ছাৰে এজন বয়স্ক ব্যক্তিক সন্মান জনাইছে, তাত আপত্তিৰ কি আছে?

সমাজত বহু ডাঙৰ সমস্যা আছে। সেইবোৰৰ সমাধান বিচৰাৰ পৰিৱৰ্তে মানুহৰ সন্মানবোধক লৈ বিদ্ৰূপ কৰাটো কোনো সুস্থ চিন্তাধাৰাৰ পৰিচয় নহয়।

সন্মান দিয়াটো অপৰাধ নহয়। অপৰাধ হ’ল আনৰ সংস্কৃতি আৰু মূল্যবোধক হেয়জ্ঞান কৰাৰ চেষ্টা।

সন্মান থাকক, সৌজন্য থাকক, সমাজ আগবাঢ়ক।

09/08/2026

শিৱসাগৰত আজি হিন্দু-মুছলমানে একেলগে বানপীড়িত মানুহৰ ঘৰ পৰিষ্কাৰ কৰিছে, ঘৰ সাজি দিছে, সহায়ৰ হাত আগবঢ়াইছে। কিন্তু কিছুমান লোকে এই ঐক্য সহ্য কৰিব নোৱাৰি ধৰ্মৰ নামত মানুহক ভাগ কৰাৰ চেষ্টা কৰি আছে।

তেওঁলোকক এটা কথাই ক'ব বিচাৰো—যেতিয়া মানুহ বিপদত থাকে, তেতিয়া ধৰ্ম নহয়, মানৱতাই ডাঙৰ হয়। যিসকলে বিভেদ বিয়পাই সমাজক ভাঙিব বিচাৰে, তেওঁলোকে জনসাধাৰণৰ ঐক্যৰ শক্তি বুজা নাই।

অসমৰ মানুহে ঘৃণা নহয়, ভাতৃত্ববোধ বিচাৰে। মানুহে মানুহৰ কাষত থিয় দিয়াটো বন্ধ কৰিব নোৱাৰে কোনো সাম্প্ৰদায়িক বিষবাষ্পই। মানৱতা জিকিব, বিভেদৰ ৰাজনীতি সদায় পৰাজিত হ'ব।

09/08/2026

মানৱ ধৰ্মই আটাইতকৈ ডাঙৰ ধৰ্ম। এই কথা প্ৰমাণ কৰি দিলে শুকুৰ আলীয়ে। শুকুৰ দা অসমৰ এজন প্ৰকৃত নায়ক।

08/08/2026

মই নিজে বানপীড়িতৰ কাষত যাব নোৱাৰোঁ, ৰিলিফ দিব নোৱাৰোঁ, সাহায্যও কৰিব নোৱাৰোঁ।
কিন্তু কোনোবাই সাহায্য কৰিলে, তাৰ ভুল বিচাৰি উলিয়াবলৈ মই সদায় সাজু!
কাৰণ সহায় কৰাতকৈ সমালোচনা কৰাটো বহুত সহজ। 😌

07/08/2026

কিছুমান প্ৰাণী আছে, মানে নিজৰ বিষয়ে নিজেই নাজানে যে সি আচলতে কেনেকুৱা। অসমৰ বানপানীত মানুহৰ ইমান ক্ষতি হ’ল, তাত আজমল ফাউণ্ডেচনে আঢ়ৈ কোটি টকাৰ সাহায্য আগবঢ়াইছে, সেইটো আমি সকলোৱে দেখিছোঁ। কিন্তু কিছুমান অদ্ভুত প্ৰাণী আছে, এই কথাটোতে সিহঁতৰ মূৰ জ্বলি-পুৰি ছাই হৈ গৈছে। অৰ্থাৎ সাহায্য কিয় দিলে, সেইটোৱেও সিহঁতৰ ভাল নালাগে। এতিয়া ক’বচোন, এইসকল কোন শ্ৰেণীৰ প্ৰাণী?

06/08/2026

সত্য কথা

Address

Jalukbari
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Truth of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Truth of Assam:

Shortcuts

Share