Rudra Kumar Pathak

Directions

Rudra Kumar Pathak Entrepreneur | Social Service | Bharatiya Janata Party | Building success, Giving back to Society |

07/10/2026

04/10/2026

অভয়াপুৰী সম-জিলা দিৱস উপলক্ষে আজি যোগেন্দ্ৰ নাৰায়ণ সোঁৱৰণী ছোৱালী হাইস্কুলৰ বাকৰিত জেষ্ঠ্য নাগৰিকসকলৰ বাবে আয়োজন কৰা "বিনামূলীয়া স্বাস্থ্য শিবিৰ"ৰ শুভ শুভাৰম্ভ কৰোঁ।

আশা কৰোঁ, এই স্বাস্থ্য শিবিৰৰ জৰিয়তে অঞ্চলটোৰ প্ৰতিগৰাকী জেষ্ঠ্য নাগৰিক উপকৃত হ'ব। সম-জিলা আয়ুক্ত ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনালোঁ এইছেগতে।

Himanta Biswa Sarma
CMO Assam
CDC Abhayapuri
Dipan Barman

03/10/2026

জননেতাৰ প্ৰতি জনতাৰ আদৰ 💚

02/10/2026

HISTORIC GOLD FOR BHARAT! 🇮🇳🥇

Heartiest congratulations to Lovlina Borgohain on winning the first ever Gold Medal in the Women’s 75kg weight category boxing event at the Asian Games 2026.

The entire nation is proud of you!

‘জয় জোৱান, জয় কিষাণ’-এই  বাণীৰে দেশৰ জোৱান আৰু কৃষকৰ মনোবল বৃদ্ধি কৰা ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত...
02/10/2026

‘জয় জোৱান, জয় কিষাণ’-এই বাণীৰে দেশৰ জোৱান আৰু কৃষকৰ মনোবল বৃদ্ধি কৰা ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীদেৱে দেশৰ প্ৰতি আগবঢ়োৱা অৱদান সদায়ে স্মৰণীয় হৈ থাকিব। দেশৰ প্ৰধানসেৱকৰ আসন অলংকৃত কৰি তেখেতে সততা, সৰলতা আৰু কৰ্মনিষ্ঠাৰে জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰিছিল।

আজি মনীষীগৰাকীৰ জন্মবাৰ্ষিকীত তেখেতৰ প্ৰতি বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

স্বৰাজ, অহিংসা, স্বদেশী, সর্বোদয়, সত্যাগ্রহ, স্বচ্ছতাৰ আদৰ্শৰে পৰিচালিত জাতিৰ পিতা মহাত্মা গান্ধীজীক আজি "গান্ধী জয়ন্তী...
02/10/2026

স্বৰাজ, অহিংসা, স্বদেশী, সর্বোদয়, সত্যাগ্রহ, স্বচ্ছতাৰ আদৰ্শৰে পৰিচালিত জাতিৰ পিতা মহাত্মা গান্ধীজীক আজি "গান্ধী জয়ন্তী" ৰ পবিত্ৰ ক্ষণত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।

ভাৰত ত্যাগ আন্দোলন, দাণ্ডী যাত্রা, বিদেশী বস্ত্ৰ পৰিহাৰ, সত্যাগ্রহ, অনশন, অসহযোগ আন্দোলনৰ সূচনা কৰি ভাৰতক পৰাধীনতাৰ পৰা মুক্ত কৰিছিল তেখেতে। তেখেতৰ বহুমুখী আদৰ্শ আৰু কৰ্মৰাজি আমাৰ বাবে অনুপ্ৰেৰণা।

02/10/2026

জনতাৰ দুৱাৰডলিত চৰকাৰ—‘সেৱা সংকল্প অভিযান’ৰ মূল লক্ষ্য। আজিৰে পৰা অসমৰ ভিন্ন প্ৰান্তত বিশেষ সেৱা শিবিৰৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন সেৱা পোনপটীয়াকৈ ৰাইজৰ ওচৰলৈ লৈ যোৱা হৈছে। চৰকাৰী সেৱাৰ বাবে ৰাইজে এতিয়া কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰিব নালাগে—সেৱাৰ সুবিধা নিজেই আহিব ৰাইজৰ কাষলৈ।

আবেদনৰ অগ্ৰগতি অনলাইনতো অনুসৰণ কৰিব পাৰিব।
https://sewasankalp.assam.statedatacenter.in/

'অসম আৰক্ষী দিৱস'ৰ পৱিত্ৰ ক্ষণত আমাৰ সুৰক্ষাৰ বাবে দিনে-নিশাই জাগ্ৰত হৈ থকা অসম আৰক্ষীৰ প্ৰতিজন জোৱান আৰু বিষয়ালৈ মোৰ ম...
01/10/2026

'অসম আৰক্ষী দিৱস'ৰ পৱিত্ৰ ক্ষণত আমাৰ সুৰক্ষাৰ বাবে দিনে-নিশাই জাগ্ৰত হৈ থকা অসম আৰক্ষীৰ প্ৰতিজন জোৱান আৰু বিষয়ালৈ মোৰ মোৰ ফালৰ পৰা যাচিলোঁ আন্তৰিক ওলগ আৰু শুভকামনা।

​নিজৰ কৰ্তব্যপৰায়ণতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি এখন অপৰাধমুক্ত তথা সুদৃঢ় অসম গঢ়ি তোলাৰ দিশত আপোনালোকৰ প্ৰচেষ্টা নিৰন্তৰ অব্যাহত থাকক, তাৰেই কামনা কৰিলোঁ।

Assam Police

01/10/2026
শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ৰাজ্যবাসীৰ বাবে অসম কেবিনেটৰ পূজাৰ উপহাৰ..Himanta Biswa Sarma
24/09/2026

শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ৰাজ্যবাসীৰ বাবে অসম কেবিনেটৰ পূজাৰ উপহাৰ..

Himanta Biswa Sarma

শাৰদীয় দুর্গোৎসৱৰ বতৰত অসম কেবিনেটৰ পূজাৰ উপহাৰ। এইবেলি পূজাত অৰুণোদয়ৰ বাইদেউ-ভনীৰ পৰা আৰম্ভ কৰি অসম চাহ নিগম লিমিটেডৰ কর্মচাৰী, শ্রমিকলৈ পূজাৰ বোনাচ আগবঢ়োৱা হৈছে। সুখৰ কথা যে— দুৰ্গা পূজা বুলি ১৭ অক্টোবৰৰ দিনটোকো ৰাজ্যিক কর্মচাৰীৰ বাবে অতিৰিক্ত বন্ধ ঘোষণা কৰা হৈছে।

Address

S. S. Road
Abhayapuri
783384

Website

Alerts

Be the first to know and let us send you an email when Rudra Kumar Pathak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category