AIUDF Pakabetbari official

AIUDF Pakabetbari official Maulana Badruddin Ajmal | President, AIUDF | Member of Parliament (Lok Sabha)

15/02/2026
দলীয় মনোনয়ন সম্পৰ্কে জৰুৰী ঘোষণা।
10/01/2026

দলীয় মনোনয়ন সম্পৰ্কে জৰুৰী ঘোষণা।

পশ্চিম পাকা গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলেৰীয়া গাঁওৰ আবুল হুছেইনৰ ডাঙৰ লৰা বয়ানুল ইছলাম কিছুদিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈ ম...
25/10/2025

পশ্চিম পাকা গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলেৰীয়া গাঁওৰ আবুল হুছেইনৰ ডাঙৰ লৰা বয়ানুল ইছলাম কিছুদিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈ মূৰত আঘাত প্ৰাপ্ত হয়। আজি তেওঁৰ ঘৰত গৈ স্বাস্থ্যৰ বুজ ললোঁ লগতে দ্ৰুত আৰোগ্য কামনা কৰিলো।

✅অসমৰ ৰাজনীতিতনীতিছ কুমাৰ আৰু চন্দ্ৰ বাবু নাইডুৰ নিচিনা এবাৰ কিং মেকাৰ হোৱাৰ সপোন আছে আজমল চাহাবৰ (AIUDF) দলৰ , গতিকে বি...
07/06/2024

✅অসমৰ ৰাজনীতিত
নীতিছ কুমাৰ আৰু চন্দ্ৰ বাবু নাইডুৰ নিচিনা এবাৰ কিং মেকাৰ হোৱাৰ সপোন আছে আজমল চাহাবৰ (AIUDF) দলৰ , গতিকে বিশেষকৈ মিয়া মানুহ খিনিয়ে এই দলটোক জীয়াই ৰখাৰ প্ৰয়োজনীয়তা আছে ,,,নহলে এদিন মিয়াৰ হৈ এষাৰ মাত মতা মানুহ সদনত নাথাকিব ?
আজি চৰকাৰ কৰিব পৰা ক্ষমতা নিটিছ আৰু নাইডোৰ নাই ,,,কিন্তু চৰকাৰ ভাঙি দিয়াৰ ক্ষমতা কিন্তু আছে ,,,গতিকে ৰাইজ সকল ব্যক্তিগত মুনাফাৰ ফালে নাচাই জাতিৰ হকে হলেও AIUDF দলৰ চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে ।

✅কংগ্ৰেছ দলত থাকি মিয়াই বিধায়ক হব পাৰিব কিন্তু মিয়াৰ হকে কোনো কথা কব নোৱাৰিব ,, তৰা উদাহৰণ
শ্বেৰমাণ আলি ছাৰ মিয়াৰ কথা কোৱাৰ লগে লগে নিলম্বন ।
ছিদ্দিক আহমেদ মিয়াৰ কথা কৈ নিলম্বন হৈছিল ।
আব্দুল খালেক চাহাব এবাৰ মিয়াৰ হৈ কথা কোৱাৰ বাবে তেখেতে টিকট নাপালে ।।
আব্দুৰ ৰহিম চাহাব আমচু কৰাৰ সময়ত ,,মিয়া জাতিৰ বাবে বাঘ আছিল কিন্তু এতিয়া মেকুৰীৰ নিচিনা থাকিব লাগে ,,কথা কলেই নিলম্বন ,,,গতিকে চিন্তা কৰক ৰাইজ

✅সংখ্যালঘু জনতাৰ বাবে মুক্ত কণ্ঠে আৱাজ দিয়াৰ বাবে এটাই মাত্ৰ দল সেইটো হল AIUDF দল আৰু এই দলত থাকিলে কথা কোৱাৰ বাবে কোনো আদেশ লোৱাৰ প্ৰয়োজন নহয় গতিকে এই দলক নিশেষ কৰাৰ বাবে সকলো দল একলগ হৈছে , আৰু এইটো সুযোগ আমি কেতিয়াও দিব নালাগে ,,,দিলে ক্ষতি কিন্তু আমাৰ হব ?

✅সিহঁতে যদি নিজৰ নিজৰ জাতিৰ চিন্তা কৰি দল গঠন কৰি চলাব পাৰে । কিন্তু মিয়াৰ মাজত এটা দল চলিব নোৱাৰে কিয় জনেনে ? তাৰ কাৰণ এটাই মিয়া মানুহে যাতে কোনো পদ্ধেই ৰাজনীতিৰ জ্ঞান নাপায় বা ৰাজনৈতিক বাবে সফল হব নোৱাৰে ।

✅অসমত 26 টা দল একলগ হৈ নিৰ্বাচন খেলি আজমল ক পৰাজিত কৰিলে ,,,পৰাজয়ৰ এটা কাৰণ হল আজমল চৰকাৰ কৰিব নোৱাৰে সেই বাবে ৰাইজে ভোট দিয়া নাই ,,,কিন্তু যি 26 টা দল মিলি আজমল ক পৰাজিত কৰিলে সিহঁতৰ কেইজনৰ চৰকাৰ কৰাৰ ক্ষমতা আছে কওক ,,নাই ? কিন্তু সেইবুলি দল বাদ দিব নেকি ? সিহঁতেও এদিন কিং মেকাৰ হোৱাৰ আশাত দল খুলিছে ,,,আজমল চাহাব ও সেইটো চিন্তা কৰিয়ে দল খুলিছে ।
✅সৰ্বশেষত আজমল চাহাবৰ সেই সপোন যাতে বাস্তৱত পৰিণত হয় তাৰ কামনা কৰি লগতে AIUDF দলৰ ভৱিষ্যত উজ্বল কামনা কৰি সমৰিছোঁ ,, ধন্যবাদ
👉Aiudf Zindabad 👍
👉আজমল চাহাব জিন্দাবাদ ✅

14/01/2024
সমূহ অসমবাসীলৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
14/01/2024

সমূহ অসমবাসীলৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আজি নগাঁও জিলাৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জিলা সমিতিৰ উদ্যোগত এখন বিশাল গণ সমাবেশত মূখ্য অতিথি ৰূপে অংশ...
13/01/2024

আজি নগাঁও জিলাৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জিলা সমিতিৰ উদ্যোগত এখন বিশাল গণ সমাবেশত মূখ্য অতিথি ৰূপে অংশ গ্ৰহণ তৰে এআইইউডিএফ দলৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবে। উক্ত গণ সমাবেশত উপস্থিত থাকে এআইইউডিএফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) তথা মানকাছৰ বিধানসভা সমষ্টিৰ বিধায়ক অধিবক্তা আমিনুল ইছলাম, এআইইউডিএফৰ সাধাৰণ সম্পাদক (ৰাজনৈতিক পৰিক্রমা) তথা সোনাই বিধানসভা সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা (সাজু), উপ-সভাপতি তথা ধিং বিধানসভা সমষ্টিৰ বিধায়ক হাজী আমিনুল ইছলাম, সাধাৰণ সম্পাদক তথা জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম চাহাব, সাধাৰণ সম্পাদক তথা ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়ক নজৰুল হক, দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, চেঙা বিধানসভা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, সাধাৰণ সম্পাদক চম্পক কলিতা ডাঙৰীয়া, মহিলা মর্চাৰ সভানেত্রী বীণা দৈমাৰী ডাঙৰীয়ানী, যুৱ মর্চাৰ সভাপতি জেহেৰুল ইছলাম ডাঙৰীয়া, নগাঁও জিলা সমিতিৰ লগতে সমষ্টি কমিটিৰ কৰ্মকৰ্তা আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।

বদৰুদ্দিন আজমল চাহাবৰ হাত ধৰি বৰপেটাত এক নতুন দিগন্তৰ সূচনা! বৰপেটাৰ কলগাছিয়াত আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ছুপা...
10/01/2024

বদৰুদ্দিন আজমল চাহাবৰ হাত ধৰি বৰপেটাত এক নতুন দিগন্তৰ সূচনা! বৰপেটাৰ কলগাছিয়াত আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ছুপাৰ-40ৰ শুভ উদ্বোধন। গৰিমামণ্ডিত এই প্ৰতিষ্ঠানটি শুভ উদ্বোধন কৰে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা সাংসদ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু আন্তৰ্জাতিক খ্যাতি সম্পন্ন মটিভেচনেল স্পীকাৰ মনোৱাৰ জামা চাহাবে। আজিৰ এই অনুষ্ঠানত সতীৰ্থ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম চাহাব, বাঘবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী চাহাব।

Address

Kayakuchi
Barpeta

Website

Alerts

Be the first to know and let us send you an email when AIUDF Pakabetbari official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to AIUDF Pakabetbari official:

Share