BJYM Barpeta

BJYM Barpeta This is official page of BJYM Page.

১৫ আগষ্ট — স্বাধীনতা দিৱস 🇮🇳স্বাধীনতা কেৱল এটা দিনৰ উদযাপন নহয়; ই আমাৰ গৌৰৱ, আমাৰ অধিকাৰ আৰু আমাৰ দায়িত্ব। দেশৰ স্বাধী...
14/08/2026

১৫ আগষ্ট — স্বাধীনতা দিৱস 🇮🇳

স্বাধীনতা কেৱল এটা দিনৰ উদযাপন নহয়; ই আমাৰ গৌৰৱ, আমাৰ অধিকাৰ আৰু আমাৰ দায়িত্ব। দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা মহান বীৰ শ্বহীদসকলক এই পৱিত্ৰ দিনটোত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

আহক, আমি সকলোৱে দেশৰ একতা, অখণ্ডতা, শান্তি আৰু উন্নয়নৰ বাবে একেলগে কাম কৰাৰ সংকল্প লওঁ। যুৱ শক্তিক দেশ গঢ়াৰ শক্তিলৈ ৰূপান্তৰিত কৰি এখন শক্তিশালী, আত্মনিৰ্ভৰ আৰু উন্নত ভাৰত নিৰ্মাণ কৰাই হওক আমাৰ লক্ষ্য।

স্বাধীনতাৰ গৌৰৱ বুকুত লৈ, নতুন ভাৰত গঢ়াৰ সংকল্প লওঁ।

🇮🇳 ভাৰত মাতা কী জয়!
🇮🇳 জয় হিন্দ!
BJYM বৰপেটা জিলা
যুৱ শক্তি • ৰাষ্ট্ৰ শক্তি • নতুন ভাৰত
#বৰপেটা
BJYM Assam

১৪ আগষ্ট — বিভাজন বিভীষিকা স্মৃতি দিৱস১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা, ঘৰ-ভেটি হেৰুওৱা আৰু অসীম দুখ-কষ্ট ভোগ ক...
14/08/2026

১৪ আগষ্ট — বিভাজন বিভীষিকা স্মৃতি দিৱস

১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা, ঘৰ-ভেটি হেৰুওৱা আৰু অসীম দুখ-কষ্ট ভোগ কৰা লাখ লাখ লোকক আজি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ।

তেওঁলোকৰ ত্যাগ আমাৰ স্মৃতি।
তেওঁলোকৰ বেদনা আমাৰ শিক্ষা।

একতা, শান্তি আৰু সম্প্ৰীতি হওক আমাৰ সংকল্প।
🕯️ বিভাজন বিভীষিকা স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি।

BJYM BARPETA 🇮🇳

🇮🇳 ত্ৰিৰংগা যাত্ৰা — পদযাত্ৰা 🇮🇳দেশপ্ৰেমৰ ৰঙেৰে ৰঙীন হওঁ আহক, একত্ৰিত হওঁ আহক।যুৱ শক্তিৰে ৰাষ্ট্ৰ শক্তিক অধিক শক্তিশালী ...
13/08/2026

🇮🇳 ত্ৰিৰংগা যাত্ৰা — পদযাত্ৰা 🇮🇳

দেশপ্ৰেমৰ ৰঙেৰে ৰঙীন হওঁ আহক, একত্ৰিত হওঁ আহক।
যুৱ শক্তিৰে ৰাষ্ট্ৰ শক্তিক অধিক শক্তিশালী কৰাৰ সংকল্পৰে কাইলৈ অনুষ্ঠিত হ’ব ত্ৰিৰংগা যাত্ৰা — পদযাত্ৰা।

📅 ১৪ আগষ্ট, ২০২৬
🕒 সময়: ৩:৩০ বজাত
📍 স্থান: জিলা পুথিভঁৰাল প্ৰাংগন, বৰপেটা

যুৱ শক্তি — ৰাষ্ট্ৰ শক্তি 🇮🇳
আপোনাৰ উপস্থিতিয়ে অনুষ্ঠানটি অধিক সফল কৰি তুলিব।

#ত্ৰিৰংগাযাত্ৰা #পদযাত্ৰা #যুৱশক্তিৰাষ্ট্ৰশক্তি #বৰপেটা #দেশপ্ৰেম

অসমৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱপ্ৰজন্মৰ সৱলীকৰণৰ দিশত অসম চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ! 🎓​মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ...
12/08/2026

অসমৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱপ্ৰজন্মৰ সৱলীকৰণৰ দিশত অসম চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ! 🎓
​মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যিক কেবিনেটে 'মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি'ৰ বাবে ১১৮.৫৮ কোটি টকাৰ অনুমোদন জনাইছে। অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ আৰম্ভ হ'ব এই আঁচনি।

যুৱপ্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি সদায় দায়বদ্ধ! 🇮🇳

ভাৰতৰ স্বাধীনতা দিৱস উদযাপনৰ অংশ স্বৰূপে, দেশৰ সাংসদসকলৰ উদ্যোগত এখন বৃহৎ 'ত্ৰিৰংগা যাত্ৰা' (বাইক ৰেলী) উলিওৱা হয়। সন্ম...
12/08/2026

ভাৰতৰ স্বাধীনতা দিৱস উদযাপনৰ অংশ স্বৰূপে, দেশৰ সাংসদসকলৰ উদ্যোগত এখন বৃহৎ 'ত্ৰিৰংগা যাত্ৰা' (বাইক ৰেলী) উলিওৱা হয়। সন্মানীয় উপৰাষ্ট্ৰপতি CP Radhakrishnan দেৱে এই ৰেলীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

🌱 আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ আন্তৰিক শুভেচ্ছা।যুৱ শক্তিয়েই দেশৰ ভৱিষ্যৎ।আহক, একত্ৰিত হৈ এখন শক্তিশালী, সমৃদ্ধ আৰু আত্মনিৰ...
12/08/2026

🌱 আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ আন্তৰিক শুভেচ্ছা।

যুৱ শক্তিয়েই দেশৰ ভৱিষ্যৎ।
আহক, একত্ৰিত হৈ এখন শক্তিশালী, সমৃদ্ধ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলোঁ। 🇮🇳

যুৱ শক্তি • ৰাষ্ট্ৰ শক্তি
BJYM Barpeta

বিশ্ব হাতী দিৱসৰ আন্তৰিক শুভেচ্ছা। 🐘🌿হাতী কেৱল আমাৰ প্ৰাকৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ নহয়, ই আমাৰ পৰিৱেশ তন্ত্ৰৰো এক ...
12/08/2026

বিশ্ব হাতী দিৱসৰ আন্তৰিক শুভেচ্ছা। 🐘🌿

হাতী কেৱল আমাৰ প্ৰাকৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ নহয়, ই আমাৰ পৰিৱেশ তন্ত্ৰৰো এক গুৰুত্বপূৰ্ণ অংগ। হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে মানুহ আৰু হাতীৰ মাজত শান্তিপূৰ্ণ সহাৱস্থান নিশ্চিত কৰাটো আমাৰ সকলোৰে দায়িত্ব।

আহক, হাতীৰ বাসস্থান সংৰক্ষণ কৰোঁ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই মহামূল্যবান বন্যপ্ৰাণীক সুৰক্ষিত কৰি ৰাখোঁ। 🌱🐘

#বিশ্ব_হাতী_দিৱস

Address

Barpeta District
Barpeta
781301

Website

Alerts

Be the first to know and let us send you an email when BJYM Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share