Jalal Uddin

Jalal Uddin President at Muslim Students Union Of Assam.

Serving the community with passion and dedication.Working towards empowering YOUTH, promoting EDUCATION, and Advocating for Social justice.

বিশ্ব পৰিবেশ দিৱসৰ শুভেচ্ছা বাৰ্তাআজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সুস্থ, সেউজীয়া আ...
05/06/2026

বিশ্ব পৰিবেশ দিৱসৰ শুভেচ্ছা বাৰ্তা

আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সুস্থ, সেউজীয়া আৰু বাসযোগ্য পৃথিৱী গঢ়ি তোলাৰ বাবে পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষা আমাৰ সকলোৰে নৈতিক দায়িত্ব।

আহক, আমি সকলোৱে গছ-গছনি ৰোপণ, প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ আৰু দূষণমুক্ত পৰিবেশ গঢ়াৰ বাবে একেলগে কাম কৰোঁ। পৰিবেশ সুৰক্ষিত থাকিলেহে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী এৰি যাব পাৰিম।

পৰিবেশ বচাওঁ, জীৱন বচাওঁ।

ধন্যবাদেৰে,

জালাল উদ্দিন
সভাপতি
মুছলিম ছাত্ৰ সন্থা অসম

Malviya Nagar Massive fire swept through a hotel building 21 lives lostOur heartfelt condolences to the families of thos...
04/06/2026

Malviya Nagar

Massive fire swept through a hotel building

21 lives lost

Our heartfelt condolences to the families of those who lost their loved ones.

03/06/2026

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহম্মেদ ৰ মৃত‍্যুৰ খবৰ অসত‍্য॥ #ছিদ্দিক_আহম্মেদ

Date-03/06/2026শোকবাৰ্তাৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃৰ মৃত্যুৰ খবৰ পাই আমি গভীৰভাৱে মৰ্ম...
03/06/2026

Date-03/06/2026
শোকবাৰ্তা

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃৰ মৃত্যুৰ খবৰ পাই আমি গভীৰভাৱে মৰ্মাহত হৈছোঁ।

প্ৰয়াতা মাতৃৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। এই শোকৰ সময়ত অখিল গগৈ ডাঙৰীয়া আৰু সমগ্ৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুছলিম ছাত্ৰ সন্থা অসমৰ তৰফৰ পৰা আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।

আল্লাহ/ঈশ্বৰে বিদেহী আত্মাক চিৰশান্তি প্ৰদান কৰক আৰু পৰিয়ালবৰ্গক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি দিয়ক।

– মুছলিম ছাত্ৰ সন্থা অসম (MSUA)
Akhil Gogoi

02/06/2026
প্ৰেছ বিবৃতিসাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত সংঘটিত আক্ৰমণৰ তীব্ৰ গৰিহণাজনতাই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰি পঠোৱা এজন সাংসদক ...
31/05/2026

প্ৰেছ বিবৃতি
সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত সংঘটিত আক্ৰমণৰ তীব্ৰ গৰিহণা

জনতাই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰি পঠোৱা এজন সাংসদক এনেদৰে জনসমাগত আক্ৰমণ কৰা ঘটনা কোনো পৰিস্থিতিতেই গ্ৰহণযোগ্য নহয়। এনে কাৰ্য কেৱল এজন জনপ্ৰতিনিধিৰ ওপৰত আক্ৰমণ নহয়, ই গণতান্ত্ৰিক মূল্যবোধ আৰু ভাৰতীয় সংবিধানৰ মৰ্যাদাৰ ওপৰত এক প্ৰত্যক্ষ আঘাত।

অভিষেক বেনাৰ্জীৰ ওপৰত সংঘটিত এই আক্ৰমণৰ ঘটনাক মুছলিম ছাত্ৰ সন্থা অসম (MSUA)-এ তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। সংগঠনটোৱে দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ঘটনাটোৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ আৰু স্বচ্ছ তদন্তৰ জৰিয়তে প্ৰকৃত সত্য উদঘাটনৰ দাবী জনাইছে।

গণতান্ত্ৰিক সমাজত মতানৈক্য থাকিব পাৰে, কিন্তু হিংসা, আক্ৰমণ আৰু অশান্তিৰ জৰিয়তে কোনো সমস্যাৰ সমাধান সম্ভৱ নহয়। গণতন্ত্ৰৰ মূল শক্তি হৈছে যুক্তি, সহনশীলতা আৰু শান্তিপূৰ্ণ মত প্ৰকাশ। সেয়ে আইন-শৃংখলা অক্ষুণ্ণ ৰাখি গণতান্ত্ৰিক পৰম্পৰা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সকলো পক্ষকে সংযম আৰু দায়িত্বশীল আচৰণ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনোৱা হৈছে।

জালাল উদ্দিন
সভাপতি
মুছলিম ছাত্ৰ সন্থা অসম (MSUA)

পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ।আশা কৰোঁ এই পবিত্ৰ উৎসৱে সকলোৰে মাজত শান্তি, সমন্বয়, ঐক্য আৰু শক্তিশালী ভাতৃত্ববোধ সৃ...
27/05/2026

পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
আশা কৰোঁ এই পবিত্ৰ উৎসৱে সকলোৰে মাজত শান্তি, সমন্বয়, ঐক্য আৰু শক্তিশালী ভাতৃত্ববোধ সৃষ্টি কৰক।
সকলোৰে জীৱন সুখ, সমৃদ্ধি আৰু আনন্দেৰে ভৰি উঠক — এইয়ে মোৰ আন্তৰিক কামনা।

জালাল উদ্দিন
সভাপতি
মুছলিম ছাত্ৰ সন্থা অসম

25/05/2026

24/05/2026

বিবৃতি
কোকৰাঝাৰ কাণ্ডক তীব্ৰ গৰিহণা মুছলিম ছাত্ৰ সন্থা অসম

গুৱাহাটী, ২৪ মে’ :

কোকৰাঝাৰত সংঘটিত শিহৰণকাৰী ঘটনাটোৱে সমগ্ৰ সভ্য সমাজক লজ্জানত কৰিছে। নিষ্পাপ দুইগৰাকী নাবালিকাৰ ওপৰত সংঘটিত এই বৰ্বৰতামূলক ঘটনাৰ বিৰুদ্ধে আমি গভীৰ ক্ষোভ আৰু তীব্ৰ গৰিহণা প্ৰকাশ কৰিছোঁ।

এনে জঘন্য অপৰাধ কোনো সভ্য সমাজত গ্ৰহণযোগ্য নহয়। এই ঘটনাত জড়িত সকলো দোষীক শীঘ্ৰে কৰায়ত্ত কৰি আইন অনুসৰি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত জোৰ দাবী জনাইছোঁ।

লগতে, ক্ষতিগ্ৰস্ত পৰিয়াল দুটাক চৰকাৰৰ ফালৰ পৰা উপযুক্ত চিকিৎসা সহায়, মানসিক সমৰ্থন আৰু ন্যায়সংগত ক্ষতিপূৰণ আগবঢ়োৱাৰ দাবী জনালোঁ।

সমাজৰ সকলো শ্ৰেণীৰ লোকক এনে অমানৱীয় ঘটনাৰ বিৰুদ্ধে একত্ৰিত হৈ মাত মাতিবলৈ আহ্বান জনাওঁ।

— জালাল উদ্দিন
সভাপতি
মুছলিম ছাত্ৰ সন্থা অসম
-Jalal Uddin





Address

Narengi
Barpeta
781311

Website

Alerts

Be the first to know and let us send you an email when Jalal Uddin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share