Aftadur Ali Khan Fan Club

Aftadur Ali Khan Fan Club Fan Page of Aftadur Ali Khan, Secretary Assam Pradesh Congress Committee.

28/05/2026

২৩ নং চেঙা বিধানসভা সমষ্টিৰ সমূহ ৰাইজ তথা সমগ্ৰ অসমৰ জনসাধাৰণলৈ পৱিত্ৰ ঈদ-উল-আযহাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
ত্যাগ, ভ্রাতৃত্ববোধ আৰু মানবতাৰ মহান বাৰ্তা কঢ়িয়াই অনা এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু কল্যাণ বঢ়াই তুলক। সমাজত সম্প্ৰীতি, একতা আৰু পাৰস্পৰিক সৌহাৰ্দ্য অধিক দৃঢ় হওক — এইয়াই মোৰ আন্তৰিক কামনা।
সকলোকে পুনৰ এবাৰ ঈদ মোবাৰক। ✨

ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন।৮৮ নং কাছুমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছুমাৰা এনছি গাঁওৰ কৰ্মৰত শিক্ষক তথা সমাজ...
07/05/2026

ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন।
৮৮ নং কাছুমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছুমাৰা এনছি গাঁওৰ কৰ্মৰত শিক্ষক তথা সমাজকৰ্মী মৌলনা হাবেল উদ্দিন চাহাবে আজি শেষ নিশ্বাস ত্যাগ কৰে। মহান আল্লাহ তালাৰ ওচৰত মৃতকৰ ৰূহৰ মাগফিৰাত কামনা কৰোঁ আৰু তেখেত জান্নাতবাসী হোৱাৰ কামনা কৰিলোঁ । লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

05/05/2026

চেঙা বিধানসভা সমষ্টিৰ সকলো জনসাধাৰণলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।
এই নিৰ্বাচনত মই জয়লাভ কৰিব নোৱাৰিলেও, আপোনালোক সকলোৱে দেখুওৱা মৰম, সমৰ্থন আৰু বিশ্বাস মোৰ বাবে অমূল্য। আপোনালোকৰ এই ভালপোৱা মোৰ জীৱনৰ এক ডাঙৰ শক্তি হৈ থাকিব। মই সদায়ে চেঙা সমষ্টিৰ জনসাধাৰণৰ ওচৰত ঋণী হৈ থাকিম।
মই আপোনালোকক আশ্বাস দিছোঁ—ফলাফল যিয়েই নহওক, চেঙা সমষ্টিৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে মোৰ প্ৰচেষ্টা আগলৈও অব্যাহত থাকিব।
শেষত, জয়ী প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনালোঁ। তেওঁ সফলভাৱে সমষ্টিৰ সেবা কৰিব বুলি আশা ৰাখিছোঁ।
ধন্যবাদ সকলোকে 🙏

আজি মোৰ জীৱনৰ এক বিশেষ দিন। মোৰ পিতৃ, প্ৰয়াত লিয়াকত আলী খান ডাঙৰীয়াৰ জন্মদিনত তেখেতক গভীৰ সন্মান আৰু অশেষ শ্ৰদ্ধাৰে স...
01/05/2026

আজি মোৰ জীৱনৰ এক বিশেষ দিন। মোৰ পিতৃ, প্ৰয়াত লিয়াকত আলী খান ডাঙৰীয়াৰ জন্মদিনত তেখেতক গভীৰ সন্মান আৰু অশেষ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

তেওঁ কেৱল চেঙা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক নাছিল—তেওঁ আছিল জনতাৰ কণ্ঠস্বৰ, দুখীয়া-দৰিদ্ৰৰ ভৰসা, আৰু সমাজৰ বাবে এক অবিচল যুঁজাৰু নেতা। মানুহৰ অধিকাৰ, ন্যায় আৰু উন্নয়নৰ বাবে তেওঁ যি আদৰ্শ আৰু মূল্যবোধেৰে জীৱন পাৰ কৰিলে, সেয়া আজি মোৰ বাবে পথপ্ৰদৰ্শক।

আজিও তেওঁ নাথাকিলেও, তেওঁৰ চিন্তা-চেতনা, তেওঁৰ আদৰ্শ আৰু মানুহৰ বাবে কৰা ত্যাগ মোৰ প্ৰতিটো পদক্ষেপত মোক পথ দেখুৱাই আছে। তেওঁৰ দেখুওৱা পথতেই আগবাঢ়ি গৈ, জনসেৱাত নিজকে উৎসৰ্গ কৰাৰ সংকল্প পুনৰ দৃঢ় কৰিলোঁ।

এই দিনটোত মই তেওঁলৈ সশ্ৰদ্ধ প্ৰণাম জনাই, আল্লাহৰ ওচৰত দোৱাঁ কৰোঁ যাতে তেওঁৰ আত্মা চিৰশান্তিত থাকে।

"মানুহৰ বাবে জীৱন উৎসৰ্গ কৰা মানুহ কেতিয়াও মৰি নাযায়, তেওঁ সদায় আমাৰ হৃদয়ত জীৱিত।"

খোলাবান্ধা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নবিৰ হুছেইনৰ আকস্মিক মৃত্যুত গভীৰভাবে শোকাহত। তেওঁ এজন অভিজ্ঞ নেতা আৰু এজন নিষ্...
29/04/2026

খোলাবান্ধা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নবিৰ হুছেইনৰ আকস্মিক মৃত্যুত গভীৰভাবে শোকাহত। তেওঁ এজন অভিজ্ঞ নেতা আৰু এজন নিষ্ঠাৱান সমাজকৰ্মী আছিল। তেওঁৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি।

তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু অনুগামীসকললৈ মোৰ আন্তৰিক সমবেদনা জনালোঁ। আল্লাহে তেওঁক জান্নাত নছিব কৰক আৰু পৰিয়ালবৰ্গক এই সময়ত ধৈৰ্য্য ধাৰণ কৰাৰ শক্তি দিয়ক।

বৰবিলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম ডাঙৰীয়া বৃক্ক ৰোগত আক্ৰান্ত হৈ Dispur Polyclinic Hospital ত (অস্ত্ৰোপ...
15/04/2026

বৰবিলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম ডাঙৰীয়া বৃক্ক ৰোগত আক্ৰান্ত হৈ Dispur Polyclinic Hospital ত (অস্ত্ৰোপচাৰ) কৰি চিকিৎসাধীন হৈ আছে। আজি চিকিৎসালয়ত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লওঁ।
Aftadur Ali Khan

চকাবাউসী গাওঁৰ গাঁওবুঢ়া ইব্ৰাহিম আলী মিৰ্দা আজি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি গল। তেখেতৰ জানাজা নামাজ আজি জহোৰ বাদ ১:...
13/04/2026

চকাবাউসী গাওঁৰ গাঁওবুঢ়া ইব্ৰাহিম আলী মিৰ্দা আজি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি গল। তেখেতৰ জানাজা নামাজ আজি জহোৰ বাদ ১:৩০ বজাত অনুষ্ঠিত কৰা হ'ব। তেখেতক আল্লাই জান্নাত নছিব কৰক তাৰে কামনা কৰিলোঁ।

পক-দ বিল পথাৰ গাঁওৰ ইমান আলী খান (মহৰী) আজি অলপ সময় আগতে মৃত্যু বৰণ কৰিছে(ইন্নালিল্লাহি ওয়া ইলাইহি ৰাজিউন) তেখেতৰ পৰিয...
12/04/2026

পক-দ বিল পথাৰ গাঁওৰ ইমান আলী খান (মহৰী) আজি অলপ সময় আগতে মৃত্যু বৰণ কৰিছে
(ইন্নালিল্লাহি ওয়া ইলাইহি ৰাজিউন) তেখেতৰ পৰিয়ালবৰ্গ আৰু আত্মীয়স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ ৰূহৰ মাগফিৰাত আৰু জান্নাতবাসীৰ কামনা কৰিলোঁ।

Address

Chenga LAC
Barpeta

Website

Alerts

Be the first to know and let us send you an email when Aftadur Ali Khan Fan Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share