01/02/2026
জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে তেখেত হৈছে অক্লান্ত আৰু দূৰদৰ্শী নেতৃত্বৰ প্ৰতীক। জনসেৱাক জীৱনৰ মূল লক্ষ্য হিচাপে লৈ স্বাস্থ্য, শিক্ষা, আন্ত:গাঁথনি উন্নয়ন, আইন-শৃংখলা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত তেখেতে অসমক এক নতুন দিশ দেখুৱাইছে।
মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ নেতৃত্বতেই অসমে এতিয়া উন্নয়নৰ পথত নতুন ৰূপত আগবাঢ়িছে। তেখেতৰ দৃঢ় সংকল্প আৰু অদম্য ইচ্ছাশক্তিৰ ফলত আগন্তুক দিনতো অসম উন্নয়নৰ নতুন শিখৰত উপনীত হ'ব বুলি আমি দৃঢ় বিশ্বাসী। এই বিশেষ দিনটোত ভগৱানৰ ওচৰত তেখেতক কুশলে ৰখাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। অসমৰ বিকাশ আৰু প্ৰগতিৰ স্বপ্ন পূৰণৰ যাত্ৰাত তেখেতৰ নেতৃত্ব সদায় জনতাৰ বাবে আশাৰ পোহৰ হৈ থাকক ~ এয়াই মোৰ আন্তৰিক কামনা।
শুভ জন্মদিন, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। 🙏
Himanta Biswa Sarma
CMO Assam