18/08/2026
যোৱা ১৫ আগষ্ট ২০২৬ তাৰিখে পানবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত অত্যন্ত উলহ-মালহেৰে উদযাপন কৰা হয় আমাৰ গৌৰৱোজ্জ্বল ৮০ সংখ্যক স্বাধীনতা দিৱস। দেশপ্ৰেমৰ বাৰ্তা আৰু এক উন্নত চিন্তাধাৰাক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে পতাকা উত্তোলন, কুইজ প্ৰতিযোগিতা আৰু খেল-ধেমালিৰ লগতে বিজয়ীসকলক বঁটা তথা পুৰস্কাৰ বিতৰণ কৰা হয়।
নতুন প্ৰজন্মক উৎসাহ যোগোৱাৰ এই মহৎ প্ৰয়াসত সহযোগিতা আগবঢ়োৱা আৰু উপস্থিত থাকি অনুষ্ঠানটি সফল কৰি তোলা প্ৰতিজন ব্যক্তিলৈ পানবাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা জনালো আন্তৰিক ধন্যবাদ!