07/08/2026
কালি কেন্দ্ৰীয় কেবিনেটে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৩৫.৮৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ চাৰি লেনযুক্ত কৰি নিৰ্মাণত অনুমোদন জনায় ৮,৯৭০ কোটি টকা ব্যয়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই পথটি নিৰ্মাণৰ পিছত ৰাজ্যৰ যাতায়াত ব্যৱস্থা অধিক দ্ৰুত, সুৰক্ষিত আৰু আধুনিক কৰি তুলিব। অসমৰ যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ লোৱা এই পদক্ষেপৰ বাবে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।