22/07/2024
আজি সংবাদমেল,সামাজিক মাধ্যম আৰু ইমেইল যোগে চি পি আই (এম-এল) ৰাজ্যিক সমিতিৰ জৰিয়তে নিৰ্বাচন আয়োগ ভাৰত চৰকাৰলৈ এক স্মাৰক পত্ৰ।
To
The Chief Election Commissioner of India
Nirvachan Sadan
Ashoka Road
New Delhi 110001
Dated:-
বিষয়: অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ ভোট গ্রহণ অক্টোবৰ মাহৰ শেষৰ ভাগত অনুষ্ঠিত কৰাৰ দাবীত স্মাৰক পত্র প্ৰদান।
মহোদয়
সন্মান গ্রহণ কৰিব। যোৱা ২০ জুলাই, ২৪ তাৰিখে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে অসমৰ স্থানীয় সংবাদ মাধ্যম সমূহত ৫ চেপ্তেম্বৰত অসমৰ ৫ টা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গ্রহণ অনুষ্ঠিত হব বুলি প্ৰকাশ পাইছে। আমি চিপিআই(এম এল) দলৰ অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা এই সম্পর্কত আপোনাৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰিছো।
প্ৰথমতে, মহোদয়, অসমৰ মুঠ ৫ টি বিধানসভা সমষ্টিৰ উপ নির্বাচন অনুষ্ঠিত হব লগা এটা সমষ্টি হৈছে বিহালী সমষ্টি। আপোনাক জনাব বিচাৰো যে, উত্তৰ অসমৰ ভিতৰত সৰ্বাধিক ক্ষুদ্র চাহ খেতিয়কৰ সমষ্টি হৈছে বিহালী সমষ্টি। সমষ্টিটোৰ প্ৰায় ৬০ শতাংশতকৈ অধিক লোকে কেৱল এই চাহ খেতিৰ ওপৰতে জীবন নিৰ্বাহ কৰে।
আপোনাক জনাও যে অসমৰ কেঁচা চাহ পাতৰ উৎপাদনৰ প্ৰায় ২০% এই ক্ষুদ্র চাহ বাগিচা সমূহেই যোগান ধৰে। এই বছৰৰ আৰম্ভণিৰ মাহ-মাৰ্চ, এপ্রিল, মে মাহত কেঁচা পাতৰ উৎপাদন যথেষ্ট কম আছিল আৰু খেতিয়কসকল লোকচানৰ মুখামুখি হ'বলগীয়াত পৰিছিল। এতিয়া বৰষুণ স্বাভাবিক হোৱাত উৎপাদন বৃদ্ধি পাইছে। চেপ্তেম্বৰ মাহ চাহ খেতিৰ বাবে গুৰুত্বপূৰ্ণ সময়(pick time)।
এই সময়তেই ক্ষুদ্র চাহ খেতিয়কসকল চাহ খেতিৰ কামত সম্পূৰ্ণ ব্যস্ত হ'বলগীয়া হয়। এনে সময়ত ভোট গ্রহণ অনুষ্ঠিত কৰিলে নিৰ্বাচনী প্ৰচাৰত নাগৰিক তথা ভোটাৰৰ অংশগ্ৰহণ তেনেই সীমিত হৈ পৰিব।
২যয়তে, এই বছৰ সময়মতে বৰষুণ নহাৰ ফলত অসমৰ পৰম্পৰাগত ধানৰ খেতি আগষ্ট মাহলৈকে সম্প্ৰসাৰিত হ'ব।
মহোদয় অসমৰ ৯০% লোকেই কৃষিজীবী। উপ-নিৰ্বাচনৰ ভোট গ্রহণ অনুষ্ঠিত কৰাৰ যি বাতৰি প্ৰকাশ হৈছে সি যদি সত্য হয় তেন্তে এই লোকসকল নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্রহণ কৰিবলৈ সক্ষম নহব।
তৃতীয়তে,,এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এইবাৰ তীব্র গৰম কালত নিৰ্বাচন আয়োগে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভোটৰ হাৰ যথেষ্ট কম হোৱাৰ লগতে নিৰ্বাচনী কামত জড়িত বহু চৰকাৰী বিষয়া - কমৰ্চাৰীৰ মৃত্যু হয়। বহু ৰাজনৈতিক দলৰ কৰ্মীৰ মৃত্যু হয়। আমি আশা কৰিম, উপনিৰ্বাচনন অনুষ্ঠিত কৰোতে নিৰ্বাচন আয়োগে এই ভুলৰ পুনৰাবৃত্তি নকৰিব।
এইটো উল্লেখ কৰা অতিকে জৰুৰী যে অসমত চেপ্তেম্বৰ মাহত গৰম তীব্র হয়। অসমত প্ৰবাদ আছে, কলাখাৰ প্ৰস্তুত কৰিবলৈ চেপ্তেম্বৰ মাহতে কলগছ কাটি শুকুওৱা হয়। সেয়ে চেপ্তেম্বৰ মাহত ভোট গ্রহণ অনুষ্ঠিত কৰিবলৈ বিচৰাৰ অৰ্থ হব সাধাৰণ নিৰ্বাচনৰ ভুলৰ পুনৰাবৃত্তি। ভাৰতৰ নিৰ্বাচন আয়োগে ভোটৰ হাৰ বৃদ্ধি কৰিবলৈ প্ৰতি নিৰ্বাচনৰ সময়ত সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। তেনে অবস্থাত চেপ্তেম্বৰৰ প্রথম সপ্তাহত ভোট গ্রহণ অনুষ্ঠিত কৰিলে নিৰ্বাচন আয়োগে ভোটৰ হাৰ বৃদ্ধি কৰিবলৈ যি সজাগতা চলাই সি প্ৰহসনত পৰিণত নহবনে?আমি বিচাৰো উপ নির্বাচনৰ ভোট গ্রহণ প্ৰক্ৰিয়াত ১০০% লোকে অংশগ্রহণ কৰিবলৈ সুযোগ পাওক।
সেয়ে বিহালী সমষ্টিত ক্ষুদ্র চাহ খেতি কৰি জীবন জীবিকা কৰা ৬০ শতাংশ লোকৰ লগতে
অসমৰ কৃষিজীবী লোকক তেওঁলোকৰ কৃষি কৰ্ম সুকলমে সম্পন্ন কৰিবলৈ নিৰ্বাচন আয়োগে সুবিধা প্রদান কৰক। আৰু অক্টোবৰ মাহৰ শেষৰ সপ্তাহত ভোট গ্রহণ অনুষ্ঠিত কৰি ৫ বিধানসভা সমষ্টিৰ ভোটৰ ৰাইজক গণতন্ত্রৰ উৎসবত অংশগ্রহণ কৰিবলৈ সুযোগ প্ৰদান কৰক।
সেয়ে বিহালী সমষ্টিত ক্ষুদ্র চাহ খেতি কৰি জীবন জীবিকা কৰা ৬০ শতাংশ লোকৰ লগতে
অসমৰ কৃষিজীবী লোকক তেওঁলোকৰ কৃষি কৰ্ম সুকলমে সম্পন্ন কৰিবলৈ নিৰ্বাচন আয়োগে সুবিধা প্রদান কৰক। আৰু অক্টোবৰ মাহৰ শেষৰ সপ্তাহত ভোট গ্রহণ অনুষ্ঠিত কৰি ৫ বিধানসভা সমষ্টিৰ ভোটৰ ৰাইজক গণতন্ত্রৰ উৎসবত অংশগ্রহণ কৰিবলৈ সুযোগ প্ৰদান কৰক।
এয়ে মহোদয়ৰ ওচৰত আমাৰ আবেদন।
বিবেক দাস
সম্পাদক
অসম ৰাজ্যিক সমিতি
চিপিআই(এম এল) লিবাৰেচন
২২ জুলাই, ২০২৪।