01/09/2026
অসম চৰকাৰৰ বিত্ত, পৰিবেশ আৰু বন আদি বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই আজি ইংৰাজী ১ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ আৰু বিহালী সম-জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানপানীৰ ফলত সৃষ্টি হোৱা ক্ষয়-ক্ষতিৰো বুজ লয়।
উল্লেখযোগ্য যে, বিগত দিন কেইটাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বালিজান, ব্রহ্মাজান, ছত্ৰং, সোলেঙী, কুকুৰজান আদি খৰস্ৰোতা নদীৰ বাঢ়নি পানীয়ে বৃহত্তৰ গহপুৰৰ বিভিন্ন অঞ্চলত মথাউৰি ভাঙি বানপানীৰ সৃষ্টি কৰে।
সন্মানীয় মন্ত্ৰী গৰাকীয়ে শোণিতপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়া, গহপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্রীযুত উৎপল বৰা ডাঙৰীয়া আৰু বিহালী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্রীযুত মুনীন্দ্র দাস ডাঙৰীয়া, বিশ্বনাথৰ জিলা আয়ুক্ত শ্ৰীযুতা কৰৱী শইকীয়া কৰণ, অ.অ.সে. মহোদয়াৰ সৈতে গহপুৰৰ ৰাঙলীয়াল গাঁও পঞ্চায়তৰ ঘিমৰুজান, কৃষ্ণপুৰ গাঁও পঞ্চায়তৰ মাগনি কছাৰী গাঁও, গহপুৰ পৌৰসভাৰ ছত্ৰং, সোণাপুৰ গাঁও পঞ্চায়তৰ নলবাৰী-সোণাপুৰ সংযোগী মথাউৰিৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বিস্তাৰিতভাৱে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে দুয়োটা সমষ্টিৰ পৰিদৰ্শনৰ সময়ত বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও যাৱতীয় নিৰ্দেশনা প্রদান কৰে।
সন্মানীয় মন্ত্ৰী গৰাকীৰ আজিৰ পৰিদৰ্শনৰ সময়ত গহপুৰ সম-জিলা আয়ুক্ত শ্ৰীযুত আদিত্য প্ৰতাপ সিং, ভা.প্ৰ.সে., বিহালী সম-জিলা আয়ুক্ত শ্ৰীযুতা কবিতা কাকতি কোঁৱৰ, অ.অ.সে., অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীযুত অসীম বৰগোহাঁই, অ.অ.সে., অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া শ্ৰীযুত চম্পক ডেকা, অ.অ.সে., হেলেম ৰাজহ চক্ৰ বিষয়া শ্ৰীযুতা জাহ্নৱী সোণোৱাল, অ.ভূ.ৰা.সে., জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা শ্ৰীযুত প্ৰাণজিৎ বৰা আৰু বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল।
সন্মানীয় মন্ত্ৰী গৰাকীয়ে পৰৱৰ্তী সময়ত বিহালী বন্যপ্ৰাণী অভয়াৰণ্য পৰিদৰ্শন কৰে আৰু প্ৰস্তাৱিত বৃক্ষৰোপণ অভিযানৰ স্থিতিৰ ওপৰতো পৰ্যালোচনা কৰে।
CMO Assam
Jayanta Mallabaruah
Ranoj Pegu
Ranjit Dutta
Utpal Borah
Munindra Das Bapti
Directorate of Information and Public Relations, Assam
Janasanyog Biswanath